১৬ বছৰীয়া কিশোৰৰ জন্মৰে পৰা বন্ধ হোৱা নাছিল পেচাব

Jun 5, 2026 | Uncategorized

iUKDত মূত্ৰাশয়ৰ বিৰল অস্ত্ৰোপচাৰ সম্পন্ন

শুনিলেই আচৰিত লগা এক কৰুণ কাহিনী৷ এটি ১৬ বছৰীয়া কিশোৰে জন্মৰে পৰা ভুগি আহিছিল Exstrophy of Bladderৰ সমস্যাত, অৰ্থাৎ অনৱৰতে পেচাব ওলাই থকা আৰু মূত্ৰাশয় শৰীৰত বাহিৰত থাকি যোৱা, অৰ্থাৎ মূত্ৰাশয়ৰ আৱৰণ জন্মগতভাৱে অনুপস্থিত থকাৰ গুৰুতৰ সমস্যা৷ এই সমস্যা হ’লে পেচাব পৰা কোনো সময় নৰয়৷ সকলো সময়তে মূত্ৰাশয়েৰে পেচাব ওলায়েই থাকে৷ ই এটা বিৰল তথা গুৰুতৰ ৰোগ৷ তামুলপুৰ জিলাৰ কালাকুছিৰ দীপাংকৰ বড়ো নামৰ ষোল্ল বছৰীয়া কিশোৰজনে জন্মৰে পৰা ভুগি আহিছিল প্ৰস্ৰাৱৰ এই ভয়াৱহ সমস্যাত৷ যাৰ বাবে তেওঁৰ লগতে গোটেই পৰিয়ালটোৱে ১৬ বছৰীয়া জীৱন কালত দিনে-নিশাই দুশ্চিন্তাৰে দিন অতিবাহিত কৰিছিল৷ নিজক লৈ সপোন দেখা এটা উজ্জ্বল জীৱনে ভৱিষ্যতটো কেনেদৰে পাৰ কৰিব, সেই লৈ পিতৃ-মাতৃ তথা পৰিয়ালটোৰ বাবে প্ৰধান সমস্যা হৈ পৰিছিল৷ উল্লেখ্য যে যোৱা ১৬টা বছৰে তেওঁক লৈয়ে পৰিয়ালটোৱে ব্যস্ত থাকিব লাগিছিল৷ জন্মৰ পাছতেই এই সমস্যাৰ সৃষ্টি হোৱাত চিকিৎসাৰ বাবে এসপ্তাহ ICUত ৰাখিছিল ফুলকুমলীয়া শিশুটিক৷ পাছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঘৰলৈ আনিছিল যদিও পেচাব ওলাই থকা সমস্যাটো কিন্তু দিনক দিনে বাঢ়িহে গৈছিল৷ পৰিয়ালৰ ফালৰ পৰা জানিব দিয়া মতে, যোৱা ষোল্লটা বছৰে তেওঁক হাগিছ পিন্ধাইহে ৰাখিছে৷ ৰাতিপুৱাই মাকে হাগিছ চিলাই পেচাবথলীত পিন্ধাই দিয়ে৷ এই হাগিছটো এঘণ্টামানহে বৰ্তি থাকে৷ এঘণ্টাৰ পাছত পেচাবৰ ভৰৰ হাগিছ ভৰ্তি হৈ পৰে৷ তাৰ পাছত পুনৰ পেচাবস্থলীত নতুনকৈ আৰু হাগিছ বান্ধি দিব লাগে৷ দিনটো এনেকৈয়ে কেইবাবাৰো হাগিছ চিলাই পেচাব কৰোৱা হয়৷ এইদৰে যোৱা ১৬ বছৰ ধৰি কিশোৰজনৰ লগত মাকে অহৰ্নিশে লাগি আছে৷ কেতিয়াবা তেওঁক লৈ ক’ৰবালৈ যাবলগীয়া হ’লে গাড়ীত হাগিছ নিয়াটো নিয়মত পৰিণত হৈছে৷ অৰ্থাৎ গাড়ীত সকলো সময়তে হাগিছ থকাটো বাধ্যতামূলক হৈ পৰিছে৷ সুদীৰ্ঘ ষোল্ল বছৰে তেওঁৰ লগতে মাকগৰাকীয়েও এটা যন্ত্ৰণাকাতৰ জীৱন অতিবাহিত কৰিছে৷ আজি ষোল্ল বছৰে কিশোৰজন বঞ্চিত হৈছে শিক্ষা লাভৰ পৰা৷ এনে এটা অনাকাংক্ষিত ৰোগত আক্ৰান্ত কিশোৰজনে আজিও দেখা নাই বিদ্যালয়ৰ দুৱাৰমুখ, স্কুলীয়া শিক্ষাৰ পৰা সম্পূৰ্ণ বঞ্চিত, উপেক্ষিত হৈয়ে তেওঁ পাৰ কৰিছে ১৬টা বসন্ত৷
উল্লেখ্য যে যোৱা ২০২৫ চনৰ নৱেম্বৰ মাহৰ পৰা কিশোৰটিক চিকিৎসাৰ বাবে এখন হস্পিটেললৈ অনা হৈছিল৷ তাৰ পাছতে ১৮ এপ্ৰিল, ২০২৬ তাৰিখ সেইখন হস্পিটেলত কিশোৰটিক ভৰ্তি কৰোৱা হয়৷ বিভাগীয় চিকিৎসকে কিশোৰটিৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিবলৈ দিয়াৰ পাছত অস্ত্ৰোপচাৰৰ কৰি মূত্ৰ পৰিবাহী নলী বাহিৰত সংস্থাপিত কৰাৰ কথা পৰিয়ালক অৱগত কৰে৷ কিন্তু এই ব্যৱস্থাৰ কথাটোত পৰিয়ালে অমান্তি হয় আৰু তাৰ পৰা কিশোৰটিক লৈ আহে৷ পাছত পৰিয়ালটোৱে সুচিকিৎসাৰ কথা ভাবি থাকোঁতেই তেওঁলোকৰে সম্পৰ্কীয় ভনী জোঁৱাইক এজনে সামাজিক মাধ্যমত আমাৰ নেতৃত্বাধীন সোণাপুৰৰ কিডনী হস্পিটেল iUKDৰ বিষয়ে জানিব পাৰে৷ তাৰ পাছত পৰিয়ালৰ লোকে iUKDৰ সকলো তথ্য যুগুতাই যোৱা ২৯ মে’, ২০২৬ তাৰিখে কিশোৰটিৰ চিকিৎসাৰ বাবে iUKDত উপস্থিত হয়৷ তেওঁলোকে কিশোৰটিকআমাৰ ওচৰলৈ অনাৰ পাছত চাইচিতি কিশোৰটিয়ে দীৰ্ঘকাল ভুগি থকা পেচাবজনিত সমস্যাটো সমাধান কৰিব পৰা যাব বুলি আমি পৰিয়ালক আশ্বাস দিওঁ৷ অৱশ্যে ইয়াৰ বাবে আধাঘণ্টামানৰ পাছতহে কিদৰে চিকিৎসা সেৱা আগবঢ়াব, সেই বিষয়ে পৰিয়ালক জনাম বুলি কওঁ৷ তাৰ পাছত কিশোৰটিৰ বেমাৰটোক লৈ কোনো চিন্তাৰ কাৰণ নাই আৰু এই ৰোগৰ পৰা তেওঁ আৰোগ্য লাভ কৰিব পৰিয়ালক জানিবলৈ দিওঁ৷ লগে লগে পৰিয়ালটোৰ মাজত আমি সন্তুষ্টিৰ ভাব আৰু আশাৰ ৰেশ দেখা পাওঁ৷ পাছত কিশোৰটিক হস্পিটেলত ভৰ্তি কৰোৱা হয়৷ যোৱা ২৯ মে’, ২০২৬ তাৰিখে আমাৰ নেতৃত্বত ইউৰ’লজি, প্লাষ্টিক ছাৰ্জন, অৰ্থোপেডিক ছাৰ্জনৰ এটা টীমৰ দ্বাৰা কিশোৰটিৰ অস্ত্ৰোপচাৰৰ সফলতাৰে সম্পন্ন হয়৷ বৰ্তমান কিশোৰটি সম্পূৰ্ণ সুস্থ হোৱাৰ পথত৷ আনহাতে ডাঃ নাথে দীৰ্ঘকালজুৰি ভুগি থকা এই বিৰল তথা যন্ত্ৰণাকাতৰ ৰোগৰ পৰা কিশোৰটিৰ ৰোগৰ পৰা সম্পূৰ্ণ নিৰ্মূল পাবলৈ হয়তো কিছুদিনৰ প্ৰয়োজন হ’ব যদিও কিশোৰটিৰ সুস্থতাৰ ক্ষেত্ৰত নিশ্চিতি প্ৰদান কৰোঁ৷ এই খবৰে পৰিয়ালটিৰ মাজত এক নতুন আশাই পোখালি মেলে৷ আজি ইমান বছৰে গোটেই ঘৰখন তথা কিশোৰটিয়ে ভুগি থকা এটা বৃহৎ সমস্যা যেন সমাধান হ’ল, তাক লৈ স্বস্তিৰ নিশ্বাস এৰিছে৷ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হোৱাৰ পাছত আমাক অশেষ ধন্যবাদ তথা কৃতজ্ঞতা প্ৰকাশ কৰে৷ চিকিৎসক হিচাপে এই প্ৰাপ্তি আমাৰ বাবে ডাঙৰ সম্পদ৷ ইয়াতকৈ এই পৃথিৱীৰ আমাৰ বাবে একো সুখ থাকিব নোৱাৰে৷ চিকিৎসাৰ ক্ষেত্ৰখনত আমাক এনেদৰে আগুৱাই যাবলৈ আপোনালোকে সদায় আশীৰ্বাদ দি যাব, এয়াই আমাৰ কাম্য৷
উল্লেখ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ তথা ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল iUKDত আপোনালোকে লাভ কৰিব কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো সমস্যাৰ অত্যাধুনিক আৰু সম্পূৰ্ণ নিৰ্ভৰযোগ্য চিকিৎসা৷ iUKDত কিডনী ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনী, ইউৰিনেৰি ব্লাডাৰ, যৌনাংগ আৰু অণ্ডকোষ তথা প্ৰষ্টেটৰ কৰ্কট, পুৰুষ আৰু মহিলাৰ সকলোপ্ৰকাৰৰ যৌন সমস্যা আদি সকলো সমস্যাৰে চিকিৎসা সেৱা সপ্তাহৰ প্ৰতিটো দিনতে অভিজ্ঞ ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দ্বাৰা লাভ কৰিব৷ iUKDত আপুনি সপ্তাহত প্ৰতিটো দিনতে যেতিয়াই বিচাৰে অভিজ্ঞ ইউৰ’লজিষ্ট ২৪ ঘণ্টাই উপলব্ধ৷
কিডনীজনিত যিকোনো অসুবিধা হ’লে সময় অপব্যয় নকৰি সুচিকিৎসাৰ বাবে শীঘ্ৰে iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷
iUKDৰ ঠিকনা :
KIDNEY HOSPITAL
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444