iUKDৰ উদ্যোগত সশস্ত্ৰ সীমা বল, সোণাপুৰৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Nov 14, 2025 | Uncategorized

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKF আৰু সশস্ত্ৰ সীমা বল, সোণাপুৰৰ [এছ এছ বি] সহযোগত যোৱা ১২ নৱেম্বৰ, ২০২৫, বুধবাৰে সোণাপুৰত থকা এছ এছ বিৰ কেম্পাছত অনুষ্ঠিত হয় কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৫৮সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত শিবিৰত ২১গৰাকী এছ এছ বি জোৱান তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয়৷ শিবিৰৰ আৰম্ভণিতে কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগ সম্পৰ্কে বিস্তাৰিতভাৱে ব্যাখ্যা তথা এই ৰোগৰ বিৰুদ্ধে সজাগতা তথা সচেতনতাৰ বিষয়ে শিবিৰত অংশগ্ৰহণ কৰা বিশেষজ্ঞ চিকিৎসকে ৰোগীসকলক বুজাই কয়৷ সোণপুৰৰ এছ এছ বিৰ চৌহদত আয়োজিত এই বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক iUKDৰ ফালৰ পৰা চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ কিডনীজনিত ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিয়াৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়৷ উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা আমাৰ নেতৃত্বত বিশেষজ্ঞ চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰকে ধৰি প্ৰত্যন্ত অঞ্চললৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷