প্ৰষ্টেটৰ যিকোনো সমস্যাৰ সম্পূৰ্ণ চিকিৎসাৰ বাবে — iUKD
প্ৰষ্টেট কেঞ্চাৰৰ চিকিৎসাৰ অংশ হিচাপে হৰম’ন থেৰাপী গ্ৰহণ কৰা পুৰুষসকলক ষ্টেমিনা (STAMINA) জীৱনশৈলী পৰিৱৰ্তন কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিলে তেওঁলোকৰ চিকিৎসাজনিত ফলাফল উল্লেখযোগ্যভাৱে উন্নত হোৱা বুলি এন এইচ এছৰ এক যুগান্তকাৰী গৱেষণাত প্ৰকাশ পাইছে। চেফিল্ড হ্যালম ইউনিভাৰ্ছিটি, এন এইচ এছ আৰু নাফিল্ড হেল্থৰ অংশীদাৰিত্বত পৰিচালিত এই ট্ৰায়েলটো এই পৰ্যন্ত এইধৰণৰ বৃহৎ গৱেষণাসমূহৰ অন্যতম।
এই গৱেষণাই প্ৰথমবাৰৰ বাবে এন এইচ এছৰ বৃহৎ পৰিসৰৰ নিয়মীয়া কেঞ্চাৰ চিকিৎসা সেৱাৰ সৈতে তত্ত্বাৱধানত ব্যায়াম, স্বাস্থ্যকৰ খাদ্যাভ্যাস, পুষ্টি আৰু জীৱনশৈলী সম্পৰ্কীয় পৰামৰ্শ তথা আচৰণগত সহায় সামৰি লোৱা এটা জীৱনশৈলী পৰিৱৰ্তন কাৰ্যসূচীক একত্ৰিত কৰিছে।
গৱেষণাৰ ফলাফল অনুসৰি, ষ্টেমিনা জীৱনশৈলী পৰিৱৰ্তন কাৰ্যসূচীয়ে এণ্ড্ৰ’জেন ডিপ্ৰাইভেচন থেৰাপী (ADT)ৰ ফলত হোৱা কিছুমান অসুবিধাজনক পাৰ্শ্বক্ৰিয়া হ্ৰাস কৰাত সহায় কৰিব পাৰে। প্ৰচলিত প্ৰষ্টেট কেঞ্চাৰ চিকিৎসা সেৱাৰ সৈতে তুলনা কৰিলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলৰ প্ৰষ্টেট কেঞ্চাৰ-সম্পৰ্কীয় জীৱনমানৰ অৱনতি আৰু ক্লান্তি কম হোৱা, লগতে সামগ্ৰিকভাৱে কেঞ্চাৰ-সম্পৰ্কীয় জীৱনমান উন্নত হোৱা দেখা গৈছে।
ADT চিকিৎসাই শৰীৰত টেষ্টোষ্টেৰনৰ উৎপাদন হ্ৰাস কৰি প্ৰষ্টেট কেঞ্চাৰৰ বৃদ্ধি মন্থৰ কৰাত আৰু ৰোগ নিয়ন্ত্ৰণত সহায় কৰে। কিন্তু এই চিকিৎসাৰ ফলত ক্লান্তি, পেটৰ মেদ বৃদ্ধি, পেশীৰ ভৰ হ্ৰাস, হাড়ৰ ঘনত্ব কমি যোৱা, হৃদ্ৰোগৰ আশংকা আৰু মানসিক চাপ বা যন্ত্ৰণাৰ দৰে পাৰ্শ্বক্ৰিয়া দেখা দিব পাৰে।
উল্লেখ্য যে পুৰুষৰ ক্ষেত্ৰত প্ৰষ্টেট গ্ৰন্থি ডাঙৰ হোৱাৰ অন্যতম প্ৰধান কাৰণ হৈছে বয়স বৃদ্ধি আৰু হৰম’নৰ পৰিৱৰ্তন। ৪০–৫০ বছৰ বয়সৰ পুৰুষৰ মাজত এই সমস্যা যথেষ্ট সাধাৰণ। বয়স বঢ়াৰ লগে লগে প্ৰষ্টেট গ্ৰন্থিৰ কোষৰ সংখ্যা বৃদ্ধি পোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। আনহাতে, বয়স বৃদ্ধিৰ সৈতে শৰীৰত টেষ্টোষ্টেৰনৰ মাত্ৰা কমি আহে যদিও ডাইহাইড্ৰ’টেষ্টোষ্টেৰন আৰু ইষ্ট্ৰ’জেনৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে, যিয়ে প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধিত ভূমিকা ল’ব পাৰে। বংশগত বা পাৰিবাৰিক কাৰণতো এই সমস্যা হ’ব পাৰে। ডায়েবেটিছ, হৃদ্ৰোগ আৰু অতিৰিক্ত ওজনেও প্ৰষ্টেট গ্ৰন্থি বৃদ্ধিৰ আশংকা বৃদ্ধি কৰিব পাৰে।
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ উৎসৰ্গিত কিডনী হস্পিটেল iUKDত পুৰুষৰ প্ৰষ্টেট-সম্পৰ্কীয় বিভিন্ন সমস্যাৰ অত্যাধুনিক আৰু নিৰ্ভৰযোগ্য চিকিৎসা সেৱা লাভ কৰিব পাৰিব।
iUKDত কিডনী ষ্ট’ন, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকলতা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱজনিত সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ—যেনে কিডনী, ইউৰিনাৰী ব্লাডাৰ, যৌনাংগ, অণ্ডকোষ (Testis) আৰু প্ৰষ্টেটৰ কৰ্কট—লগতে পুৰুষ আৰু মহিলাৰ বিভিন্ন যৌন সমস্যাৰ চিকিৎসা অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সপ্তাহৰ প্ৰতিটো দিনতে উপলব্ধ।
ইয়াৰ উপৰি, এতিয়াৰ পৰা প্ৰতি দেওবাৰে iUKDত যিকোনো প্ৰস্ৰাৱ বা কিডনীজনিত ৰোগৰ ক্ষেত্ৰত BPL কাৰ্ডধাৰীসকলৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ বিনামূলীয়া পৰামৰ্শ উপলব্ধ হ’ব।
কিডনী-সম্পৰ্কীয় চিকিৎসা সেৱা গ্ৰহণৰ বাবে iUKDত ফোনযোগে আজিয়েই পঞ্জীয়ন কৰিব পাৰে।
পঞ্জীয়নৰ বাবে:
📞 8011501833
📞 9864104444
Hospital Address:
Kidney Hospital, iUKD
Institute of Urology and Kidney Diseases
Nazirakhat, Sonapur, Guwahati, Assam – 782402

