বানপানীৰ সময়ত সাৱধান : দূষিত পানীয়ে কৰিব পাৰে আপোনাৰ কিডনীৰ বিপদ

Jul 29, 2026 | Uncategorized

বানপানীৰ সময়ত বিশুদ্ধ খোৱাপানীৰ অভাৱ এক গুৰুতৰ স্বাস্থ্য সমস্যা। দূষিত পানী সেৱনৰ ফলত জণ্ডিচ, কলেৰা, ডায়েৰিয়া, ডিচেণ্ট্ৰিৰ উপৰিও কিডনীৰ ক্ষতি হোৱাৰ আশংকা বাঢ়ে। দূষিত পানীত থকা ক্ষতিকাৰক ৰাসায়নিক আৰু বীজাণুৱে কিডনীৰ চাকনি ক্ষতিগ্ৰস্ত কৰি তেজ পৰিশোধনৰ প্ৰক্ৰিয়াত বাধা সৃষ্টি কৰিব পাৰে।

সাৱধানতাৰ উপায়:

  • বানপানী শুকোৱাৰ পাছত পানী কমেও ২০ মিনিট উতলাই সেৱন কৰক
  • পানী পৰিষ্কাৰ কৰিবলৈ ফিটকিৰি বা হেলজেন টেবলেট ব্যৱহাৰ কৰক, ব্যৱহাৰৰ আধা ঘণ্টাৰ পাছতহে সেৱন কৰক
  • শিশুসকলক সদায় উতলোৱা পানীহে খাবলৈ দিয়ক
  • পেটৰ অসুখ বা ডায়েৰিয়া হ’লে ORS মিহলোৱা পানী সেৱন কৰক
  • লক্ষণ বেছি হ’লে পলম নকৰি ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ যাওক
  • কুঁৱা বা টিউবৱেল ব্লিচিং পাউডাৰেৰে বীজাণুমুক্ত কৰক
  • খোৱাৰ আগত-পাছত চাবোনেৰে হাত ধুওক

কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো সমস্যাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল iUKD-ৰ অভিজ্ঞ Urologist আৰু Nephrologist সপ্তাহৰ প্ৰতিটো দিনে উপলব্ধ।
যোগাযোগ: 8011501833, 9864104444
ঠিকনা: Kidney Hospital, iUKD, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২