দীৰ্ঘস্থায়ী কিডনী ৰোগীয়ে [CKD] মাংস খোৱা উচিতনে ? অত্যধিক মাংস সেৱনে কিডনীৰ ক্ষতি কৰিব পাৰে

Aug 14, 2026 | Heath Tips

মাংসত আমাৰ শৰীৰৰ বাবে দৰকাৰী বহুতো পুষ্টিকৰ উপাদানেৰে ভৰপূৰষ কিন্তু বেছিকৈ তথা অত্যধিক পৰিমাণ মাংস খালে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷ কিছুমান মাংসত থকা ছেচুৰেটেড ফেট আৰু কলেষ্টৰেল ধমনীত জমা হৈ হূদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে৷ প্ৰচেছড মাংসত থকা নিমখৰ পৰিমাণেও ৰক্তচাপ বৃদ্ধি কৰে৷ মাংসত ফাইবাৰৰ পৰিমাণ কম থাকে, যাৰ ফলত অত্যধিক সেৱনে কোষ্ঠকাঠিন্য তথ্য অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ চৰ্বিযুক্ত মাংসৰ কেলৰি পৰিমাণ বেছি হোৱাৰ বাবে ইয়াৰ অতিৰিক্ত সেৱনে ওজন বৃদ্ধি কৰি স্থূলতাৰ কাৰণ হ’ব পাৰে৷ প্ৰদাহ বৃদ্ধি মূল কাৰণ অত্যধিক পৰিমাণে মাংস খোৱাৰ অভ্যাস৷ বিশেষকৈ বেছিকৈ ভজা বা প্ৰছেচড মাংস খোৱাৰ ফলত শৰীৰত প্ৰদাহৰ মাত্ৰা বৃদ্ধি পায়৷ আনহাতে মাংসত থকা অত্যধিক প্ৰ’টিনে কিডনীৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰি কিডনীৰ কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে৷ ইয়াৰ ফলত দীৰ্ঘস্থায়ী কিডনী ৰোগ বা চি কে ডিৰ সৃষ্টি হ’ব পাৰে৷ অত্যধিক পৰিমাণে মাংস খালে বিশেষকৈ ৰেড মিট বা ৰঙা মাংস খালে কিডনীৰ গুৰুতৰ ক্ষতি হ’ব পাৰে৷ মাংসত থকা প্ৰচুৰ এনিমেল প্ৰ’টিনে তেজ পৰিষ্কাৰ কৰা প্ৰক্ৰিয়াটো অতি খৰতকীয়া কৰে৷ ইয়াৰ ফলত কিডনীৰ অতিৰিক্ত কাম কৰিবলগীয়া হয়৷ যাক হাইড্ৰাফিলট্ৰেশ্যন বোলে৷ দীৰ্ঘদিন ধৰি এইদৰে অতিৰিক্ত চাপ পৰিলে কিডনীৰ কোষবোৰ নষ্ট হ’বলৈ ধৰে৷ মাংসত থকা প্ৰ’টিন হজম হোৱাৰ পাছত শৰীৰত ইউৰিয়া, ইউৰিক এচিড আৰু ক্ৰিয়েটিনিনৰ দৰে বৰ্জ্য পদাৰ্থ উৎপন্ন হয়৷ অত্যধিক প্ৰ’টিন খালে এই বৰ্জ্য পদাৰ্থবোৰ ইমানেই বাঢ়ি যায় যে কিডনীয়ে সেইখিনি সম্পূৰ্ণৰূপে প্ৰস্ৰাৱৰ জৰিয়তে উলিয়াই দিব নোৱাৰে৷ মাংসই শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে৷ ই প্ৰস্ৰাৱৰ কেলচিয়াম আৰু অক্সালেটৰ পৰিমাণো বঢ়াই দিয়ে৷ এই উপাদানবোৰ জমা হৈ কিডনীত পাথৰ সৃষ্টি কৰে৷ এনিমেল প্ৰ’টিন বিপাক হ’লে শৰীৰত এচিড উৎপন্ন হয়৷ অত্যধিক এচিড ফিল্টাৰ কৰিবলগীয়া হ’লে কিডনীৰ কোষবোৰত ঘা বা স্কাৰিং হ’ব পাৰে৷ গৱেষণাৰ তথ্য মতে যিসকলে দৈনিক প্ৰচুৰ পৰিমাণে ৰঙা মাংস খায়, তেওঁলোকৰ ক্ৰনিক কিডনী ডিজিজ হোৱাৰ সম্ভাৱনা বহু বেছি৷ ই লাহে লাহে কিডনী সম্পূৰ্ণ বিকল হোৱাৰ দিশলৈ লৈ যায়৷ কি.নী সুস্থ কৰি ৰাখিবলৈ খাদ্য তালিকাত কিছু পৰিৱৰ্তন কৰা দৰকাৰ৷ দৈনিক প্ৰ’টিনৰ প্ৰয়োজনীয়তা অনুসৰি মাংস খাওক৷ অতিৰিক্তভাৱে গ্ৰহণ কৰাৰ পৰা বিৰত থাকক৷ ৰেড মিট খোৱাৰ পৰিৱৰ্তে কুকুৰাৰ মাংস, মাছ খোৱাৰ অভ্যাস কৰক৷ যিবোৰ কিডনীৰ বাবে তুলনামূলভাৱে কম ক্ষতিকৰ৷ মাংসৰ সলনি দাইল, বুট, বীন, ছয়াবিন আদি উদ্ভিদজাত প্ৰ’টিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক৷ শৰীৰৰ পৰা বৰ্জ্য পদাৰ্থ ওলাই যাবলৈ দিনটোত পৰ্যাপ্ত পৰিমাণ পানী সেৱন কৰিব৷ বজাৰত পোৱা ছচেজ, বেকন বা কেনড মাংস আদি পৰিহাৰ কৰক৷ এইধৰণৰ মাংসত প্ৰচুৰ পৰিমাণে ছ’ডিয়াম আৰু ফচফৰাছ থাকে৷
উল্লেখ্য যে গুৱাহাটীৰ সোণাপুৰত অৱস্থিত কিডনী হস্পিটেল iUKD হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ আৰু ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল৷ কিডনীৰ ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনীৰ কেঞ্চাৰ, ইউৰিনেৰি ব্লাডাৰত হোৱা কেঞ্চাৰ, যৌনাংগ আৰু অণ্ডকোষৰ কেঞ্চাৰ তথা প্ৰষ্টেটৰ কৰ্কট আৰু লগতে পুৰুষ আৰু মহিলাৰ সকলো প্ৰকাৰৰ যৌন সমস্যা৷ এই আটাইবোৰ ৰোগৰ সু-চিকিৎসাৰ বাবে যোগাযোগ কৰক গুৱাহাটীৰ সোণাপুৰত থকা iUKDৰ সৈতে৷ উল্লেখ্য যে কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো জটিল অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কিডনী হস্পিটেল iUKDত অত্যাধুনিক লেজাৰ আৰু লেপাৰ’স্কপিক ছাৰ্জাৰীৰ লগতে ৰব’টিক ছাৰ্জাৰীও উপলব্ধ৷ যোগাযোগৰ বাবে ফোন নম্বৰ ঃ 8011501833, 9864104444. Hospital Address- Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.