কিডনীৰ পাথৰৰ পৰা সুৰক্ষা : আপোনাৰ প্লেটেই হওক প্ৰথম হাতিয়াৰ

Aug 8, 2026 | Heath Tips

কিডনীৰ পাথৰ (Kidney Stone) বৰ্তমান সময়ত এক সাধাৰণ স্বাস্থ্য সমস্যা হৈ পৰিছে, য’ত কম বয়সীয়া লোকো আক্ৰান্ত হৈছে। কম পানী সেৱন, দীৰ্ঘসময় প্ৰস্ৰাৱ চেপি ৰখা আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসেই ইয়াৰ প্ৰধান কাৰণ। সঠিক খাদ্যাভ্যাসেৰে এই সমস্যা বহু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰি।
নিয়মিতভাৱে খাব লাগে:
• দৈনিক ৮-১০ গিলাচ পানী
• কমলা, নেমু আদি চাইট্ৰাছ ফল (Vitamin C ৰ ভাল উৎস)
• পটাছিয়াম যুক্ত খাদ্য – কল, ডাবৰ পানী
• কম চৰ্বিযুক্ত Protein – কণী, মাছ, মগু দাইল, পনীৰ
• ব্ৰকলি, ফুলকবিৰ দৰে ফাইবাৰযুক্ত শাক-পাচলি
সীমিত ৰাখিব বা পৰিহাৰ কৰিব লাগে:
• উচ্চ Oxalate যুক্ত খাদ্য – পালেং শাক, বাদাম, চকলেট, কফি
• অতিৰিক্ত নিমখ আৰু Processed খাদ্য
• Cola আৰু চেনিযুক্ত পানীয়
• Red Meat আৰু Organ Meat
পিঠি, কঁকাল বা তলপেটৰ বিষ, প্ৰস্ৰাৱত সমস্যা আদি লক্ষণ দেখা দিলে পলম নকৰি বিশেষজ্ঞৰ পৰামৰ্শ লওক।
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেল iUKD-ত সপ্তাহৰ প্ৰতিটো দিনতে পাব অভিজ্ঞ চিকিৎসকৰ সেৱা।
পঞ্জীয়নৰ বাবে যোগাযোগ কৰক:
8011501833, 9864104444
Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam – 782402