গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত নগাঁও জিলাৰ ধিং টাউনত অৱস্থিত নিউ মাতৃ মেডিকেলত যোৱা ২৮ জানুৱাৰী, ২০২৬, বুধবাৰে iUKDৰ বিনামূলীয়া ১৭৭সংখ্যক চিকিৎসা শিবিৰত আমি উপস্থিত থাকি ২০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰোঁ৷ আনহাতে ৰোগীসকলক চিকিৎসাৰ ক্ষেত্ৰত বিধান দিয়াৰ লগতে কিছু পৰিমাণে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰোঁ৷৷ উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি বৃহৎ দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চহৰ-নগৰক সামৰি, প্ৰত্যন্ত অঞ্চললৈ গৈ জনসাধাৰণৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ ৰাইজক চিকিৎসাৰ ক্ষেত্ৰত সেৱা কৰাৰ উদ্দেশ্যে জনাব বিচাৰিছোঁ যে ইতিমধ্যে আমাৰ নেতৃত্বত গুৱাহাটী মহানগৰৰ এপাৰ্টমেণ্টবোৰৰ আৱাসীৰ সুবিধা হোৱালৈ লক্ষ্য ৰাখি এপাৰ্টমেণ্টে এপাৰ্টমেণ্টে কিডনীজনিত ৰোগৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰি আহিছোঁ৷ গতিকে ইচ্ছুক এপাৰ্টমেণ্টৰ আৱাসীয়ে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ বাবে iUKDৰ সৈতে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Kidney Hospital iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২, যোগাযোগৰ ফোন নম্বৰ ঃ 8011501833,9864104444.
ধিঙত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

