২০ বছৰ বয়সৰ পাছত বছৰত দুবাৰ কিডনী পৰীক্ষাৰ পৰামৰ্শ

Sep 18, 2026 | Heath Tips

যুৱচামৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে ক্ৰনিক কিডনী ডিজিজৰ আশংকা

বৰ্তমান সমগ্ৰ বিশ্বতে তৰুণ তথা যুৱচামৰ মাজত কিডনীজনিত অসুখ বৃদ্ধি পোৱাৰ বিষয়টোৱে উদ্বেগ সৃষ্টি কৰিছে। বিশেষজ্ঞসকলে সকীয়াই দিছে যে সময়মতে সচেতনতা আৰু সাৱধানতা অৱলম্বন নকৰিলে ভৱিষ্যতে এই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে। আগতে যি বয়সত ক্ৰনিক কিডনী ডিজিজ (CKD) অধিক পৰিমাণে ধৰা পৰিছিল, বৰ্তমান সেই ৰোগত যুৱ প্ৰজন্মও আক্ৰান্ত হোৱা দেখা গৈছে।

আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল Nephrology-ত প্ৰকাশিত তথ্য অনুসৰি, ভাৰতীয় জনসংখ্যাৰ এক উল্লেখযোগ্য অংশ ক্ৰনিক কিডনী ডিজিজত আক্ৰান্ত। বিশেষকৈ গ্ৰামাঞ্চলৰ পৰিসংখ্যাই উদ্বেগ বৃদ্ধি কৰিছে। নগৰাঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত কিডনী ৰোগত আক্ৰান্ত লোকৰ সংখ্যা অধিক হোৱা দেখা গৈছে। ক্ৰমবৰ্ধমান কিডনী ৰোগক লৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিষয়ক সংসদীয় ষ্টেণ্ডিং কমিটীয়েও উদ্বেগ প্ৰকাশ কৰিছে।

ক্ৰনিক কিডনী ৰোগৰ আগতীয়া চিনাক্তকৰণৰ বাবে ২০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলক বছৰত দুবাৰ কিডনী ফাংচন টেষ্ট বা কিডনীৰ কাৰ্যকাৰিতা পৰীক্ষা কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

কিডনীৰ অন্যতম প্ৰধান কাম হৈছে তেজৰ পৰা শৰীৰৰ বৰ্জ্য আৰু অতিৰিক্ত পদাৰ্থ ফিল্টাৰ কৰি প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰি দিয়া। কিডনীয়ে সঠিকভাৱে কাম নকৰিলে শৰীৰত বিভিন্ন খনিজ পদাৰ্থৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে আৰু হৃদযন্ত্ৰ, স্নায়ুতন্ত্ৰকে ধৰি শৰীৰৰ অন্যান্য অংগ-প্ৰত্যংগত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

কিডনী ৰোগৰ এক গুৰুত্বপূৰ্ণ দিশ হ’ল— বহু ক্ষেত্ৰত আৰম্ভণিতে ইয়াৰ কোনো স্পষ্ট লক্ষণ দেখা নাযায়। লক্ষণ প্ৰকাশ পোৱাৰ সময়লৈকে কিডনীৰ যথেষ্ট ক্ষতি হৈ যাব পাৰে। ডায়েবেটিছ, উচ্চ ৰক্তচাপ, স্থূলতা তথা মেদবহুলতা, অস্বাস্থ্যকৰ জীৱনশৈলী, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আৰু দীৰ্ঘসময় ধৰি বহি কাম কৰা আদি কাৰকে কিডনী ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। সেয়ে আগতীয়াকৈ ৰোগ নিৰ্ণয় কৰাটো অতি গুৰুত্বপূৰ্ণ।

কিডনী ফাংচন টেষ্ট কিয় গুৰুত্বপূৰ্ণ?

কিডনীৰ কাৰ্যকাৰিতা মূল্যায়নৰ বাবে সাধাৰণতে ছিৰাম ক্ৰিয়েটিনিন পৰীক্ষা কৰা হয়। তেজত ক্ৰিয়েটিনিনৰ মাত্ৰা বৃদ্ধি পালে কিডনীৰ কাৰ্যকাৰিতাত সমস্যা থকাৰ ইংগিত পোৱা যাব পাৰে। অৱশ্যে বয়স, পেশীৰ পৰিমাণ আৰু অন্যান্য কাৰকৰ বাবেও ক্ৰিয়েটিনিনৰ মাত্ৰাত পৰিৱৰ্তন হ’ব পাৰে। সেয়ে কিডনীয়ে কিমান পৰিমাণৰ তেজ ফিল্টাৰ কৰি আছে সেই বিষয়ে অধিক স্পষ্ট ধাৰণা লাভ কৰিবলৈ eGFR (estimated Glomerular Filtration Rate) মূল্যায়ন কৰা হয়।

কিডনী ৰোগৰ ক্ষেত্ৰত আগতীয়া ৰোগ নিৰ্ণয় আৰু উপযুক্ত চিকিৎসাৰ লগতে ৰোগ প্ৰতিৰোধ কৰাটোও অত্যন্ত গুৰুত্বপূৰ্ণ। কিডনীৰ ক্ষতি অধিক গুৰুতৰ পৰ্যায়লৈ গ’লে ডায়েলাইছিছ বা কিডনী প্ৰতিস্থাপনৰ প্ৰয়োজন হ’ব পাৰে। সেয়ে আৰম্ভণিৰ পৰাই কিডনীৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো অতি জৰুৰী।

স্বাস্থ্যকৰ খাদ্য গ্ৰহণ, নিয়মীয়া শাৰীৰিক পৰিশ্ৰম, স্বাস্থ্যকৰ জীৱনশৈলী অনুসৰণ, ৰক্তচাপ আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখা আৰু কিডনীৰ বাবে ক্ষতিকাৰক অভ্যাসৰ পৰা আঁতৰি থকাই কিডনী সুস্থ ৰখাৰ অন্যতম উপায়।

কিডনী চিকিৎসাৰ বাবে iUKD

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ আৰু ভাৰতৰ অন্যতম বিশেষায়িত কিডনী হাস্পতাল iUKD (Institute of Urology and Kidney Diseases)-ত কিডনী আৰু প্ৰস্ৰাৱনলীৰ বিভিন্ন সমস্যাৰ অত্যাধুনিক চিকিৎসা সেৱা আগবঢ়োৱা হয়।

iUKD-ত কিডনী ষ্ট’ন, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকলতা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱজনিত সমস্যা, ইউৰ’লজিকেল কেন্সাৰ—যেনে কিডনী, ইউৰিনাৰী ব্লাডাৰ, যৌনাংগ, অণ্ডকোষ আৰু প্ৰষ্টেটৰ কৰ্কট—আৰু পুৰুষ-মহিলাৰ বিভিন্ন ইউৰ’লজিকেল আৰু যৌন স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসা অভিজ্ঞ ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দ্বাৰা আগবঢ়োৱা হয়।

এতিয়াৰে পৰা প্ৰতি শনিবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ iUKD-ত বিশেষজ্ঞ ডায়েবেটিছ চিকিৎসকৰ পৰামৰ্শ লাভ কৰিব পাৰিব। আনহাতে, ইউৰ’লজী বিশেষজ্ঞৰ দল ২৪ ঘণ্টাই iUKD-ত উপলব্ধ।

iUKD-ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ জৰিয়তে বিভিন্ন জটিল ইউৰ’লজিকেল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।

iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ, “The Laser Man of India” খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত অভিজ্ঞ ইউৰ’লজিষ্টৰ এটা বিশেষজ্ঞ দলে প্ৰতিদিনে ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছে। একেদৰে নেফ্ৰ’লজিষ্টৰ দলেও সপ্তাহৰ প্ৰতিটো দিনতে চিকিৎসা সেৱা প্ৰদান কৰি আহিছে।

আপোনাৰ কিডনীজনিত কোনো সমস্যা বা আশংকা থাকিলে সময়মতে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

যোগাযোগ: ৮০১১৫০১৮৩৩, ৯৮৬৪১০৪৪৪৪
ঠিকনা: Kidney Hospital iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam – ৭৮২৪০২