অৱহেলা নকৰিব : এই লক্ষণসমূহ হ’ব পাৰে কিডনীৰ অৱনতিৰ সংকেত

Sep 26, 2026 | Heath Tips

iUKD — কিডনী আৰু ইউৰ’লজীজনিত সমস্যাৰ অত্যাধুনিক চিকিৎসাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান

শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংগসমূহৰ ভিতৰত কিডনী অন্যতম। কিডনীয়ে তেজ পৰিশোধন কৰি শৰীৰৰ পৰা বিষাক্ত আৰু বৰ্জ্য পদাৰ্থ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰাত সহায় কৰে। লগতে শৰীৰত পানী, লৱণ আৰু বিভিন্ন খনিজ পদাৰ্থৰ ভাৰসাম্য বজাই ৰখাতো কিডনীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়েহে কিডনীৰ কাৰ্যক্ষমতাত সামান্য পৰিৱৰ্তন ঘটিলেও তাৰ প্ৰভাৱ সমগ্ৰ শৰীৰত পৰিব পাৰে।

কিডনীৰ কাৰ্যক্ষমতা হ্ৰাস পালে শৰীৰত বৰ্জ্য পদাৰ্থ আৰু বিভিন্ন উপাদানৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। এনে অৱস্থাত শৰীৰে কিছুমান সংকেত প্ৰদান কৰিব পাৰে। এই লক্ষণসমূহক অৱহেলা নকৰি সময়মতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

🔹 মুখ, চকুৰ চাৰিওফাল, হাত-ভৰি বা গোৰোহা ফুলি উঠা
কিডনীয়ে শৰীৰৰ অতিৰিক্ত পানী আৰু লৱণ সঠিকভাৱে বাহিৰ কৰিব নোৱাৰিলে শৰীৰৰ বিভিন্ন অংশত ফুলি উঠা দেখা দিব পাৰে।

🔹 অস্বাভাৱিক দুৰ্বলতা আৰু অত্যধিক ভাগৰ
সাধাৰণ কাম-কাজ কৰোঁতেই অতিৰিক্ত ভাগৰ অনুভৱ হোৱা বা শৰীৰ দুৰ্বল যেন লগাটো কিডনীৰ সমস্যাৰ সৈতে সম্পৰ্কিত হ’ব পাৰে।

🔹 ভোক কমি যোৱা, বমি বমি ভাব বা ওকালি অহা
কিডনীৰ কাৰ্যক্ষমতা যথেষ্ট হ্ৰাস পালে শৰীৰত বৰ্জ্য পদাৰ্থ জমা হোৱাৰ ফলত ভোক কমি যোৱা, বমি বমি ভাব, ওকালি অহা আদি সমস্যা দেখা দিব পাৰে। কেতিয়াবা দ্ৰুতভাৱে ওজন হ্ৰাস পোৱাও দেখা যায়।

🔹 প্ৰস্ৰাৱৰ পৰিমাণ বা প্ৰকৃতিত পৰিৱৰ্তন
অত্যধিক সঘনাই প্ৰস্ৰাৱ হোৱা, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা বা বিষ অনুভৱ হোৱা, প্ৰস্ৰাৱৰ অভ্যাসত হঠাৎ পৰিৱৰ্তন হোৱা আদি লক্ষণ কিডনী বা মূত্ৰনলীৰ বিভিন্ন সমস্যাৰ সৈতে জড়িত হ’ব পাৰে।

🔹 ছালত অত্যধিক খজুৱতি
কিডনীৰ কাৰ্যক্ষমতা যথেষ্ট হ্ৰাস পালে শৰীৰত কিছুমান বৰ্জ্য পদাৰ্থ জমা হৈ ছালত খজুৱতিৰ সৃষ্টি কৰিব পাৰে।

এই লক্ষণসমূহৰ কোনো এটা বা একাধিক দেখা দিলেই কিডনী বিকল হৈছে বুলি নিশ্চিত কৰিব নোৱাৰি। কিন্তু এনে লক্ষণ দেখা দিলে অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

iUKD — কিডনী আৰু ইউৰ’লজী চিকিৎসাৰ অত্যাধুনিক কেন্দ্ৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক উৎসৰ্গিত কিডনী আৰু ইউৰ’লজী চিকিৎসা প্ৰতিষ্ঠান Institute of Urology and Kidney Diseases (iUKD)-ত কিডনী, প্ৰস্ৰাৱতন্ত্ৰ আৰু ইউৰ’লজীজনিত বিভিন্ন সমস্যাৰ বাবে অত্যাধুনিক চিকিৎসা সেৱা আগবঢ়োৱা হয়।

iUKD-ত কিডনী ষ্ট’ন, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকলতা, পুৰুষ আৰু মহিলাৰ বিভিন্ন প্ৰস্ৰাৱজনিত সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ—যেনে কিডনী, ইউৰেটাৰ, ইউৰিনাৰী ব্লাডাৰ, প্ৰষ্টেট, অণ্ডকোষ আৰু অন্যান্য যৌনাংগৰ কৰ্কট—আৰু পুৰুষ-মহিলাৰ বিভিন্ন ইউৰ’লজী আৰু যৌনস্বাস্থ্যজনিত সমস্যাৰ বাবে বিজ্ঞানসন্মত আৰু অত্যাধুনিক চিকিৎসা সেৱা উপলব্ধ।

কিডনী আৰু প্ৰস্ৰাৱজনিত জটিল অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত iUKD-ত অত্যাধুনিক লেজাৰ, লেপাৰ’স্কপিক আৰু ৰব’টিক ছাৰ্জাৰীৰ সুবিধাও উপলব্ধ।

তদুপৰি, প্ৰতি দেওবাৰে কিডনী আৰু প্ৰস্ৰাৱজনিত ৰোগৰ ক্ষেত্ৰত BPL কাৰ্ডধাৰী লোকসকলৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ বিনামূলীয়া পৰামৰ্শ লাভৰ সুবিধা আছে।

আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ কিডনী অথবা প্ৰস্ৰাৱজনিত সমস্যা থাকিলে সময়মতে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক।

যোগাযোগ:
📞 8011501833 | 9864104444

Hospital Address:
Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam – 782402