চেনি ‘হোৱাইট পয়জন’! আৰু গুৰ ? ডায়েবেটিছ ৰোগীয়ে চেনি খাব নে গুৰ

Aug 5, 2026 | Heath Tips

অতিৰিক্ত চেনি খোৱাটো শৰীৰৰ বাবে অতি ক্ষতিকাৰক৷ অতিৰিক্তভাৱে চেনি খোৱাৰ ফলত ওজন বৃদ্ধিৰ সমস্যা, ডায়েবেটিছ, হৃদৰোগ আদিৰ দৰে গুৰুতৰ সমস্যাই দেখা দিব পাৰে৷ অত্যধিক তথা পৰিমাণতকৈ চেনি বেছি খোৱাৰ ফলত অতিৰিক্ত কেলৰি জমা হৈ শৰীৰৰ ওজন দ্ৰুতভাৱে বৃদ্ধি পাব পাৰে৷ তেজত ইনছুলিন কাৰ্যক্ষমতা হ্ৰাস পায়৷ যাৰ ফলত ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’ব পাৰে৷ অধিক মাত্ৰাত চেনি খোৱাৰ ফলত মুখৰ বেক্টেৰিয়াই চেনি খাই দাঁতৰ পচন তথা দাঁতৰ ফুটা কৰি পাছলৈ দাঁতৰ ক্ষয়প্ৰাপ্ত হ’ব পাৰে৷ চেনি খোৱাৰ বাবে শৰীৰক সোনকালে শক্তি যোগান ধৰিলেও অলপ সময়ৰ পাছতে ভাগৰ আৰু দুৰ্বলতা অনুভৱ হয়৷ আনহাতে অত্যধিক চেনি সেৱনে মনৰ অৱস্থা বেয়া কৰে৷ ইয়াৰ ফলত মনত উদাসীনতা তথা দুশ্চিন্তাৰ ভাব বৃদ্ধি কৰে৷ চেনিয়ে কম সময়ৰ অথবা দীৰ্ঘম্যাদী উভয় ক্ষেত্ৰতে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷ চেনি মানৱ শৰীৰৰ বাবে বেয়া হোৱাৰ প্ৰাথমিক কাৰণবোৰৰ মাজত এটা হ’ল শৰীৰৰ ওজন বৃদ্ধিত ইয়াৰ ভূমিকা৷ যেতিয়া চেনিযুক্ত খাদ্য বা পানীয় গ্ৰহণ কৰা হয়, তেতিয়া খালী কেলৰি গ্ৰহণ কৰা হয়, যি কোনো পুষ্টিৰ মান প্ৰদান নকৰে৷ এই অতিৰিক্ত কেলৰিবোৰ চৰ্বি হিচাপে শৰীৰত জমা হৈ পাছত শৰীৰৰ ওজন বৃদ্ধি সহায়ক হয়৷ উচ্চ চেনিযুক্ত খাদ্য গ্ৰহণ কৰাৰ ফলত শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা দ্ৰুত বৃদ্ধি পায়৷ ইয়াৰ বাবে শৰীৰ ক্লান্ত, খিংখিঙিয়া স্বভাৱৰ হয়৷ ৰক্ত শৰ্কৰাৰ উঠা-নমাৰ বাবে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা এশ শতাংশ থাকে৷ অত্যধিক চেনিযুক্ত খাদ্যই প্ৰদাহ হ’ব পাৰে উচ্চ ৰক্তচাপ আৰু উচ্ছতৰ ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা, যিবোৰ হৃদৰোগৰ অন্যতম কাৰণ৷ বিশ্ব স্বাস্থ্য সংস্থাই শিশু আৰু বয়স্ক লোকক চেনিযুক্ত পানীয়, কেণ্ডী আৰু চেনিযুক্ত বীজশস্য যথাসম্ভৱ কমকৈ খোৱাৰ পৰামৰ্শ দিছে৷ সংস্থাই কৈছে যে ফল, পাচলি, চেনিযুক্ত খাদ্য আৰু পানীয়ৰ পৰিমাণ আৰু গাখীৰত স্বাভাৱিকভাৱে যুক্ত চেনিৰ বাহিৰে আন চেনিযুক্ত খাদ্য শিশু আৰু বৃদ্ধসকলে নিয়ন্ত্ৰণ কৰা উচিত৷ সংস্থাৰ পৰামৰ্শ হৈছে চেনিৰ পৰা সৰ্বাধিক দহ শতাংশ কেলৰি পাব পৰাকৈ খাদ্য আৰু পানীয় খাব লাগে৷ অধিক চেনিযুক্ত খাদ্য আৰু পানীয়ই শৰীৰৰ ওজন বৃদ্ধি কৰে, মেদবহুলতাৰ সৃষ্টি কৰে, ডায়েবেটিছক সম্ভাৱনা বঢ়ায়৷ উল্লেখ্য যে মানুহৰ সুস্বাস্থ্যৰ বাবে চেনি খোৱাটো প্ৰয়োজনীয়৷ কিন্তু প্ৰকৃততে শৰীৰৰ বাবে প্ৰয়োজনীয় চেনি আমাৰ খাদ্যদ্ৰব্যৰ পৰাই উৎপন্ন কৰি লয়৷ এনে পৰিপ্ৰেক্ষিতত অধিক চেনি খোৱাৰ প্ৰয়োজন নাই৷ আনহাতে অতিৰিক্ত বা নিয়ম মানি নচলি গুৰ খালেও শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা বা ছুগাৰৰ পৰিমাণ বাঢ়ে৷ গুৰত সাধাৰণ চেনিৰ দৰে চুক্ৰোজ আৰু শৰ্কৰা থাকে, যি শৰীৰত প্ৰৱেশ কৰি পাছত গ্লুকজলৈ ৰূপান্তৰিত হয়৷ গুৰ পৰিশোধিত বা বগা চেনিতকৈও কম প্ৰক্ৰিয়াজাত আৰু ইয়াত সামান্য পৰিমাণৰ খনিজ উপাদান থাকে৷ কিন্তু ৰক্ত শৰ্কৰা বঢ়াৰ ক্ষেত্ৰত চেনিৰ দৰে কাম কৰে৷ গুৰৰ গ্লাইচেমিক ইনডেক্স বেছ ওপৰত থাকে বাবে তেজত দ্ৰুতভাৱে শৰ্কৰাৰ বৃদ্ধিত সহায় কৰে৷ যিসকলৰ ডায়েবেটিছ আছে, তেওঁলোকৰ বাবে গুৰ নিৰাপদৰ বিকল্প নহয়৷ গুৰ খোৱাৰ ফলত দ্ৰুতভাৱে ছুগাৰৰ মাত্ৰা বাঢ়িব পাৰে৷ আনহাতে যিসকলৰ ছুগাৰ বা ডায়েবেটিছ নাই, শৰীৰৰ সুস্থতাৰ বাবে নিৰ্দিষ্ট মাত্ৰাত গুৰ খালে উপকাৰ পাব পাৰে৷
উল্লেখ্য যে গুৱাহাটীৰ সোণাপুৰত অৱস্থিত কিডনী হস্পিটেল iUKD হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ আৰু ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল৷ কিডনীৰ ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনীৰ কেঞ্চাৰ, ইউৰিনেৰি ব্লাডাৰত হোৱা কেঞ্চাৰ, যৌনাংগ আৰু অণ্ডকোষৰ কেঞ্চাৰ তথা প্ৰষ্টেটৰ কৰ্কট আৰু লগতে পুৰুষ আৰু মহিলাৰ সকলো প্ৰকাৰৰ যৌন সমস্যা৷ এই আটাইবোৰ ৰোগৰ সু-চিকিৎসাৰ বাবে যোগাযোগ কৰক গুৱাহাটীৰ সোণাপুৰত থকা iUKDৰ সৈতে৷ উল্লেখ্য যে কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো জটিল অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কিডনী হস্পিটেল iUKDত অত্যাধুনিক লেজাৰ আৰু লেপাৰ’স্কপিক ছাৰ্জাৰীৰ লগতে ৰব’টিক ছাৰ্জাৰীও উপলব্ধ৷ যোগাযোগৰ বাবে ফোন নম্বৰ ঃ 8011501833, 9864104444. Hospital Address- Kidney Hospital Institute of Urology and Kidney Diseases (iUKD) Nazirakhat, Sonapur, Guwahati, Assam-782402