শৰীৰৰ সুস্থতাৰ বাবে প্ৰস্ৰাৱৰ ৰং কেনে হোৱা উচিত? iUKD কিডনীজনিত ৰোগৰ সু-চিকিৎসাৰ একমাত্ৰ কেন্দ্ৰ

Jul 28, 2026 | Uncategorized

প্ৰস্ৰাৱৰ ৰঙে আমাৰ শৰীৰৰ স্বাস্থ্যৰ বিষয়ে বহু তথ্য দিব পাৰে৷ যেতিয়াই কোনো ৰোগৰ গুৰুতৰ সমস্যা শৰীৰত পৰে, তেতিয়া ইয়াৰ প্ৰভাৱ প্ৰস্ৰাৱ তথা প্ৰস্ৰাৱৰ ৰঙৰ ওপৰতো দেখা দিবলৈ আৰম্ভ কৰে৷ অৱশ্যে কেতিয়াবা কোনো লক্ষণ নোহোৱাকৈও পেচাবৰ বৰণ পৰিৱৰ্তন হ’ব পাৰে৷ উল্লেখ্য যে মানৱ শৰীৰত অনক্ৰ’মিক পিগমেণ্ট নামৰ এবিধ পদাৰ্থ থাকে, যাৰ ফলত প্ৰস্ৰাৱৰ ৰং গাঢ় হৈ উঠে৷ এই ৰঞ্জক পদাৰ্থ যিমানেই ঘনীভূত হ’ব, সিমানেই প্ৰস্ৰাৱৰ বৰণ গাঢ় হ’ব৷ এজন নিৰোগী তথা সুস্থ মানুহৰ প্ৰস্ৰাৱৰ স্বাভাৱিক ৰং সাধাৰণতে পাতল হালধীয়া [Pale yellow] বা স্বচ্ছ হালধীয়াৰ পৰা গাঢ় হালধীয়াৰ [Amber] ভিতৰত হয়৷ পেচাবৰ বৰণ পাতল হালধীয়াই শৰীৰত সঠিক পৰিমাণে পানী থকাটো বুজায়৷ যদি প্ৰস্ৰাৱৰ বৰণ একেবাৰে স্বচ্ছ বা বগা বৰণৰ হয়, তেনেক্ষেত্ৰত প্ৰয়োজনতকৈ বেছি মাত্ৰাত পানী সেৱন কৰাটো বুজায়৷ আনহাতে শৰীৰত পানীৰ পৰিমাণ কমি গ’লে পেচাবৰ ৰং তুলনামূলকভাৱে গাঢ় হালধীয়া বা এম্বাৰ ৰঙৰ হয়৷ এই অৱস্থা হ’লে পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰাটো অতি জৰুৰী৷ মনত ৰাখিব প্ৰস্ৰাৱৰ বৰণ যদি হালধীয়াৰ বাহিৰে আন কোনো বৰণ যেনে– ৰঙা বা গুলপীয়া, এইধৰণৰ পেচাব তেজ বা অন্যান্য কাৰণত হ’ব পাৰে, গাঢ় মটীয়া বা চাহৰ ৰঙৰ, ঘোলা বা ক্লাউডি বৰণৰ হয়, তেনে অৱস্থাত অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন৷ শৰীৰত ডি হাইড্ৰেশ্যনে দেখা দিলে পেচাবৰ বৰণ ডাঠ হালধীয়া হয়৷ ইউ টি আই বা পেচাব নলীৰ সংক্ৰমণ, কিডনীৰ পাথৰ বা টিউমাৰ অথবা কিছুমান খাদ্য যেনে– বিট, ক’লা জামু আদি খালে প্ৰস্ৰাৱৰ ৰং ৰঙা বা গুলপীয়া হ’ব পাৰে৷ অত্যধিক পৰিমাণে পানী সেৱন কৰাৰ ফলতো যদি প্ৰস্ৰাৱৰ বৰণ চাহ বা কোমল পানীয়ৰ দৰে হয়, তেন্তে ই যকৃতৰ ৰোগ বা পেশীৰ ক্ষতি হোৱাৰ লক্ষণ হ’ব পাৰে৷ আনহাতে কিছুমান বেক্টেৰিয়াৰ সংক্ৰমণ অথবা খোৱাবস্তুৰ ৰং, বা কোনো বিশেষ ঔষধ সেৱনৰ ফলত পেচাবৰ ৰং সেউজীয়া হ’ব পাৰে৷ যদি প্ৰস্ৰাৱৰ ৰং অস্বাভাৱিকভাৱে ক’লা গাঢ় মুগা, বা তেজ মিহলি ৰঙৰ হয়, তেনেহ’লে ই কিডনীৰ সমস্যা বা আন ৰোগৰ লক্ষণ হ’ব পাৰে৷ উল্লেখ্য যে কিডনীৰ প্ৰধান কাম হ’ল শৰীৰত উপস্থিত থকা অলাগতিয়াল তৰল পদাৰ্থসমূহ উলিয়াই দি ফিল্টাৰ কৰা৷ যদি এই কামত সামান্য সমস্যা হয়, তেন্তে ইয়াৰ প্ৰভাৱ প্ৰস্ৰাৱৰ ৰঙৰ স্পষ্টকৈ পৰে৷ প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া, প্ৰস্ৰাৱত ফেন ওলোৱা, ঘনাই ঘনাই প্ৰস্ৰাৱ লাগি থকা আদি সমস্যাই দেখা দিয়ে৷
উল্লেখ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ তথা ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল iUKDত আপোনালোকে লাভ কৰিব কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো সমস্যাৰ অত্যাধুনিক আৰু সম্পূৰ্ণ নিৰ্ভৰযোগ্য চিকিৎসা৷ iUKDত কিডনী ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনী, ইউৰিনেৰি ব্লাডাৰ, যৌনাংগ আৰু অণ্ডকোষ তথা প্ৰষ্টেটৰ কৰ্কট, পুৰুষ আৰু মহিলাৰ সকলোপ্ৰকাৰৰ যৌন সমস্যা আদি সকলো সমস্যাৰে চিকিৎসা সেৱা সপ্তাহৰ প্ৰতিটো দিনতে অভিজ্ঞ ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দ্বাৰা লাভ কৰিব৷ iUKDত আপুনি সপ্তাহত প্ৰতিটো দিনতে যেতিয়াই বিচাৰে অভিজ্ঞ ইউৰ’লজিষ্ট ২৪ ঘণ্টাই উপলব্ধ৷
কিডনীজনিত যিকোনো অসুবিধা হ’লে সময় অপব্যয় নকৰি সুচিকিৎসাৰ বাবে শীঘ্ৰে iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷ যোগাযোগৰ বাবে ফোন নম্বৰ ঃ 8011501833, 9864104444. Hospital Address- Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২