তেজত শৰ্কৰাৰ মাত্ৰা কমাবলৈ একমাত্ৰ উপায় কাৰ্বহাইড্ৰেট গ্ৰহণৰ পৰিমাণ কমোৱাটো নহয়, খাদ্যত প্ৰ’টিন, ফেট আৰু ফাইবাৰ অন্তৰ্ভুক্ত কৰাটো খুব সহায়ক৷ খাদ্যাভ্যাস আৰু ব্যায়ামৰ উপৰি পৰ্যাপ্ত মাত্ৰাত টোপনি আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ দৰে দৈনন্দিন অভ্যাসবোৰেও ৰক্ত শৰ্কৰাৰ মাত্ৰা কমোৱাত তথা স্বাস্থ্যকৰ পৰ্যায় বজাই ৰখাত সহায় কৰে৷ উল্লেখ্য যে ইনছুলিন নামৰ হৰমনে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ খাদ্যাভ্যাসৰ পৰিৱৰ্তন, ব্যায়াম বৃদ্ধি আৰু মানসিক চাপ নিয়ন্ত্ৰণ ইনছুলিনৰ কাৰ্যকৰিভাৱে কাম কৰাত সহায় কৰিব পাৰে৷ খাদ্যত স্বাস্থ্যকৰ ফেট অন্তৰ্ভুক্ত কৰিলে খোৱাৰ সময়ত তেজত শৰ্কৰাৰ মাত্ৰা আকস্মিক বৃদ্ধিক মন্থৰ কৰাত সহায় কৰে৷ ইয়াৰ কাৰণ হ’ল ফেট হজম হ’বলৈ শৰীৰক সময়ত প্ৰয়োজন হয়৷ সেয়ে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত লো-ফেট গাখীৰতকৈও ফুল-ফেট দুগ্ধজাত পণ্য বেছি ভাল৷ আনহাতে চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰিলে বেছ কিছসময়ৰ বাবে পেটভৰ্তি হৈ থাকে৷ ইয়াৰ উপৰি চৰ্বিত ভিটামিন-এ, ডি, ই আৰু ভিটামিন-কেৰ মাত্ৰা চৰ্বিত দ্ৰৱণীয় ভিটামিন শোষণত সহায় কৰে৷ প্ৰতিবিধ খাদ্যত কম পৰিমাণৰ হ’লেও ফেট ৰখাৰ চেষ্টা কৰিব পাৰে৷ যেনে– এভোকাডো, অলিভ অইল, পনিৰ, বাদাম আদি৷ উন্নত মানৰ প্ৰ’টিন গ্ৰহণৰ পৰিমাণ বৃদ্ধি কৰিব৷ চৰ্বিৰ দৰে প্ৰ’টিনো লাহে লাহে হজম হয়৷ ফলত প্ৰ’টিনবিহীন খাদ্যতকৈ ই বেছিসময় ধৰি পেট ভৰাই ৰাখে৷ উদ্ভিদ ভিত্তিক প্ৰ’টিনৰ উৎসবোৰ কেৱল পুষ্টিগুণেৰে সমৃদ্ধ নহয়, বৰং ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত অত্যন্ত কাৰ্যকৰী৷ আনহাতে কাৰ্বহাইড্ৰেট বিভিন্ন প্ৰকাৰৰ হয়, শ্বেতসাৰ, আঁহ আৰু চেনি৷ বিশেষকৈ চেনি খুব দ্ৰুতভাৱে হজম হয়৷ যাৰ ফলত ৰক্ত শৰ্কৰাৰ মাত্ৰা হঠাৎ বাঢ়ি যায়৷ কিন্তু আঁহে শৰীৰত ভিন্নভাৱে কাম কৰে৷ ফাইবাৰ হ’ল উদ্ভিদৰ সেই অংশ, যি সহজে হজম নহয়৷ সেয়ে দীৰ্ঘক্ষণ ধৰি পেট ভৰ্তি ৰখাৰ বাবে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থকাত সহায় কৰে৷ উল্লেখ্য যে ডায়েবেটিছ ৰোগীয়ে খাদ্য তালিকাৰ পৰা কাৰ্বহাইড্ৰেট সম্পূৰ্ণৰূপে বাদ দিয়াৰ প্ৰয়োজন নাই৷ ইয়াৰ বিপৰীতে তেওঁলোকে জটিল কাৰ্বহাইড্ৰেট গ্ৰহণ কৰা বা আঁহযুক্ত খাদ্য খোৱাৰ পৰিমাণ বঢ়োৱা উচিত৷ আঁহ যেতিয়া পৰিপাকতন্ত্ৰত প্ৰৱেশ কৰে, তেতিয়া ই শ্বেতসাৰৰ ভাঙোনৰ গতি কমাই দিয়ে আৰু ৰক্ত শৰ্কৰাৰ শোষণ বিলম্বিত কৰে৷ যাৰ ফলত খাদ্য গ্ৰহণ কৰাৰ পাছত শৰ্কৰাৰ মাত্ৰা হঠাতে বাঢ়ি যোৱা প্ৰতিৰোধ কৰে৷ আনহাতে পৰিশোধিত শৰ্কৰাৰ পৰিৱৰ্তে গোটা শস্য যেনে– বাদামী চাউল, ওটচ, দাইল, শাক-পাচলি আৰু সেউজীয়া সতেজ ফল আদি খালে ডায়েবেটিছ ৰোগীয়ে পৰ্যাপ্ত শক্তি লাভ কৰে৷
উল্লেখ্য যে গুৱাহাটীৰ সোণাপুৰত অৱস্থিত কিডনী হস্পিটেল iUKD হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ আৰু ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল৷ কিডনীৰ ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনীৰ কেঞ্চাৰ, ইউৰিনেৰি ব্লাডাৰত হোৱা কেঞ্চাৰ, যৌনাংগ আৰু অণ্ডকোষৰ কেঞ্চাৰ তথা প্ৰষ্টেটৰ কৰ্কট আৰু লগতে পুৰুষ আৰু মহিলাৰ সকলো প্ৰকাৰৰ যৌন সমস্যা৷ এই আটাইবোৰ ৰোগৰ সু-চিকিৎসাৰ বাবে যোগাযোগ কৰক গুৱাহাটীৰ সোণাপুৰত থকা iUKDৰ সৈতে৷ উল্লেখ্য যে কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো জটিল অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কিডনী হস্পিটেল iUKDত অত্যাধুনিক লেজাৰ আৰু লেপাৰ’স্কপিক ছাৰ্জাৰীৰ লগতে ৰব’টিক ছাৰ্জাৰীও উপলব্ধ৷ যোগাযোগৰ বাবে ফোন নম্বৰ ঃ 8011501833, 9864104444. iUKDৰ ঠিকনা ঃ Kidney Hospital, iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.
প্ৰাকৃতিকভাৱে দেহত ৰক্ত শৰ্কৰাৰ মাত্ৰা কিদৰে কমাব ?ডায়েবেটিছ কিডনীজনিত ৰোগৰ অন্যতম কাৰণ

