গোলাঘাটৰ মেৰাপানীত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Mar 30, 2026 | Uncategorized

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু ঈদ উপলক্ষে চতুৰ্থ বাৰ্ষিক সম্প্ৰীতিৰ সাংস্কৃতিক সমাৰোহ উদ্যোগত তথা ESKF আৰু মেৰাপানীৰ স্থানীয় ৰাইজৰ সহযোগত যোৱা ২৯ মাৰ্চ, ২০২৬, দেওবাৰে গোলাঘাট জিলাৰ মেৰাপানী টাউনৰ সমন্বয় ক্ষেত্ৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৯৮সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন হয়৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত আমাৰ লগতে iUKDৰ চিকিৎসক ডাঃ সুশীল দেববৰ্মা উপস্থিত থাকি কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰোঁ আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিওঁ৷ আনহাতে ৰোগীৰ মাডত কিছু পৰিমাণে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰোঁ৷ উক্ত চিকিৎসা শিবিৰটোত ৫৫গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰোঁ৷
উল্লেখ্য যে কিডনী হস্পিটেল iUKD-এ আমাৰ তত্ত্বাৱধানত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰলৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ আপোনালোকক জনাব বিচাৰিছোঁ যে সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত এক নতুন ধাৰাৰ সূচনা কৰিছে৷
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিডনীজনিত ৰোগত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰি অসমখন এইধৰণৰ জটিল ৰোগৰ পৰা শংকামুক্ত কৰিব পাৰি, তাৰ বাবে আমি জনসাধাৰণৰ মাজত সচেতনতা তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাম কৰি আহিছোঁ৷ আপোনালোকৰো যদি কিডনী-সম্পৰ্কীয় কিবা অসুবিধাই দেখা দিয়ে, তেনেহ’লে পলম নকৰি কিডনী হস্পিটেল সৈতে যোগাযোগ কৰিব পাৰে৷ যোগাযোগৰ পঞ্জীয়নৰ বাবে ফোন নম্বৰ 8011501833, 9864104444, Hospital Address- Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.