বুঢ়ীগাঙত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Jan 29, 2026 | Uncategorized

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু বেচৰকাৰী সংস্থা ‘উদয় এটি সপোন’ৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২৭ জানুৱাৰী, ২০২৬, মঙলবাৰে বিশ্বনাথ জিলাৰ বুঢ়ীগাঙৰ নিজ বাঘমাৰীত অৱস্থিত এম আৰ এ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত iUKDৰ ১৭৬সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সুচাৰুৰূপে সম্পন্ন হয়৷ উক্ত চিকিৎসা শিবিৰটোত আমি উপস্থিত থাকি ৮০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰোঁ আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিয়াৰ লগতে কিছু পৰিমাণে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰোঁ৷ উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰকে ধৰি প্ৰত্যন্ত অঞ্চললৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে ইতিমধ্যে আমাৰ নেতৃত্বত গুৱাহাটী মহানগৰৰ এপাৰ্টমেণ্টবোৰৰ আৱাসীৰ সুবিধা হোৱালৈ লক্ষ্য ৰাখি এপাৰ্টমেণ্টে এপাৰ্টমেণ্টে কিডনীজনিত ৰোগৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰি আহিছোঁ৷ গতিকে ইচ্ছুক এপাৰ্টমেণ্টৰ আৱাসীয়ে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ বাবে iUKDৰ সৈতে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Kidney Hospital iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২, যোগাযোগৰ ফোন নম্বৰ ঃ 8011501833, 9864104444.