পুৱা চাহকাপৰ পৰিৱৰ্তে এটা আপেল খাওক

Oct 3, 2026 | Heath Tips

আপেলে মূত্ৰাশয়ৰ পাথৰ নাশ কৰাত সহায় কৰিব পাৰে নেকি?

আমাৰ সকলোৰে সাধাৰণতে পুৱা শুই উঠিয়েই চাহ বা কফি খোৱাৰ অভ্যাস আছে। পুৱাৰ ভাগৰ একাপ চাহ বা কফিয়ে আমাক সতেজ অনুভৱ কৰাত সহায় কৰে। বিশেষকৈ কফিত থকা কেফেইনে কিছু সময়ৰ বাবে সজাগতা আৰু কৰ্মস্পৃহা বৃদ্ধি কৰিব পাৰে।

কিন্তু আপুনি জানি আচৰিত হ’ব যে পুৱাৰ ভাগত একাপ কফি খোৱাৰ পৰিৱৰ্তে এটা আপেল খোৱাটোও এক স্বাস্থ্যকৰ অভ্যাস হ’ব পাৰে। এটা মধ্যমীয়া আকাৰৰ আপেলত প্ৰায় ২৫ গ্ৰাম কাৰ্বহাইড্ৰেট আৰু প্ৰায় ৯০ কেল’ৰি থাকে। আপেলত থকা প্ৰাকৃতিক চেনি, ফাইবাৰ আৰু অন্যান্য পুষ্টিকৰ উপাদানে শৰীৰক শক্তি যোগোৱাত সহায় কৰে আৰু কিছু সময়লৈকে পেট ভৰা অনুভৱ কৰাব পাৰে।

বিশেষকৈ ব্ৰেকফাষ্টৰ সময়ত বা শৰীৰচৰ্চাৰ আগতে আপেল খালে শৰীৰে প্ৰাকৃতিকভাৱে পোৱা কাৰ্বহাইড্ৰেটৰ পৰা শক্তি লাভ কৰে। আপেলত কেফেইন নাথাকে; ইয়াৰ পৰিৱৰ্তে ইয়াত প্ৰাকৃতিক চেনি থাকে। এই প্ৰাকৃতিক চেনিয়ে শৰীৰক দ্ৰুতভাৱে শক্তি যোগাব পাৰে। ইয়াৰ উপৰি আপেলত ভিটামিন, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে সামগ্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী ভূমিকা পালন কৰে।

সেয়েহে পুৱা চাহ বা কফিৰ পৰিৱৰ্তে, অথবা চাহ-কফিৰ সৈতে, নিয়মিতভাৱে এটা আপেল খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভ্যাস গঢ়ি তুলিব পাৰে।

আপেল আৰু মূত্ৰাশয়ৰ পাথৰ

আপেল বা আপেলৰ বাকলিৰ পানীয়ে মূত্ৰাশয়ৰ পাথৰ গলাই পেলাব পাৰে বুলি কোৱা হয়। কিন্তু মূত্ৰাশয়ৰ পাথৰৰ চিকিৎসাৰ ক্ষেত্ৰত কেৱল ঘৰুৱা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহয়। পাথৰৰ আকাৰ, অৱস্থান আৰু গঠনৰ ওপৰত চিকিৎসা নিৰ্ভৰ কৰে। কিছুমান সৰু পাথৰ নিজে নিজে প্ৰস্ৰাৱৰ সৈতে ওলাই যাব পাৰে যদিও সকলো পাথৰ এনেদৰে ওলাই নাযায়।

সেয়ে মূত্ৰাশয়ত পাথৰ থকা বুলি সন্দেহ হ’লে বা প্ৰস্ৰাৱ কৰোঁতে বিষ, জ্বলা-পোৰা, ৰক্ত, ঘনাই প্ৰস্ৰাৱৰ বেগ বা প্ৰস্ৰাৱ বন্ধ হৈ যোৱাৰ দৰে লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ।

নিতৌ এটা আপেল খোৱাৰ অভ্যাসে স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ অংশ হিচাপে শৰীৰক পুষ্টি যোগাব পাৰে। কিন্তু কোনো ৰোগৰ চিকিৎসাৰ বিকল্প হিচাপে আপেল বা কোনো ঘৰুৱা উপায় ব্যৱহাৰ কৰাৰ পূৰ্বে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক।

iUKD—কিডনী আৰু প্ৰস্ৰাৱজনিত ৰোগৰ বিশেষজ্ঞ চিকিৎসা

উল্লেখ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ তথা ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল হিচাপে iUKD-ত কিডনী তথা প্ৰস্ৰাৱজনিত বিভিন্ন সমস্যাৰ অত্যাধুনিক চিকিৎসা সেৱা আগবঢ়োৱা হয়।

iUKD-ত কিডনী ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱজনিত সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ—যেনে কিডনী, ইউৰিনেৰি ব্লাডাৰ, যৌনাংগ আৰু অণ্ডকোষ তথা প্ৰষ্টেটৰ কৰ্কট—আৰু পুৰুষ-মহিলাৰ বিভিন্ন যৌন সমস্যাৰ চিকিৎসা বিশেষজ্ঞ ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দ্বাৰা প্ৰদান কৰা হয়।

সপ্তাহৰ প্ৰতিটো দিনতে বিশেষজ্ঞ ইউৰ’লজিষ্টৰ দল ২৪ ঘণ্টাই iUKD-ত উপলব্ধ।

কিডনী বা প্ৰস্ৰাৱজনিত যিকোনো সমস্যাৰ বাবে iUKD-ৰ সৈতে যোগাযোগ কৰিব পাৰে।

যোগাযোগ:
📞 ৮০১১৫০১৮৩৩
📞 ৯৮৬৪১০৪৪৪৪

Hospital Address:
Kidney Hospital iUKD
Institute of Urology and Kidney Diseases
Nazirakhat, Sonapur, Guwahati, Assam – 782402