সমস্যাটো এৰাই নচলি বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক
মানুহৰ শৰীৰত বিভিন্ন ক্ৰিয়া-বিক্ৰিয়াৰ ফলত সৃষ্টি হোৱা ক্ষতিকৰ বৰ্জ্য পদাৰ্থসমূহ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ হয়। কিন্তু বহু লোকৰ ক্ষেত্ৰত ৰাতি শোৱাৰ পাছত ঘনাই প্ৰস্ৰাৱৰ বেগ অহা বা নিশাৰ ভাগত কেইবাবাৰো টোপনিৰ পৰা উঠি প্ৰস্ৰাৱ কৰিবলগীয়া হোৱা দেখা যায়। ইয়াৰ ফলত টোপনিত ব্যাঘাত জন্মে আৰু দৈনন্দিন জীৱনতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
চিকিৎসা বিজ্ঞানৰ ভাষাত নিশা সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হোৱা এই অৱস্থাক নকচুৰিয়া (Nocturia) বুলি কোৱা হয়। নিশা এবাৰ বা দুবাৰ প্ৰস্ৰাৱ কৰিবলগীয়া হোৱাটো বহু ক্ষেত্ৰত স্বাভাৱিক হ’ব পাৰে। কিন্তু নিয়মিতভাৱে ঘনে ঘনে প্ৰস্ৰাৱৰ বাবে টোপনি ভাঙি থাকিলে ইয়াৰ আঁৰত থকা কাৰণটো জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
নিশা ঘনে ঘনে প্ৰস্ৰাৱ হোৱাৰ সম্ভাৱ্য কাৰণ
শোৱাৰ আগতে অধিক পানী সেৱন:
শোৱাৰ ঠিক আগতে অত্যধিক পৰিমাণে পানী খালে মূত্ৰথলী সোনকালে পূৰ্ণ হৈ যায় আৰু নিশা প্ৰস্ৰাৱৰ বেগ বৃদ্ধি পাব পাৰে।
ৰক্তত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি:
ডায়েবেটিছ বা ৰক্তত শৰ্কৰাৰ মাত্ৰা অত্যধিক বৃদ্ধি পালে অতিৰিক্ত গ্লুক’জ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ হয়। ইয়াৰ ফলত প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি পাব পাৰে আৰু নিশা বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলগীয়া হ’ব পাৰে।
কিছুমান ঔষধ:
বিশেষকৈ ডাইউৰেটিক বা মূত্ৰবৰ্ধক জাতীয় ঔষধ নিশাৰ ভাগত সেৱন কৰিলে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি পাব পাৰে। এনে ঔষধৰ সময় বা ড’জ নিজে সলনি নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
অ’ভাৰএক্টিভ ব্লাডাৰ:
মূত্ৰথলীৰ কাৰ্যক্ষমতাত ব্যাঘাত ঘটিলে বাৰে বাৰে প্ৰস্ৰাৱৰ বেগ আহিব পাৰে। মহিলাসকলৰ ক্ষেত্ৰত মেনোপজৰ সময়তো এনে সমস্যা দেখা দিব পাৰে।
বয়স বৃদ্ধি:
বয়স বঢ়াৰ লগে লগে শৰীৰত এণ্টিডিউৰেটিক হৰমনৰ স্বাভাৱিক পৰিৱৰ্তন ঘটে। ইয়াৰ ফলতো নিশা প্ৰস্ৰাৱ উৎপাদন বৃদ্ধি পাব পাৰে।
ইয়াৰ উপৰি দীৰ্ঘদিনীয়া কিডনী ৰোগ, উচ্চ ৰক্তচাপ, হৃদৰোগ, প্ৰষ্টেটৰ সমস্যা, মূত্ৰতন্ত্ৰৰ সংক্ৰমণ আদি বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৈতেও নকচুৰিয়াৰ সম্পৰ্ক থাকিব পাৰে। নিশা অত্যধিক কেফেইন বা এলকহল সেৱন, টোপনিৰ সমস্যা আৰু দুশ্চিন্তায়ো সমস্যাটো অধিক তীব্ৰ কৰিব পাৰে।
কেতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব?
যদি নিশা ঘনে ঘনে প্ৰস্ৰাৱ কৰাৰ সমস্যা দীৰ্ঘদিন ধৰি থাকে, টোপনিত নিয়মিত ব্যাঘাত জন্মে অথবা ইয়াৰ সৈতে শৰীৰ দুৰ্বল হোৱা, হাত-ভৰি ফুলি উঠা, অত্যধিক পিয়াহ, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা বা আন অস্বাভাৱিক লক্ষণ দেখা দিয়ে, তেন্তে পলম নকৰি বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
এই সমস্যাৰ আঁৰত থকা কাৰণ অনুসৰি ইউৰ’লজিষ্ট বা নেফ্ৰ’লজিষ্টে প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা আৰু চিকিৎসাৰ পৰামৰ্শ আগবঢ়াব পাৰে। কেৱল নিশা প্ৰস্ৰাৱ কমাবলৈ পানী সম্পূৰ্ণৰূপে বন্ধ কৰা বা চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ সলনি কৰা উচিত নহয়।
কিডনী আৰু ইউৰ’লজিকেল সমস্যাৰ অত্যাধুনিক চিকিৎসাৰ বাবে iUKD
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ তথা ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল হিচাপে iUKD-এ কিডনী আৰু প্ৰস্ৰাৱজনিত বিভিন্ন সমস্যাৰ অত্যাধুনিক চিকিৎসা সেৱা আগবঢ়াই আহিছে।
iUKDত কিডনী ষ্ট’ন, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱজনিত সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ—যেনে কিডনী, ইউৰিনেৰি ব্লাডাৰ, যৌনাংগ, অণ্ডকোষ আৰু প্ৰষ্টেটৰ কৰ্কট—আদি বিভিন্ন সমস্যাৰ চিকিৎসা সেৱা অভিজ্ঞ ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দ্বাৰা আগবঢ়োৱা হয়।
ইয়াৰ উপৰি iUKDত এতিয়াৰে পৰা প্ৰতিটো শনিবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ বিশেষজ্ঞ ডায়েবেটিছ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা লাভ কৰিব পাৰিব। বিশেষজ্ঞ ইউৰ’লজিষ্টৰ দল সপ্তাহৰ প্ৰতিটো দিনতে ২৪ ঘণ্টাই iUKDত উপলব্ধ।
iUKD-এ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ইউৰ’লজিকেল চিকিৎসা ক্ষেত্ৰত ৰব’টিক ছাৰ্জাৰী সেৱাৰ জৰিয়তেও এক বিশেষ স্থান দখল কৰিছে।
iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ, ‘LaserMan of India’খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত বিশেষজ্ঞ ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দলে ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াই আহিছে।
আপোনাৰো যদি নিশা ঘনে ঘনে প্ৰস্ৰাৱ লাগে, সমস্যাটো অৱহেলা নকৰি বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক।
যোগাযোগ: ৮০১১৫০১৮৩৩, ৯৮৬৪১০৪৪৪৪
ঠিকনা: Kidney Hospital iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam – 782402.

