গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ১৮ মাৰ্চ, ২০২৬, বুধবাৰে গুৱাহাটীৰ গড়চুকৰ কটাহবাৰীৰ মেচাৰ্ছ আফ্ৰিন ড্ৰাগছতþ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৯৪সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত iUKDৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মনীষা ঠাকুৰীয়া উপস্থিত থাকি কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰে আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিয়াৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰে৷ উক্ত চিকিৎসা শিবিৰটোত ৩০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ শিবিৰৰ আৰম্ভণিতে শিবিৰত অংশগ্ৰহণ কৰা ৰোগীসকলক কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগ সম্পৰ্কে তথা ইয়াৰ সজাগতা তথা সাৱধানতাৰ বিষয়ে বিশদভাৱে বিৱৰি কোৱাৰ লগতে এই ৰোগৰ বিস্তৃতি ৰোধত কিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই সম্পৰ্কে কিছু আভাস অংশ লোৱা চিকিৎসকে দাঙি ধৰে৷ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ অনাগত দিনতো এইদৰে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি কিডনী সম্পৰ্কীয় ৰোগৰ বিনামূলীয়া চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ৷ সেয়ে এইধৰণৰ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব বিচাৰিলে কিডনী হস্পিটেল iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷
পঞ্জীয়নৰ বাবে ফোন নম্বৰ 8011501833, 9864104444, Hospital Address- Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.
গড়চুকত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

