প্ৰাগ নিউজত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Nov 20, 2025 | Uncategorized

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত গুৱাহাটী মহানগৰৰ উলুবাৰীস্থিত প্ৰাগ টাৱাৰত প্ৰাগ নিউজৰ কাৰ্যালয়ত যোৱা ১৯ নৱেম্বৰ, ২০২৫, বুধবাৰে সম্পন্ন হয় iUKDৰ ১৬০সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত চিকিৎসা শিবিৰটোত ৪০গৰাকী সাংবাদিক তথা সংবাদকৰ্মী, কৰ্মকৰ্তাক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ শিবিৰৰ আৰম্ভণিতে শিবিৰত অংশগ্ৰহণ কৰাসকলক কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগ সম্পৰ্কে তথা ইয়াৰ সজাগতা তথা সাৱধানতাৰ বিষয়ে বিশেষজ্ঞ চিকিৎসকে পৰামৰ্শ প্ৰদানো কৰে৷
উল্লেখযোগ্য যে আমি সাংবাদিক তথা সংবাদকৰ্মীৰ বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে পোনপ্ৰথমবাৰৰ বাবে মিডিয়া হাউছত পদাৰ্পণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে সাংবাদিকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিহা-পৰামৰ্শ তথা চিকিৎসা সেৱা আগবঢ়াইছোঁ৷ আমাৰ নেতৃত্বত iUKD-এ এইবাৰ বিশেষকৈ গুৱাহাটী মহানগৰীৰ এপাৰ্টমেণ্টবোৰত তথা বিশেষ কিছুমান ঠাইত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজনৰ প্ৰস্তুতি চলাইছে আৰু ইয়াৰ অংশ হিচাপে এইবাৰ প্ৰাগ নিউজত উক্ত চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে৷
উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰকে ধৰি প্ৰত্যন্ত অঞ্চললৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে ইতিমধ্যে আমি গুৱাহাটী মহানগৰৰ এপাৰ্টমেণ্টবোৰৰ আৱাসীৰ সুবিধা হোৱালৈ লক্ষ্য ৰাখি এপাৰ্টমেণ্টে এপাৰ্টমেণ্টে কিডনীজনিত ৰোগৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰি আহিছোঁ৷ গতিকে ইচ্ছুক এপাৰ্টমেণ্টৰ আৱাসীয়ে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ বাবে iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷