ৰহাত iUKDৰ ২৪৩সংখ্যক বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন

Jul 16, 2026 | Uncategorized

ৰহাৰ ভকতগাঁও মণিপুৰটুপ উচন আলী জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত তথা গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু ESKF তথা বেচৰকাৰী সংস্থা হেল্পিংহেণ্ড সংস্থাৰ সহযোগত যোৱা ১৫ জুলাই, ২০২৬, বুধবাৰে ৰহাৰ ভকতগাঁও মণিপুৰটুপ উচন আলী জাতীয় বিদ্যালয়ৰ প্ৰাংগণত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৪৩সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ এই বিনামূলীয়া চিকিৎসা শিবিৰত iUKDৰ বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী উপস্থিত থাকি কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰে তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিয়াৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰে৷ চিকিৎসা শিবিৰত ৪০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীক বিনামূলীয়াকৈ পৰামৰ্শ দিয়ে৷
কিডনী হস্পিটেল iUKD-এ আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰলৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ আপোনালোকক জনাব বিচাৰিছোঁ যে সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত এক নতুন ধাৰাৰ সূচনা হৈছে৷ আপোনালোকৰে কিডনীজনিত সমস্যা থাকিলে iUKDলৈ আহি সুচিকিৎসা গ্ৰহণ কৰিব পাৰে৷
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিডনীজনিত ৰোগত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰি অসমখন এইধৰণৰ জটিল ৰোগৰ পৰা শংকামুক্ত কৰিব পাৰি, তাৰ বাবে আমি জনসাধাৰণৰ মাজত সচেতনতা তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাম কৰি আহিছোঁ৷ আপোনালোকৰো যদি কিডনী-সম্পৰ্কীয় কিবা অসুবিধাই দেখা দিয়ে, কিডনী হস্পিটেল সৈতে যোগাযোগ কৰিব পাৰে৷ যোগাযোগৰ ফোন নম্বৰ 8011501833, 9864104444, Hospital Address- Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.