উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কিয় জৰুৰী ?

Sep 21, 2026 | Heath Tips

উচ্চ ৰক্তচাপ কিডনী ৰোগৰ অন্যতম প্ৰধান কাৰণ

উচ্চ ৰক্তচাপক ‘নীৰৱ ঘাতক’ হিচাপে চিহ্নিত কৰা হয়। সময়মতে ৰোগ নিৰ্ণয় আৰু উপযুক্ত চিকিৎসা নকৰিলে উচ্চ ৰক্তচাপৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰ’ক আদি গুৰুতৰ আৰু মাৰাত্মক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। উল্লেখ্য যে বিশ্বব্যাপী প্ৰতি তিনিগৰাকী প্ৰাপ্তবয়স্কৰ ভিতৰত এগৰাকী উচ্চ ৰক্তচাপত আক্ৰান্ত। অথচ বহু ক্ষেত্ৰত তেওঁলোকৰ কোনো লক্ষণ নাথাকে বা ৰোগৰ কোনো স্পষ্ট লক্ষণ অনুভৱ নহয়।

সাধাৰণতে এগৰাকী সুস্থ ব্যক্তিৰ বাবে ১২০/৮০ mmHg ৰক্তচাপক আদৰ্শ হিচাপে গণ্য কৰা হয়। আনহাতে, কিডনী ৰোগ বা হৃদৰোগত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৰক্তচাপৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। তদুপৰি, ৩৫ৰ পৰা ৪০ বছৰ বয়সৰ পিছত নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰাটো অতি জৰুৰী।

আমি জানো যে ধমনীৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংশলৈ তেজ চলাচল কৰে। তেজ ধমনীৰ মাজেৰে সৰবৰাহ হোৱাৰ সময়ত ধমনীৰ বেৰত যি চাপৰ সৃষ্টি হয়, সেয়াই ৰক্তচাপ।

যদি কোনো ব্যক্তিৰ ৰক্তচাপ ধাৰাবাহিকভাৱে কেইবাদিনো ১৪০/৯০ mmHg বা তাতকৈ অধিক থাকে, তেন্তে উচ্চ ৰক্তচাপৰ সম্ভাৱনা থাকে আৰু চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। অধিকাংশ ক্ষেত্ৰতে উচ্চ ৰক্তচাপৰ নিৰ্দিষ্ট কাৰণ নিৰ্ণয় কৰিব পৰা নাযায়। অৱশ্যে কিছুসংখ্যক ক্ষেত্ৰত অন্যান্য ৰোগ বা কাৰকৰ ফলত ৰক্তচাপ বৃদ্ধি পাব পাৰে। ইয়াৰ ভিতৰত কিডনীৰ ৰোগ, হৰম’নজনিত ৰোগ, অত্যধিক ওজন বৃদ্ধি, ডায়েবেটিছ, জন্মনিয়ন্ত্ৰণৰ বড়ি আৰু ষ্টেৰয়ড সেৱন আদি উল্লেখযোগ্য।

উচ্চ ৰক্তচাপে হৃদযন্ত্ৰত কেনে প্ৰভাৱ পেলায়?

উচ্চ ৰক্তচাপৰ ফলত হৃদযন্ত্ৰই অধিক চাপত তেজ পাম্প কৰিবলগীয়া হয়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ পেশী অস্বাভাৱিকভাৱে ডাঠ হৈ যাব পাৰে আৰু হৃদযন্ত্ৰৰ স্বাভাৱিক কাৰ্যক্ষমতা ব্যাহত হ’ব পাৰে। লগতে ক’ৰ’নাৰী ৰক্তনলীত সংকোচন বা ব্লকেজ সৃষ্টি হোৱাৰ ফলত হাৰ্ট এটেকৰ আশংকা বৃদ্ধি পাব পাৰে। সময়ৰ লগে লগে হৃদযন্ত্ৰৰ পাম্পিং ক্ষমতা কমি গৈ হাৰ্ট ফেইলিউৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।

উচ্চ ৰক্তচাপ আৰু কিডনী ৰোগ

উচ্চ ৰক্তচাপে কিডনীৰ সূক্ষ্ম ৰক্তনলীসমূহৰ ক্ষতি কৰিব পাৰে। ফলত কিডনীৰ কাৰ্যক্ষমতা ক্ৰমে হ্ৰাস পাব পাৰে। গুৰুতৰ অৱস্থাত কিডনী বিকল হোৱাৰ সম্ভাৱনা থাকে আৰু এনে ক্ষেত্ৰত ডায়েলাইছিছ অথবা কিডনী প্ৰতিস্থাপনৰ প্ৰয়োজন হ’ব পাৰে।

ষ্ট্ৰ’কৰ আশংকা

উচ্চ ৰক্তচাপ ষ্ট্ৰ’কৰ অন্যতম প্ৰধান কাৰণ। উচ্চ ৰক্তচাপৰ ফলত মস্তিষ্কৰ ৰক্তনলী সংকুচিত বা ব্লক হ’ব পাৰে অথবা ৰক্তনলী ফাটি ৰক্তক্ষৰণ হ’ব পাৰে। ইয়াৰ ফলত ষ্ট্ৰ’ক হৈ মৃত্যু অথবা স্থায়ীভাৱে শাৰীৰিক অক্ষমতাৰ সৃষ্টি হ’ব পাৰে।

চকুৰ ওপৰত প্ৰভাৱ

উচ্চ ৰক্তচাপৰ ফলত ৰেটিনাৰ ৰক্তনলীত পৰিৱৰ্তন ঘটিব পাৰে। ইয়াক হাইপাৰটেনছিভ ৰেটিনোপেথি বুলি কোৱা হয়। গুৰুতৰ অৱস্থাত ইয়াৰ ফলত দৃষ্টিশক্তি হ্ৰাস পোৱাৰ লগতে অন্ধত্বও হ’ব পাৰে।

ভৰিৰ ৰক্তনলীত প্ৰভাৱ

উচ্চ ৰক্তচাপৰ সৈতে জড়িত ৰক্তনলীৰ সমস্যাৰ ফলত শৰীৰৰ প্ৰান্তীয় অংশলৈ তেজৰ সৰবৰাহ ব্যাহত হ’ব পাৰে। গুৰুতৰ অৱস্থাত ভৰিৰ কলাত ক্ষতি হৈ গেংগ্ৰিন বা পচনো হ’ব পাৰে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে কি কৰিব?

উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে—

  • ধূমপান সম্পূৰ্ণৰূপে পৰিহাৰ কৰক।
  • শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখক।
  • প্ৰতিদিনে অন্ততঃ ৩০ মিনিট নিয়মিত ব্যায়াম কৰক।
  • প্ৰতিদিনে ৭–৮ ঘণ্টা পৰ্যাপ্ত টোপনি লওক।
  • খাদ্যত নিমখৰ পৰিমাণ কমাওক।
  • ৰেড মিট তথা অধিক চৰ্বিযুক্ত মাংস পৰিহাৰ কৰক।
  • সুষম আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক।
  • মানসিক চাপ কমাবলৈ চেষ্টা কৰক।
  • ইতিবাচক দৃষ্টিভংগীৰে জীৱন যাপন কৰাৰ অভ্যাস গঢ়ি তোলক।
  • চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰক আৰু প্ৰয়োজন হ’লে ঔষধ সেৱন কৰক।

কিডনী চিকিৎসাৰ বাবে iUKD

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ তথা ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰ স্পেচিয়েলিটি কিডনী হস্পিটেল হিচাপে iUKD হৈছে কিডনী আৰু প্ৰস্ৰাৱজনিত বিভিন্ন সমস্যাৰ অত্যাধুনিক চিকিৎসাৰ এক বিশেষ প্ৰতিষ্ঠান।

iUKDত কিডনী ষ্ট’ন, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱজনিত সমস্যা, ইউৰ’লজিকেল কেন্সাৰ—যেনে কিডনী, ইউৰিনাৰী ব্লাডাৰ, যৌনাংগ, অণ্ডকোষ আৰু প্ৰষ্টেটৰ কৰ্কট—তথা পুৰুষ আৰু মহিলাৰ বিভিন্ন যৌন সমস্যাৰ চিকিৎসা সেৱা অভিজ্ঞ ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দ্বাৰা সপ্তাহৰ প্ৰতিটো দিনতে আগবঢ়োৱা হয়।

এতিয়াৰে পৰা প্ৰতি শনিবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ iUKDত বিশেষজ্ঞ ডায়েবেটিছ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা লাভ কৰিব পাৰিব। আনহাতে, সপ্তাহৰ প্ৰতিটো দিনতে অভিজ্ঞ ইউৰ’লজিষ্টৰ দল ২৪ ঘণ্টাই iUKDত উপলব্ধ।

iUKDত কিডনী আৰু ইউৰ’লজী সম্পৰ্কীয় বিভিন্ন ৰোগৰ চিকিৎসা সেৱা প্ৰদান কৰা হয়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বিশেষ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ জৰিয়তে অস্ত্ৰোপচাৰ সম্পাদন কৰি iUKDয়ে অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিছে।

iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ, ‘The Laser Man of India’ খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত অভিজ্ঞ ইউৰ’লজিষ্টৰ এটা দলে প্ৰতিদিনে ৰোগীৰ সহায়ৰ বাবে চিকিৎসা সেৱা আগবঢ়াই আহিছে। একেদৰে, নেফ্ৰ’লজিষ্টৰ এটা অভিজ্ঞ দলেও সপ্তাহৰ প্ৰতিটো দিনতে চিকিৎসা সেৱা আগবঢ়াই আহিছে।

আপোনাৰো যদি কিডনী বা প্ৰস্ৰাৱজনিত কোনো সমস্যা আছে, তেন্তে কিডনী হস্পিটেল iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে।

যোগাযোগৰ ফোন নম্বৰ:
📞 ৮০১১৫০১৮৩৩
📞 ৯৮৬৪১০৪৪৪৪

Hospital Address:
Kidney Hospital iUKD,
Institute of Urology and Kidney Diseases,
Nazirakhat, Sonapur, Guwahati, Assam – ৭৮২৪০২।