iUKDৰ ১৫৭সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

Nov 10, 2025 | Uncategorized

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD উদ্যোগত তথা ESKFৰ সহযোগত যোৱা জ্ঝ নৱেম্বৰ, ২০২৫, দেওবাৰে গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামৰ ওচৰত নালাপাৰাৰ পেৰামাউণ্ট গ্ৰেণ্ড এপাৰ্টমেণ্টত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৫৭সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত কেইবাগৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰা হয় আৰু ৰোগৰ পৰামৰ্শ প্ৰদান কৰা হয়৷ সৰুসজাই ষ্টেডিয়ামৰ ওচৰত নালাপাৰাৰ পেৰামাউণ্ট গ্ৰেণ্ডত আয়োজিত এই বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক iUKDৰ ফালৰ পৰা চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ কিডনীজনিত ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিয়াৰ লগতে কিছু পৰিমাণে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়৷ উল্লেখ্য যে এতিয়াৰে পৰা মহানগৰীৰ এপাৰ্টমেণ্টে এপাৰ্টমেণ্টে কিডনী হস্পিটেল iUKDৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ সেয়ে যিসকল এপাৰ্টমেণ্ট আৱাসীয়ে উক্ত চিকিৎসা শিবিৰ আয়োজনৰ বাবে ইচ্ছা প্ৰকাশ কৰে, তেখেতসকলে iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷ উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা আমাৰ নেতৃত্বত বিশিষ্ট চিকিৎসক তথা অভিজ্ঞ স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰকে ধৰি প্ৰত্যন্ত অঞ্চললৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷