প্ৰস্ৰাৱ কৰাৰ পাছতো ফোট ফোটকৈ পেচাব ওলাই থাকে নেকি ?

Sep 1, 2026 | Heath Tips

জানক Post-Micturition Dribbling (PMD)-ৰ কাৰণ, উপসৰ্গ আৰু চিকিৎসা

iUKD — কিডনী আৰু প্ৰস্ৰাৱজনিত ৰোগৰ অত্যাধুনিক চিকিৎসাৰ বিশেষায়িত প্ৰতিষ্ঠান

প্ৰস্ৰাৱ কৰাৰ কেইছেকেণ্ডমান পাছত, অথবা প্ৰস্ৰাৱগাৰৰ পৰা ওলাই অহাৰ সময়তে হঠাতে কেইটোপালমান পেচাব ওলাই যায় নেকি? এই সমস্যাৰ বাবে অন্তৰ্বাস তিতি অস্বস্তি অনুভৱ কৰাৰ লগতে বহু লোকেই মানসিকভাৱেও অসুবিধাত পৰে। এই অৱস্থাক চিকিৎসা বিজ্ঞানত Post-Micturition Dribbling (PMD) বা প্ৰস্ৰাৱ কৰাৰ পাছত অনিচ্ছাকৃতভাৱে কেইটোপালমান পেচাব ওলাই যোৱা বুলি কোৱা হয়।

যদিও PMD সাধাৰণতে গুৰুতৰ ৰোগ নহয়, তথাপিও ই বহু পুৰুষৰ দৈনন্দিন জীৱন, আত্মবিশ্বাস আৰু মানসিক স্বস্তিত প্ৰভাৱ পেলাব পাৰে। লজ্জা, উপহাসৰ ভয় অথবা এই সমস্যা কেৱল বয়স বৃদ্ধিৰ বাবেই হয় বুলি থকা ভুল ধাৰণাৰ বাবে বহু লোকেই চিকিৎসকৰ সৈতে বিষয়টো আলোচনা নকৰে।

PMD কিয় হয়?

বহু ক্ষেত্ৰত প্ৰস্ৰাৱ কৰাৰ পাছতো মূত্ৰনলীৰ ভিতৰত অলপ পৰিমাণৰ পেচাব ৰৈ যায়। পাছত শৰীৰৰ গতিবিধি, খোজ কঢ়া বা স্থান সলনি কৰাৰ সময়ত সেই পেচাব কেইটোপালকৈ বাহিৰলৈ ওলাই আহে।

ইয়াৰ অন্যতম কাৰণ হ’ব পাৰে—

  • পেলভিক ফ্ল’ৰ পেশীৰ দুৰ্বলতা
  • প্ৰস্ৰাৱ দীৰ্ঘসময় ধৰি ৰখাৰ অভ্যাস
  • প্ৰস্ৰাৱ কৰাৰ ভুল অভ্যাস
  • শাৰীৰিকভাৱে নিষ্ক্ৰিয় বা অলস জীৱনশৈলী
  • মূত্ৰনলীত প্ৰস্ৰাৱ ৰৈ যোৱা
  • কিছুমান ক্ষেত্ৰত প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি বা অন্যান্য ইউৰ’লজিকেল সমস্যা

বহু পুৰুষৰ মাজত এটা ভুল ধাৰণা আছে যে প্ৰস্ৰাৱ কৰাৰ পাছত ফোট ফোটকৈ পেচাব ওলোৱা মানেই প্ৰষ্টেটৰ সমস্যা। প্ৰকৃততে, কিছুমান ক্ষেত্ৰত প্ৰষ্টেটৰ সমস্যাৰ সৈতে PMD সম্পৰ্কিত হ’ব পাৰে যদিও সকলো ক্ষেত্ৰতে ইয়াৰ কাৰণ প্ৰষ্টেট নহয়। বিশেষকৈ তৰুণ পুৰুষৰ ক্ষেত্ৰত পেলভিক ফ্ল’ৰ পেশীৰ কাৰ্যক্ষমতা আৰু মূত্ৰনলীত পেচাব ৰৈ যোৱাৰ দৰে কাৰণ অধিক গুৰুত্বপূৰ্ণ হ’ব পাৰে।

কি কি লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে?

কেৱল প্ৰস্ৰাৱ কৰাৰ পাছত কেইটোপালমান পেচাব ওলাই যোৱাই যদি সমস্যা হয়, তেন্তে বহু ক্ষেত্ৰত কিছুমান সহজ অভ্যাস আৰু পেলভিক ফ্ল’ৰ পেশী শক্তিশালী কৰাৰ ব্যায়ামে সহায় কৰিব পাৰে। কিন্তু ইয়াৰ সৈতে আন কোনো উপসৰ্গ থাকিলে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

বিশেষকৈ তলত দিয়া লক্ষণসমূহ দেখা দিলে ইউৰ’লজিষ্টৰ পৰামৰ্শ লওক—

  • প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হোৱা
  • প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱা
  • প্ৰস্ৰাৱ আৰম্ভ কৰিবলৈ অসুবিধা হোৱা
  • প্ৰস্ৰাৱ সম্পূৰ্ণৰূপে ওলাই নোযোৱা যেন অনুভৱ হোৱা
  • বাৰে বাৰে প্ৰস্ৰাৱৰ বেগ অহা
  • প্ৰস্ৰাৱৰ সৈতে তেজ যোৱা
  • তলপেট বা শ্ৰোণী অঞ্চলত বিষ বা অস্বস্তি হোৱা
  • প্ৰস্ৰাৱ নিয়ন্ত্ৰণ কৰাত অসুবিধা হোৱা

এই ধৰণৰ লক্ষণ থাকিলে কেৱল নিজে নিজে চিকিৎসা নকৰি বিশেষজ্ঞ ইউৰ’লজিষ্টৰ পৰামৰ্শ লোৱাটো অধিক নিৰাপদ।

PMD-ৰ চিকিৎসা কেনেদৰে কৰা হয়?

PMD-ৰ চিকিৎসা ইয়াৰ অন্তৰ্নিহিত কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। বহু ক্ষেত্ৰত জীৱনশৈলীৰ কিছু পৰিৱৰ্তন, সঠিক প্ৰস্ৰাৱৰ অভ্যাস আৰু pelvic floor muscle exercises-ৰ দৰে ব্যৱস্থাই উপকাৰ কৰিব পাৰে।

কিন্তু যদি প্ৰষ্টেটৰ বৃদ্ধি, মূত্ৰনলীৰ সমস্যা, মূত্ৰথলীৰ কোনো সমস্যা বা আন ইউৰ’লজিকেল কাৰণ থাকে, তেন্তে সেই অনুসৰি চিকিৎসা প্ৰয়োজন হয়। সেয়েহে সমস্যাটো দীৰ্ঘদিন ধৰি থাকিলে বা আন উপসৰ্গৰ সৈতে দেখা দিলে ইউৰ’লজিষ্টৰ পৰামৰ্শ লোৱাটো উচিত।

iUKD — কিডনী আৰু প্ৰস্ৰাৱজনিত সমস্যাৰ অত্যাধুনিক চিকিৎসা সেৱা

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিডনী আৰু ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত বিশেষায়িত প্ৰতিষ্ঠান Kidney Hospital iUKD (Institute of Urology and Kidney Diseases)-ত কিডনী আৰু প্ৰস্ৰাৱজনিত বিভিন্ন সমস্যাৰ অত্যাধুনিক চিকিৎসা সেৱা উপলব্ধ।

iUKD-ত কিডনী ষ্ট’ন, প্ৰষ্টেটৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ বিভিন্ন প্ৰস্ৰাৱজনিত সমস্যা, ইউৰ’লজিকেল কেন্সাৰ—যেনে কিডনী, ইউৰিনাৰী ব্লাডাৰ, প্ৰষ্টেট, যৌনাংগ আৰু অণ্ডকোষৰ কেন্সাৰ—আদি বিভিন্ন ইউৰ’লজিকেল আৰু কিডনীজনিত সমস্যাৰ চিকিৎসা আগবঢ়োৱা হয়।

বিশেষজ্ঞ ইউৰ’লজিষ্টৰ দল ২৪ ঘণ্টাই, সপ্তাহৰ প্ৰতিটো দিনতে iUKD-ত উপলব্ধ। ইয়াৰ লগতে বিশেষজ্ঞ নেফ্ৰ’লজিষ্টৰ দলেও সপ্তাহজুৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে।

ইয়াৰ উপৰি, এতিয়াৰে পৰা প্ৰতিটো শনিবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ বিশেষজ্ঞ ডায়েবেটিছ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা লাভ কৰিব পাৰিব।

iUKD-ত ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ জৰিয়তে বিভিন্ন জটিল ইউৰ’লজিকেল অস্ত্ৰোপচাৰো সম্পাদন কৰা হয়।

iUKD-ৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ, ‘Laser Man of India’খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত বিশেষজ্ঞ ইউৰ’লজিষ্টৰ এটা দলে ৰোগীসকলক নিয়মীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে।

আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ কিডনী, প্ৰস্ৰাৱ বা ইউৰ’লজিকেল সমস্যা থাকিলে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক।

যোগাযোগ

📞 8011501833 | 9864104444

Hospital Address:
Kidney Hospital iUKD
Institute of Urology and Kidney Diseases
Nazirakhat, Sonapur, Guwahati, Assam – 782402