iUKD ঃ কিডনীজনিত যিকোনো ৰোগৰ সমস্যা সমাধানৰ অন্যতম প্ৰতিষ্ঠান
বহুতৰে ক্ষেত্ৰত ছুইংগাম চোবাই থকাটো এটা অভ্যাস হিচাপে গঢ় লয়৷ কামৰ মাজত অথবা আজৰি সময়তো মুখত ছুইংগাম পাগুলি থাকি কিবা আমেজ অনুভৱ কৰে৷ আমি যি ছুইংগাম চোবাওঁ, ইয়াৰ উপকাৰ অথবা অপকাৰৰ বিষয়ে আপোনালোকে জানেনে? অথবা ছুইংগাম চোবোৱাৰ ফলত কি লাভ হয়, সেই বিষয়ে কিছু জনাব বিচৰা হৈছে৷
ছুইংগাম যদি সঠিক নিয়ম অথবা পৰিমিত পৰিমাণে চোবোৱা হয়, তেনেহ’লে ই দাঁতৰ সুৰক্ষাৰ ক্ষেত্ৰত কিছু পৰিমাণে বিশেষ ভূমিকা ল’ব পাৰে৷ ইয়াৰ বিপৰীতে অতিৰিক্ত পৰিমাণে ছুইংগাম খোৱাৰ অভ্যাসে হাড় অথবা পেশীৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে৷
আনহাতে ছুইংগাম চোবালে মুখৰ লেলাউটিৰ উৎপাদনৰ প্ৰায় দহ গুণ বৃদ্ধি পায়৷ লেলাউটিয়ে মুখৰ ভিতৰত বেক্টেৰিয়াই সৃষ্টি কৰা ক্ষতিকৰ এচিডক নিষ্ক্ৰিয় কৰি দাঁতৰ এনামেলক ৰক্ষা কৰে৷ তদুপৰি লেলাউটিত থকা কেলচিয়াম আৰু ফচফেটে দাঁতৰ ক্ষয় প্ৰতিৰোধ কৰাত সহায় কৰে৷ খোৱা খাদ্য পিছল কৰি হজম প্ৰক্ৰিয়াত সহায় কৰে৷ আনকি খাদ্যৰ সোৱাদো বৃদ্ধি কৰে৷ ছুইংগাম চোবাই থকাৰ অভ্যাসে মস্তিষ্কৰ ৰক্তপ্ৰবাহ আৰু অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰে৷ যাৰ ফলত ষ্টে˜চ হৰমনৰ কমাত সহায়ক হয়৷ ছুইংগামে মুখৰ দুৰ্গন্ধ নাইকিয়া কৰে৷ আনহাতে ছুইংগাম বেয়া দিশবোৰৰ ভিতৰত ছুইংগামত থকা চেনিৰ উপস্থিতিয়ে দাঁতৰ ডেণ্টাল কেৰিজ বা ক্ষয় কৰিব পাৰে৷ অতিৰিক্ত ছুইংগাম চোবোৱাৰ ফলত মুখৰ সন্ধি বা টেমপোৰোমেণ্ডিবুলাৰ জয়েণ্ট আৰু মাংসপেশীৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰে৷ ইয়াৰ ফলত মুখৰ ভিতৰত ক্লিকৰ দৰে শব্দ হোৱা, মূৰৰ বিষ আৰু কাণ আৰু মুখৰ বিষ অনুভৱ হ’ব পাৰে৷ কৃত্ৰিম চেনি যেনে ছৰবিটলৰ বাবে বহুতৰে ডায়েৰিয়াও হ’ব পাৰে৷ সম্প্ৰতি দাঁতৰ ফিলিং, ইমপ্লেণ্ট বা ব্ৰেচ লগালে, মুখৰ সমস্যা বা টি এম ডি থাকিলে, ৰাতি দাঁত কামোৰাৰ অভ্যাস থাকিলে বা মাইগ্ৰেনৰ দৰে সমস্যা থাকিলে ছুইংগাম এৰাই চলাই ভাল৷ শিশু আৰু যিসকলৰ খাদ্য গিলোতে অসুবিধা হয়, তেওঁলোকৰ ছুইংগাম খোৱাৰ ফলত গলত লাগি ধৰিব পাৰে৷ সেয়ে ছুইংগাম চোবোৱাৰ আগতে কিছু দিশলৈ লক্ষ্য ৰখা উচিত৷
উল্লেখ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ তথা ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল iUKD হৈছে কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো সমস্যা
ৰ অত্যাধুনিক আৰু সম্পূৰ্ণ নিৰ্ভৰযোগ্য চিকিৎসা৷ iUKDত কিডনী ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনী, ইউৰিনেৰি ব্লাডাৰ, যৌনাংগ আৰু অণ্ডকোষ তথা প্ৰষ্টেটৰ কৰ্কট, পুৰুষ আৰু মহিলাৰ সকলোপ্ৰকাৰৰ যৌন সমস্যা আদি সকলো সমস্যাৰে চিকিৎসা সেৱা সপ্তাহৰ প্ৰতিটো দিনতে অভিজ্ঞ ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দ্বাৰা লাভ কৰিব৷ আনহাতে সপ্তাহত প্ৰতিটো দিনতে বিশেষজ্ঞ ইউৰ’লজিষ্টৰ দল ২৪ ঘণ্টাই iUKDত উপলব্ধ৷ iUKDত কেৱল কিডনী সম্পৰ্কীয় সকলোধৰণৰ চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে iUKDত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত বিশেষ স্থান দখল কৰিছে৷
উল্লেখ্য যে iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ ‘লেজাৰমেন অব্ ইণ্ডিয়া’খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত এটা বিশেষজ্ঞ ইউৰ’লজিষ্টৰ দলে প্ৰতিটো দিনতে ৰোগীৰ সহায়ক হোৱাকৈ অহৰহ চিকিৎসা প্ৰদান কৰি আহিছে৷ একেদৰে এটা নেফ্ৰ’লজিষ্টৰ দলেও সম্পূৰ্ণ সপ্তাহটোৱে চিকিৎসা সেৱা আগবঢ়াই আহিছে৷ কিডনীজনিত সমস্যাৰ সৃষ্টি হ’লে কিডনী হস্পিটেল iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷ যোগাযোগৰ ফোন নম্বৰ 8011501833, 9864104444৷ হস্পিটেলৰ ঠিকনা হ’ল– Hospital Address- Kidney Hospital iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.
ছুইংগাম চোবাই থকাটো ভাল নে বেয়া

