ৰক্তত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মীয়াকৈ খোজ কাঢ়ক

Nov 2, 2026 | Heath Tips

iUKD : উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ কিডনী হাস্পতাল

পুৱা সাৰ পোৱাৰ পাছত খোজ কঢ়াটো শৰীৰৰ বাবে অতি উপকাৰী। নিয়মীয়াকৈ খোজ কঢ়াৰ অভ্যাসে শৰীৰৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়। আনহাতে, নিশাৰ আহাৰ গ্ৰহণৰ পাছত কিছু সময় খোজ কাঢ়িলে হজম প্ৰক্ৰিয়া উন্নত হোৱাৰ লগতে ৰক্তত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণতো সহায় কৰে। খাদ্য গ্ৰহণৰ পাছত খোজ কঢ়াটো কেৱল এটা স্বাস্থ্যকৰ অভ্যাসেই নহয়, বৰঞ্চ শৰীৰক সুস্থ-সবল কৰি ৰখাৰ এক সহজ আৰু কাৰ্যকৰী উপায়।

খোজ কঢ়াৰ ফলত মূলতঃ শৰীৰৰ দুটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াত ইতিবাচক প্ৰভাৱ পৰে। প্ৰথমতে, ই পাকস্থলী আৰু অন্ত্ৰৰ স্বাভাৱিক সঞ্চালনত সহায় কৰে। শৰীৰৰ মৃদু চলাচলে খাদ্যনলীৰ মাজেৰে খাদ্যৰ গতি স্বাভাৱিক কৰি ৰখাত সহায় কৰে আৰু পাকস্থলী খালী হোৱাৰ প্ৰক্ৰিয়াকো ত্বৰান্বিত কৰিব পাৰে। ইয়াৰ ফলত গেছ, এচিডিটি আৰু পেট ফুলাৰ দৰে সমস্যাৰ পৰা কিছু পৰিমাণে সকাহ পাব পাৰি।

দ্বিতীয়তে, খোৱাৰ পাছত খোজ কঢ়াৰ ফলত ৰক্তত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। খোজ কঢ়াৰ সময়ত পেশীবোৰ সক্ৰিয় হৈ পৰে আৰু ইনছুলিনৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ নকৰাকৈয়ে তেজৰ পৰা গ্লুক’জ শোষণ কৰাত সহায় কৰে। ইয়াৰ ফলত খাদ্য গ্ৰহণৰ পাছত ৰক্তত শৰ্কৰাৰ মাত্ৰা অত্যধিক বৃদ্ধি পোৱাৰ আশংকা হ্ৰাস পায়। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে এই অভ্যাস উপকাৰী হ’ব পাৰে।

উল্লেখ্য যে আগৰ দিনত ককা-আইতাসকলে নিশাৰ আহাৰ সোনকালে গ্ৰহণ কৰি কিছু সময় পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা-বতৰা পতা অথবা চোতালত খোজ কঢ়াৰ পাছতহে শুবলৈ গৈছিল। প্ৰকৃততে, এইবোৰ আছিল স্বাস্থ্যৰ প্ৰতি সচেতন এক সহজ আৰু বিজ্ঞানসন্মত জীৱনশৈলীৰ অংশ। কিন্তু সময়ৰ পৰিৱৰ্তন আৰু মানুহৰ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে এনে অভ্যাস ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে।

মনত ৰাখিব, এই অভ্যাসৰ উপকাৰিতা লাভ কৰিবলৈ ঘণ্টাৰ পাছত ঘণ্টা খোজ কঢ়াৰ প্ৰয়োজন নাই। পাচন প্ৰক্ৰিয়া উন্নত কৰা আৰু ৰক্তত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰাৰ বাবে খাদ্য গ্ৰহণৰ পাছত ১০ৰ পৰা ১৫ মিনিট লাহে লাহে খোজ কাঢ়িলেই যথেষ্ট উপকাৰ পোৱা যায়। অৱশ্যে, অতিৰিক্ত পৰিমাণৰ আহাৰ গ্ৰহণৰ ঠিক পাছতেই জোৰেৰে খোজ কঢ়া বা কঠিন ব্যায়াম কৰা উচিত নহয়। আহাৰ গ্ৰহণৰ পাছত কিছু সময় জিৰণি লৈ আৰামদায়ক গতিত খোজ কাঢ়িব লাগে। এইক্ষেত্ৰত খোজ কঢ়াৰ গতিৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া উচিত। খাদ্য গ্ৰহণৰ পাছত লাহে-ধীৰে খোজ কঢ়াটোৱেই অধিক উপযোগী।

সেয়ে, দৈনন্দিন জীৱনত এই সহজ অভ্যাসটো অন্তৰ্ভুক্ত কৰক। নিয়মীয়াকৈ খোজ কঢ়াৰ অভ্যাসে ৰক্তত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখা, হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা আৰু সামগ্ৰিকভাৱে সুস্থ জীৱনশৈলী গঢ়ি তোলাত সহায় কৰিব পাৰে। অৱশ্যে, ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ দৰে ৰোগ থাকিলে চিকিৎসকৰ পৰামৰ্শ অনুসৰি শাৰীৰিক কাৰ্যকলাপৰ পৰিমাণ নিৰ্ধাৰণ কৰা উচিত।

iUKD : কিডনী আৰু প্ৰস্ৰাৱজনিত ৰোগৰ অত্যাধুনিক চিকিৎসাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ আৰু ভাৰতৰ পঞ্চমখন ছুপাৰ স্পেচিয়েলিটি কিডনী হাস্পতাল হিচাপে পৰিচিত iUKD (Institute of Urology and Kidney Diseases) হৈছে কিডনী আৰু প্ৰস্ৰাৱজনিত বিভিন্ন ৰোগৰ অত্যাধুনিক চিকিৎসাৰ এক বিশেষ প্ৰতিষ্ঠান।

iUKDত কিডনী ষ্ট’ন, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ-মহিলাৰ প্ৰস্ৰাৱজনিত সমস্যা, ইউৰ’লজিকেল কেন্সাৰ—যেনে কিডনী, ইউৰিনেৰি ব্লাডাৰ, যৌনাংগ, অণ্ডকোষ আৰু প্ৰষ্টেটৰ কৰ্কট ৰোগৰ লগতে পুৰুষ-মহিলাৰ বিভিন্ন যৌন সমস্যাৰ চিকিৎসা উপলব্ধ। ইয়াত সপ্তাহৰ প্ৰতিটো দিনতে অভিজ্ঞ ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দ্বাৰা চিকিৎসা সেৱা আগবঢ়োৱা হয়। বিশেষকৈ, বিশেষজ্ঞ ইউৰ’লজিষ্টৰ দল ২৪ ঘণ্টাই চিকিৎসালয়খনত উপলব্ধ থাকে।

iUKDত কিডনী আৰু ইউৰ’লজী সম্পৰ্কীয় বিভিন্ন ৰোগৰ চিকিৎসাৰ লগতে অত্যাধুনিক ৰব’টিক ছাৰ্জাৰী সেৱাও উপলব্ধ। উত্তৰ-পূৰ্বাঞ্চলত ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱা প্ৰৱৰ্তনৰ জৰিয়তে চিকিৎসালয়খনে অসমৰ চিকিৎসা ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ, ‘লেজাৰমেন অৱ ইণ্ডিয়া’ হিচাপে পৰিচিত ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত অভিজ্ঞ ইউৰ’লজিষ্টৰ এটা বিশেষজ্ঞ দলে প্ৰতিদিনে ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াই আহিছে। একেদৰে, নেফ্ৰ’লজিষ্টৰ এটা বিশেষজ্ঞ দলেও সপ্তাহৰ প্ৰতিটো দিনতে ৰোগীৰ চিকিৎসাৰ দায়িত্ব পালন কৰি আহিছে।

কিডনী বা প্ৰস্ৰাৱজনিত যিকোনো সমস্যাৰ বাবে iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে।

যোগাযোগৰ নম্বৰ:

  • ৮০১১৫০১৮৩৩
  • ৯৮৬৪১০৪৪৪৪

হাস্পতালৰ ঠিকনা:

Kidney Hospital iUKD Institute of Urology and Kidney Diseases Nazirakhat, Sonapur, Guwahati, Assam – 782402.