যোৱা ৫ মাৰ্চ, বৃহস্পতিবাৰ, ২০২৬ তাৰিখে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDত যৌন ৰোগৰ এটা বিৰল অস্ত্ৰোপচাৰৰ সফলতাৰে সম্পন্ন হয়৷ কম বয়সীয়া যুৱকজনে বিয়া পতাৰ দুবছৰমান হৈছে যদিও তেওঁ জীৱনসংগীৰ সৈতে যৌনক্ৰিয়া কৰাত অসমৰ্থ৷ এই ক্ষেত্ৰত যুৱকজন ডায়েবেটিছতো আক্ৰান্ত হোৱা বাবে লিংগৰ উত্থান নোহোৱা, যৌন ইচ্ছা কমি যোৱাৰ বাবে শাৰীৰিক ক্ষেত্ৰত দুৰ্বল আৰু যৌনক্ৰিয়া কৰিবলৈও অসমৰ্থ৷ যাৰ ফলত বিয়াৰ কেইবাবছৰ হোৱাৰ পাছতো যৌনক্ৰিয়া সম্পূৰ্ণ ব্যৰ্থ বাবে সন্তান জন্ম দিবলৈ অপাৰগ৷ যুৱকজনে এইধৰণৰ সমস্যাত ভুগি থাকি পাছত তেওঁৰ ৰোগ নিৰ্মূলৰ উপায় বিচাৰি কিডনী হস্পিটেল iUKDৰ কাষ চাপে আৰু যৌন ৰোগৰ চিকিৎসা কৰে৷ iUKDৰ বিশেষজ্ঞ যৌন চিকিৎসক ডাঃ অনুপ দত্ত বৰুৱাৰ নেতৃত্বত তেওঁক প্ৰথমে ঔষধৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হয়৷ এই পদ্ধতি ফলপ্ৰসূ নোহোৱাত পৰৱৰ্তী সময়ত পি-শ্বট আৰু লিথোট্ৰিপছ পদ্ধতিয়ে চিকিৎসা কৰা হয় যদিও এই চিকিৎসা ব্যৱস্থাতো তেওঁ কোনো সুফল নাপায়৷ পাছত পৰৱৰ্তী চিকিৎসা হিচাপে Penile Prosthesis Implantation অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁৰ যৌন ৰোগৰ চিকিৎসা কৰা হয়৷ iUKDত ৰোগীজনৰ এই অস্ত্ৰোপচাৰ অতি সফলতাৰে সম্পন্ন হয়৷ উল্লেখ্য যে iUKDত সম্পন্ন হোৱা যৌন ৰোগৰ এই অস্ত্ৰোপচাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম তথা বিৰল বুলি গণ্য কৰা হৈছে৷ এই অস্ত্ৰোপচাৰৰ জৰিয়তে যৌন ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত iUKDৰ যৌন ক্লিনিকে বিশেষ স্থান দখল কৰিলে৷
iUKDৰ যৌন চিকিৎসক ডাঃ অনুপ দত্ত বৰুৱাই জনোৱা মতে প্ৰথমে যৌনক্ৰিয়াৰ কৰাৰ ইচ্ছা যোৱাৰ মুহূৰ্তত অৰ্থাৎ লিংগৰ উত্থানৰ সময়ত লিংগৰ ৰক্ত সঞ্চালন বৃদ্ধি পায়৷ তেনে সময়ত সংগীৰ সৈতে যৌনসম্ভোগত লিপ্ত হ’লে সংগীক সুখী কৰিব পৰাৰ লগতে সন্তান জন্ম দিব পৰাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ কিন্তু মানসিক-শাৰীৰিক বিভিন্ন কাৰণত যদি লিংগৰ উত্থানত সমস্যা থাকে, তেনে ক্ষেত্ৰত যৌনক্ৰিয়া অসম্পূৰ্ণ হয়৷ এই সমস্যাৰ বাবে তেনে ৰোগীৰ ৰক্ত সঞ্চালন কৰা অংশৰে অস্ত্ৰোপচাৰৰ জৰিয়তে লিংগৰ মাজেৰে টিউব সুমুৱাই দিয়া হয়, যিয়ে লিংগৰ স্ফিট কৰি ৰখাত সহায় কৰে৷ অপাৰেশ্যনৰ ছমাহমানৰ পাছতে ৰোগীয়ে সম্পূৰ্ণ সুস্থ হৈ আগৰ দৰে যৌনক্ৰিয়া কৰিব পাৰে৷ সাধাৰণতে এই অস্ত্ৰোপচাৰত মাত্ৰ লিংগটো স্ফিট হৈ থকাৰ বাহিৰে বেলেগ অসুবিধা নাথাকে৷ এই অসুবিধা নিৰাময়ৰ বাবে লিংগটো অলপ তল বা ওপৰৰ ফালে বেঁকা কৰি ৰাখিব পাৰে৷ এই পদ্ধতি স্ফিট নোহোৱা তথা যৌনক্ৰিয়াৰ আধাৰুৱা হোৱা সমস্যাৰ এটা স্থায়ী পদ্ধতি৷ বয়স বঢ়াৰ পাছত প্ৰয়োজনীয়তালৈ লক্ষ্য কৰি এই টিউব দুডাল উলিয়াই দিবও পাৰে৷ এই অস্ত্ৰোপচাৰটোক Penile Prosthesis Implantation বুলি কোৱা হয়৷ উক্ত যুৱকজনক iUKDত যৌন ৰোগৰ এই Penile Prosthesis Implantation পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰি বিশেষভাৱে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়৷
ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জনোৱা হয় যে যিকোনো যৌন ৰোগৰ ক্ষেত্ৰত অসুবিধা থাকিলে কিডনী হস্পিটেল iUKDত মাহৰ প্ৰতিটো শনিবাৰে বিনামূলীয়া যৌন চিকিৎসাৰ পৰামৰ্শ সুবিধা উপলব্ধতা আছে৷ সেই অনুসাৰে প্ৰত্যেক শনিবাৰে iUKDত যৌন স্বাস্থ্যৰ বিনামূলীয়া পৰামৰ্শ গ্ৰহণ কৰিব পাৰে৷ তদুপৰি যৌন ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰতো বিশেষ ৰেহাই লাভ কৰিব৷
উল্লেখ্য যে গুৱাহাটীৰ সোণাপুৰস্থিত iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো ৰোগৰ চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে iUKD-এ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ iUKD-এ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য যেনে– মেঘালয়, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মিজোৰাম আদিৰ পৰা অহা কিডনী ৰোগীৰ চিকিৎসাৰ লগতে বিভিন্ন জটিল অস্ত্ৰোপচাৰৰ সফলতাৰে সম্পন্ন কৰি ইতিমধ্যে দেশত সমাদৃত তথা প্ৰশংসিত হৈছে৷ উল্লেখ্য যে যিসকল ব্যক্তিয়ে কিডনীজনিত ৰোগ ভুগি আছে, তেওঁলোকে iUKDৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে৷ হিস্পটেলৰ ঠিকনা– Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২, যোগাযোগৰ ফোন নম্বৰ ঃ 8011501833, 986410444
iUKDত যৌন ৰোগৰ বিৰল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

