ভাত খোৱাৰ সময়ত বা ভাত খায়েই পানী খোৱা উচিতনে? iUKDত পাব যিকোনো কিডনীজনিত ৰোগৰ উপযুক্ত চিকিৎসা

Jul 27, 2026 | Uncategorized

খাদ্য খোৱাৰ সময়ত বা খাদ্য খোৱাৰ আগত তথা পিছত পানী সেৱন কৰিব লাগে নে নালাগে, সেই লৈ যথেষ্ট বাদ-বিবাদ আছে৷ বহুতেই খাদ্যৰ লগতে পানী সেৱন কৰে অথবা ভাত খোৱাৰ পাছতেই পানী খাইহে শান্তি পায় আৰু এই অভ্যাসে পাচন প্ৰক্ৰিয়াত সহায় কৰে বুলি বিশ্বাস কৰে৷ কিন্তু এইদৰে ভাত খাই উঠিয়েই অথবা ভাত খোৱাৰ লগে লগে পানী সেৱন কৰাটো মুঠেও গ্ৰহণযোগ্য তথা স্বাস্থ্য উপযোগী নহয়৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে আমি খোৱা খাদ্য হজম হ’বলৈ প্ৰায় দুঘণ্টা সময়ত লাগে৷ গেষ্ট্ৰিকত এটা নিৰ্দিষ্ট তৰল, কঠিন প্ৰ’পৰ্টন আছে, খাদ্য খোৱাৰ পূৰ্বে পানী খালে খাদ্যবস্তুক পাতল কৰি এই তৰল উপাদান বিঘ্নিত কৰাৰ লগতে হজম প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে৷ সেয়ে খোৱা খাদ্যৰ পূৰ্বে পানী সেৱন কৰাটো একেবাৰে অনুচিত হিচাপে গণ্য কৰা হয়৷ আনহাতে ভাত বা আন খাদ্য গ্ৰহণ কৰি থকাৰ সময়ত লগে লগে পানী সেৱন কৰাৰ ক্ষেত্ৰতো একেই সমস্যাৰ সৃষ্টি হয়৷ তদুপৰি খোৱাৰ ঠিক পাছতেই পানী সেৱন কৰা স্বাস্থ্যৰ পক্ষে উপকাৰী নহয় বুলি পুষ্টিবিদে জানিবলৈ দিছে৷ ইয়াৰ ফলত হজম হ’বলৈ লোৱা প্ৰাকৃতিক সময়ৰ ক্ষেত্ৰত বাধাগ্ৰস্ত হয়৷ সেয়ে খাদ্য খোৱাৰ আগতে আৰু পাছত দুয়ো ক্ষেত্ৰতে অন্ততঃ আধা ঘণ্টাৰ ব্যৱধানৰ পাছতহে পানী সেৱন কৰা স্বাস্থ্যসন্মত৷ অধ্যয়নত দেখা গৈছে যে খাদ্য খোৱাৰ পাছত কিছু ব্যৱধান ৰখাটো অতি প্ৰয়োজন, কাৰণ ইয়াৰ ফলত প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহো শোষণ কৰাত সহায় কৰে৷ খাদ্য খোৱাৰ ঠিক পাছতেই পানী সেৱন কৰাৰ ফলত গেষ্ট্ৰিক ৰস পাতল হোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ লগতে খাদ্য খোৱাৰ অতিৰিক্ত পানী সেৱন কৰিলে হজমৰ বাবে অপৰিহাৰ্য এনজাইমবোৰ পাতল হৈ পৰে৷ ইয়াৰ ফলত পাচন এমজাইমৰ নিঃসৰণ কম হয় আৰু ই পাছলৈ হৃদস্পন্দন বা এচিডিটিৰ সৃষ্টি কৰিব পাৰে৷ উল্লেখ্য যে পাচন প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হ’লে দেহত বহু খাদ্য হজম নোহোৱাকৈ ৰৈ যায়৷ আৰু এই হজম নোহোৱা খাদ্যৰ পৰা গ্লুকজ চৰ্বিলৈ ৰূপান্তৰিত হৈ শৰীৰত জমা হয়৷ এই প্ৰক্ৰিয়াৰ ফলত ইনছুলিনৰ উত্থান হয়৷ যাৰ ফলত শৰীৰৰ তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়৷ ইয়াৰ ফলতেই ডায়েবেটিছ আৰু মেদবহুলতাৰ সমস্যাই দেখা দিয়ে৷ সেয়ে নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ প্ৰতিদিনে অন্ততঃ দুই লিটাৰ পানী সেৱন কৰা অত্যন্ত জৰুৰী৷
আনহাতে পানী যদি প্ৰয়োজনতকৈ বেছি পৰিমাণে সেৱন কৰা হয়¸ শৰীৰৰ কাৰণে অপকাৰ হ’ব পাৰে৷ অতিৰিক্ত পানী সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ অতিৰিক্ত পানী সেৱন কৰাৰ ফলত তেজত ছ’ডিয়ামৰ মাত্ৰা কমি যায়৷ যাৰ বাবে শৰীৰৰ কোষবোৰ ফুলি যায়৷ ইয়াৰ ফলত বমি বমি ভাব, ক্লান্তি, মূৰৰ বিষ, পেশীৰ ক্ৰাম্প, আনকি মগজুও ফুলি যাব পাৰে৷ মনত ৰখা উচিত যে অতিৰিক্ত পানী সেৱনৰ ফলত ছ’ডিয়ামৰ ঘনত্ব মাৰাত্মকভাৱে কমাই দিয়ে৷ যাৰ ফলত ৱাটাৰ ইনটক্সিকেশ্যন বা বিষাক্ততা প্ৰস্তুত কৰে৷ আনহাতে সুস্থ কিডনীয়ে সাধাৰণতে প্ৰতি ঘণ্টাত সৰ্বোচ্ছ ০.৮ৰপৰা এক লিটাৰ পৰ্যন্ত তৰল শৰীৰৰ পৰা বাহিৰ কৰিব পাৰে৷ ইয়াতকৈ বেছি পানী সেৱন কৰিলে কিডনীত অতিৰিক্ত চাপ পৰে, যাৰ বাবে শৰীৰৰ বৰ্জ্য পদাৰ্থ বাহিৰ কৰাত ব্যাঘাত জন্মে৷ কিডনীয়ে প্ৰতিদিনে প্ৰায় ১৫০ৰপৰা ১৮০ লিটাৰ তেজ পৰিশ্ৰুত কৰে, বিষাক্ত পদাৰ্থ আৰু অতিৰিক্ত তৰল অপসাৰণ কৰি শৰীৰক ভাৰসাম্য কৰি ৰাখে৷ এই গুৰুত্বপূৰ্ণ কামটোৰে কিডনীয়ে ৰোগ প্ৰতিৰোধৰ এক প্ৰধান ভূমিকা গ্ৰহণ কৰে৷ এজন প্ৰাপ্তবয়স্ক মানুহে দৈনিক ২.৫ লিটাৰৰ পৰা তিনি লিটাৰ পানী সেৱন কৰা উচিত৷ অৱশ্যে ব্যক্তিবিশেষে পানী সেৱনৰ পৰিমাণটো নিৰ্ভৰ কৰে ওজন, বয়স আৰু শাৰীৰিক পৰিশ্ৰমৰ মাত্ৰাৰ ওপৰত৷ এজন চি কে ডি আক্ৰান্ত ৰোগীয়ে পৰ্যাপ্ত বা নিৰ্দিষ্ট পৰিমাণতকৈ বেছি পানী সেৱন কৰা যাতে নহয়, তালৈ লক্ষ্য ৰাখিব৷
উল্লেখ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ তথা ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল iUKDত আপোনালোকে লাভ কৰিব কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো সমস্যাৰ অত্যাধুনিক আৰু সম্পূৰ্ণ নিৰ্ভৰযোগ্য চিকিৎসা৷ iUKDত কিডনী ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনী, ইউৰিনেৰি ব্লাডাৰ, যৌনাংগ আৰু অণ্ডকোষ তথা প্ৰষ্টেটৰ কৰ্কট, পুৰুষ আৰু মহিলাৰ সকলোপ্ৰকাৰৰ যৌন সমস্যা আদি সকলো সমস্যাৰে চিকিৎসা সেৱা সপ্তাহৰ প্ৰতিটো দিনতে অভিজ্ঞ ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দ্বাৰা লাভ কৰিব৷ iUKDত আপুনি সপ্তাহত প্ৰতিটো দিনতে যেতিয়াই বিচাৰে অভিজ্ঞ ইউৰ’লজিষ্ট ২৪ ঘণ্টাই উপলব্ধ৷
কিডনীজনিত যিকোনো অসুবিধা হ’লে সময় অপব্যয় নকৰি সুচিকিৎসাৰ বাবে শীঘ্ৰে iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷ যোগাযোগৰ বাবে ফোন নম্বৰ ঃ 8011501833, 9864104444. Hospital Address- Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.