সাৱধান ! অতিৰিক্ত মাছ-মাংস সেৱনে কিডনীৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে

Jul 28, 2026 | Uncategorized

অতিৰিক্ত মাংস খালে কিডনীৰ সমস্যা হ’ব পাৰে৷ মাংস অতিৰিক্তকৈ খোৱাৰ ফলত প্ৰ’টিন আৰু পিউৰিন সমৃদ্ধ হোৱাৰ বাবে পৰিপাক হোৱাৰ পাছত কিডনীৰ ওপৰত অতিৰিক্ত চাপ পৰে৷ ইয়াৰ লগতে মাংস সৰহকৈ খোৱাৰ ফলত তেজত ইউৰিয়া আৰু ক্ৰিয়েটিনিনৰ মাত্ৰা বঢ়াই দিয়ে৷ সেয়ে শৰীৰ সুস্থ ৰাখিবলৈ মাংস খোৱাৰ সময়ত কিছু সতৰ্কতা অৱলম্বন কৰা উচিত৷ অতিৰিক্ত প্ৰাণিজ প্ৰ’টিন যেনে– ৰেড মিট বা ৰঙা মাংস খোৱাৰ পৰিমাণ কমাই দি চিকিৎসকৰ পৰামৰ্শমতে খাদ্য তালিকাত মাছ বা উদ্ভিদ প্ৰ’টিন ৰাখিব পাৰে৷ আনহাতে ছচেজ, বেকন, আৰু কেনড বা পেকেটজাত মাংসত উচ্চ মাত্ৰাত ছ’ডিয়াম আৰু প্ৰিজাৰভেটিভ থাকে, যিয়ে কিডনীৰ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ কিডনীৰ ৰোগ থাকিলে মাংস খোৱা সম্পূৰ্ণ নিষেধ নহয় যদিও ৰোগৰ পৰ্যায় আৰু তেজৰ ৰিপ’ৰ্টৰ ওপৰত নিৰ্ভৰ কৰে৷ কিডনীৰ ৰোগ হ’লে প্ৰ’টিনৰ ভাৰসাম্য নষ্ট হয়৷ অতিৰিক্ত প্ৰ’টিন খালে কিডনীৰ ওপৰত চাপ বাঢ়ি যায়৷ সেয়ে ডায়েটিচিয়ানৰ পৰামৰ্শ অনুযায়ী প্ৰ’টিনজাত খাদ্য গ্ৰহণ কৰা অতি প্ৰয়োজন৷ আনহাতে কিডনী ৰোগীয়ে মাছ খাব পাৰে৷ কিন্তু সেয়া অৱশ্যে পৰিমিত পৰিমাণৰ তথা চিকিৎসকৰ পৰামৰ্শ মতে খাব পাৰে৷ মাছত থকা প্ৰ’টিন আৰু ওমেগা ট্ৰি ফেটী এচিড শৰীৰৰ বাবে খুব উপকাৰী৷ ইয়াৰ বিপৰীতে কিডনীৰ কাৰ্যকাৰিতা অনুযায়ী মাছৰ পৰিমাণ আৰু ধৰণ নিৰ্দিষ্ট মাত্ৰাত কৰা অত্যন্ত জৰুৰী৷ তেজত পটাচিয়াম আৰু ফছফৰাছৰ মাত্ৰা স্বাভাৱিক ৰাখিব লাগে৷ যিবোৰ মাছ তুলনামূলকভাৱে কম পটাচিয়াম আৰু ফছফৰাছ থাকে, সেইবোৰ মাছ বেছি নিৰাপদ৷ উচ্চ ৰক্তচাপ থাকিলে কিডনী ক্ষতি নহ’বলৈ অতিৰিক্ত নিমখ বা ছ’ডিয়াম বেছিকৈ থকা খাদ্য এৰাই চলা উচিত৷ আনহাতে পেকেজিং অথবা প্ৰক্ৰিয়াজাত মাছ খোৱীৰ পৰিৱৰ্তে সতেজ, টাজা মাছ খোৱাৰ অভ্যাস কৰিব৷
উল্লেখ্য যে গুৱাহাটীৰ সোণাপুৰত অৱস্থিত কিডনী হস্পিটেল iUKD হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ আৰু ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল৷ আপুনি বাৰু এনেধৰণৰ সমস্যাত ভুগি আছে নেকি? যেনে– কিডনীৰ ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনীৰ কেঞ্চাৰ, ইউৰিনেৰি ব্লাডাৰত হোৱা কেঞ্চাৰ, যৌনাংগ আৰু অণ্ডকোষৰ কেঞ্চাৰ তথা প্ৰষ্টেটৰ কৰ্কট আৰু লগতে পুৰুষ আৰু মহিলাৰ সকলো প্ৰকাৰৰ যৌন সমস্যা৷ এই আটাইবোৰ ৰোগৰ সু-চিকিৎসাৰ বাবে আজিয়েই যোগাযোগ কৰক গুৱাহাটীৰ সোণাপুৰত থকা iUKDৰ সৈতে৷ উল্লেখ্য যে কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো জটিল অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কিডনী হস্পিটেল iUKDত অত্যাধুনিক লেজাৰ আৰু লেপাৰ’স্কপিক ছাৰ্জাৰীৰ লগতে ৰব’টিক ছাৰ্জাৰীও উপলব্ধ৷ যোগাযোগৰ বাবে ফোন নম্বৰ ঃ 8011501833, 9864104444. iUKDৰ ঠিকনা ঃ Kidney Hospital, iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.