নলবাৰীত iUKDৰ ২২২সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

May 28, 2026 | Uncategorized

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত যোৱা ২৭ মে’, ২০২৬, বুধবাৰে নলবাৰীৰ বিজুলী নগৰত অৱস্থিত শান্তি নিৱাস বৃদ্ধাশ্ৰমত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২২২সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত iUKDৰ কেইবাগৰাকীও চিকিৎসক, স্বাস্থ্যকৰ্মী উপস্থিত থাকি কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰাৰ লগতে ৰোগীৰ মাজত কিছু পৰিমাণে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰে৷ উক্ত চিকিৎসা শিবিৰত ৪০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ উল্লেখ্য যে কিডনী হস্পিটেল iUKD-এ আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰলৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ আপোনালোকক জনাব বিচাৰিছোঁ যে সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত এক নতুন ধাৰাৰ সূচনা হৈছে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিডনীজনিত ৰোগত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰি অসমখন এইধৰণৰ জটিল ৰোগৰ পৰা শংকামুক্ত কৰিব পাৰি, তাৰ বাবে আমি জনসাধাৰণৰ মাজত সচেতনতা তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাম কৰি আহিছোঁ৷ আপোনালোকৰো যদি কিডনী-সম্পৰ্কীয় কিবা অসুবিধাই দেখা দিয়ে, তেনেহ’লে পলম নকৰি কিডনী হস্পিটেল সৈতে যোগাযোগ কৰিব পাৰে৷ যোগাযোগৰ ফোন নম্বৰ 8011501833, 9864104444, Hospital Address- Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.