সাৱধানতা অৱলম্বন কৰি পৰিৱেশ-অনুকূলভাৱে পালন কৰক পোহৰৰ উৎসৱ দীপাৱলী
পোহৰৰ উৎসৱ দীপাৱলী সমগ্ৰ দেশতে উলহ-মালহেৰে পালন কৰা হয়। প্ৰাচীন কালৰে পৰা আন্ধাৰ আঁতৰাই পোহৰৰ জ্যোতিৰে ধৰাৰ বুকু আলোকিত কৰাৰ প্ৰতীক হিচাপে মাটিৰ চাকি জ্বলাই কাতি মাহৰ অমাৱস্যা তিথিত দীপাৱলী পালন কৰাৰ পৰম্পৰা চলি আহিছে। প্ৰবাদ অনুসৰি, শ্ৰীৰামচন্দ্ৰই লংকাৰ অধিপতি ৰাৱণক পৰাস্ত কৰি সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ উভতি অহাৰ সময়ত অযোধ্যাবাসীয়ে চাকি-বন্তি জ্বলাই তেওঁক আদৰণি জনাইছিল। সমগ্ৰ অযোধ্যা নগৰী পোহৰেৰে উজলি উঠিছিল আৰু আনন্দ-উল্লাসেৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল। তেতিয়াৰ পৰাই এই উৎসৱ দীপাৱলী হিচাপে পালন কৰি অহা হৈছে।
কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে দীপাৱলী উদ্যাপনৰ নামত আতচবাজী আৰু উচ্চ শব্দৰ ফটকাৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ লগতে মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে। আধ্যাত্মিকতা আৰু পৰম্পৰাৰ পৰিৱৰ্তে কৃত্ৰিমতা আৰু প্ৰদূষণৰ পয়োভৰে পোহৰৰ এই উৎসৱটোৰ প্ৰকৃত তাৎপৰ্য বহু পৰিমাণে ম্লান কৰি পেলাইছে।
উচ্চ শব্দৰ ফটকা আৰু আতচবাজী ফুটোৱাৰ ফলত বায়ুমণ্ডলত ধূলিকণা, সূক্ষ্ম প্ৰদূষক কণা, ছালফাৰ ডাই-অক্সাইড, নাইট্ৰ’জেন অক্সাইড আৰু বিভিন্ন ধাতৱ কণিকাৰ পৰিমাণ বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত বায়ুৰ গুণাগুণ অৱনতি ঘটাৰ লগতে শ্বাস-প্ৰশ্বাসজনিত সমস্যা, চকুৰ জ্বলা-পোৰা আৰু ছালৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ শিশু, বয়োজ্যেষ্ঠ ব্যক্তি আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগা লোকসকল অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে।
দীপাৱলীৰ সময়ত উচ্চ শব্দৰ আতচবাজীয়ে কেৱল মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰাই নহয়, জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ বাবেও আতংকৰ কাৰণ হৈ পৰে। সেয়েহে প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই আতচবাজীৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়। পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত নিৰ্ধাৰিত নীতি-নিয়ম মানি চলাৰ লগতে উচ্চ শব্দৰ আৰু অধিক প্ৰদূষণ সৃষ্টিকাৰী আতচবাজীৰ পৰা আঁতৰি থকা উচিত।
আনহাতে, দীপাৱলীৰ সময়ত ফটকা বা বোমা ফুটোৱাৰ ফলত অগ্নিদগ্ধ হোৱাৰ ঘটনা প্ৰায়ে সংঘটিত হয়। অসাৱধানতাবশতঃ ফটকা ফুটোৱাৰ সময়ত হাত-ভৰি, মুখমণ্ডল অথবা শৰীৰৰ আন অংশ জুয়ে পোৰাৰ লগতে ঘৰ-দুৱাৰ আৰু সম্পত্তিৰো ক্ষতিসাধন হ’ব পাৰে। কেতিয়াবা এনে দুৰ্ঘটনাই প্ৰাণঘাতী ৰূপো ধাৰণ কৰে। সেয়েহে আনন্দৰ এই উৎসৱত অনাকাংক্ষিত দুৰ্ঘটনা এৰাই চলিবলৈ প্ৰতিগৰাকী ব্যক্তিয়ে বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত।
দীপাৱলীত জুয়ে পুৰিলে কি কৰিব?
ফটকা বা আতচবাজীৰ ফলত কোনো ব্যক্তি অগ্নিদগ্ধ হ’লে আতংকিত নহৈ তৎক্ষণাৎ সঠিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাটো অত্যন্ত জৰুৰী।
১. প্ৰথমে জুইৰ উৎসৰ পৰা ব্যক্তিজনক আঁতৰাই নিৰাপদ স্থানলৈ লৈ যাব লাগে।
২. জুয়ে পোৰা অংশত লগে লগে প্ৰায় ২০ মিনিট ধৰি পৰিষ্কাৰ, শীতল বৈ থকা পানী ঢালিব লাগে। বৰফ বা অতি ঠাণ্ডা পানী ব্যৱহাৰ কৰিব নালাগে।
৩. পোৰা অংশত লাগি নথকা আঙঠি, ঘড়ী, ব্ৰেচলেট বা আঁটসাঁট কাপোৰ সাৱধানে আঁতৰাই দিব লাগে। অৱশ্যে ছালৰ সৈতে লাগি থকা কাপোৰ টানি আঁতৰাব নালাগে।
৪. জুয়ে পোৰা অংশত কেতিয়াও বৰফ, টুথপেষ্ট, কলগেট, তেল, ঘিউ, হালধি বা কোনো ধৰণৰ ঘৰুৱা মলম ব্যৱহাৰ কৰিব নালাগে। এনে সামগ্ৰীয়ে আঘাত অধিক জটিল কৰি তুলিব পাৰে।
৫. পোৰা অংশ পৰিষ্কাৰ, নোম নথকা কাপোৰ বা ক্লিং ফিল্মেৰে (প্লাষ্টিকৰ পাতল আৱৰণ) ঢাকি ৰাখিব পাৰি। অৱশ্যে মুখমণ্ডলত ক্লিং ফিল্ম ব্যৱহাৰ কৰিব নালাগে।
৬. পোৰাৰ পৰিমাণ অধিক হ’লে, মুখমণ্ডল, হাত, ভৰি, যৌনাংগ বা গাঁঠিৰ অংশ পুৰিলে, অথবা শ্বাস-প্ৰশ্বাসত অসুবিধা হ’লে পলম নকৰি চিকিৎসালয়লৈ নিব লাগে। গুৰুতৰ অগ্নিদগ্ধৰ ক্ষেত্ৰত জৰুৰী চিকিৎসা সেৱা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।
জুয়ে পুৰিলে খাদ্য গ্ৰহণত বাধা আছেনে?
জুয়ে পোৰাৰ পিছত টেঙাজাতীয় খাদ্য বা কণী খাব নালাগে বুলি সমাজত একাংশ লোকৰ মাজত ভুল ধাৰণা প্ৰচলিত হৈ আহিছে। টেঙা খালে ঘা নুশুকায় অথবা কণী খালে পোৰা অংশৰ ছাল বগা হৈ থাকে বুলি বহুতে বিশ্বাস কৰে। কিন্তু এই ধাৰণাবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।
বৰঞ্চ অগ্নিদগ্ধ ব্যক্তিৰ শৰীৰৰ ক্ষতিগ্ৰস্ত কলা মেৰামতি আৰু আৰোগ্য প্ৰক্ৰিয়াৰ বাবে পৰ্যাপ্ত পুষ্টিৰ প্ৰয়োজন হয়। সুষম খাদ্য, প্ৰ’টিন, ভিটামিন আৰু পৰ্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ কৰাটো উপকাৰী। কণী আৰু ভিটামিন-চি সমৃদ্ধ ফল-মূল, যেনে কমলা, নেমু আদি খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰি। অৱশ্যে ব্যক্তিৰ শাৰীৰিক অৱস্থা আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি খাদ্যৰ তালিকা নিৰ্ধাৰণ কৰা উচিত।
জুয়ে পোৰাৰ ফলত ছালৰ স্বাভাৱিক ৰং সলনি হ’ব পাৰে। এই পৰিৱৰ্তন ছালৰ ৰঞ্জক পদাৰ্থ মেলানিনৰ ক্ষতিৰ সৈতে জড়িত হ’ব পাৰে। আনহাতে, পোৰা অংশ পৰিষ্কাৰকৈ নাৰাখিলে বা অনুচিতভাৱে স্পৰ্শ কৰিলে সংক্ৰমণৰ আশংকা বৃদ্ধি পাব পাৰে। সেয়েহে পোৰা অংশৰ সঠিক যত্ন লোৱা আৰু প্ৰয়োজন অনুসৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী।
সেয়েহে আহক, এইবাৰ দীপাৱলীত উচ্চ শব্দৰ আৰু প্ৰদূষণ সৃষ্টিকাৰী আতচবাজী পৰিহাৰ কৰি, পৰিৱেশৰ ভাৰসাম্য অক্ষুণ্ণ ৰাখি, মাটিৰ চাকি জ্বলাই পৰিৱেশ-অনুকূলভাৱে পোহৰৰ উৎসৱ পালন কৰোঁ। নিজৰ লগতে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ সুৰক্ষাৰ প্ৰতিও সচেতন হওঁ।
ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰ স্পেচিয়েলিটী কিডনী চিকিৎসালয় তথা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ কিডনী চিকিৎসা প্ৰতিষ্ঠান iUKDৰ তৰফৰ পৰা সমূহ ৰাইজলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।

