গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২৪ ডিচেম্বৰ, ২০২৫, বুধবাৰে শিৱসাগৰ জিলাৰ শিৱসাগৰ ষ্টেচন চাৰিআলিৰ ইষ্ট যমুনা ৰোডত থকা মেডিলাইফ মেডিকেল ষ্ট’ৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৬৬সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন হয়৷ উক্ত চিকিৎসা শিবিৰত আমি উপস্থিত থাকি ৫০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰোঁ আৰn তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত পৰামৰ্শ দিয়াৰ লগতে কিছু পৰিমাণে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰোঁ৷ উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চললৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে ইতিমধ্যে আমাৰ নেতৃত্বত গুৱাহাটী মহানগৰৰ এপাৰ্টমেণ্টবোৰৰ আৱাসীৰ সুবিধা হোৱালৈ লক্ষ্য ৰাখি এপাৰ্টমেণ্টে এপাৰ্টমেণ্টে কিডনীজনিত ৰোগৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰি আহিছোঁ৷ গতিকে ইচ্ছুক এপাৰ্টমেণ্টৰ আৱাসীয়ে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ বাবে iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷ আমাৰ ঠিকনা তলত উল্লেখ কৰা হ’ল– Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-782402, যোগাযোগৰ ফোন নম্বৰ ঃ 8011501833, 9864104444
শিৱসাগৰত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

