পুৱাই টোপনিৰ পৰা উঠি এগিলাচ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস বহু লোকৰে আছে। কিন্তু ইয়াৰ পাছত অফিচৰ কাম, মিটিং, ঘৰুৱা দায়িত্ব আৰু দৈনন্দিন ব্যস্ততাৰ মাজত বহু সময়লৈ পানী খাবলৈ পাহৰি যোৱাটো স্বাভাৱিক। কেতিয়াবা কামৰ মাজতে হঠাতে মনত পৰে—“আজি দেখোন পৰ্যাপ্ত পৰিমাণে পানীয়েই খোৱা হোৱা নাই!”
শৰীৰ সুস্থ-সবল কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে তৰল গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। শৰীৰৰ ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য আৰু ৰক্তচাপ বজাই ৰখা, শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা আৰু কোষসমূহৰ স্বাভাৱিক কাৰ্যকলাপকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ শাৰীৰিক প্ৰক্ৰিয়াত পানীয়ে অপৰিহাৰ্য ভূমিকা পালন কৰে।
কিন্তু এই বিষয়ে জানিও বহু লোকে দৈনিক পৰ্যাপ্ত পৰিমাণে পানী সেৱন নকৰে। সেয়ে পানী খোৱাৰ অভ্যাস নিয়মীয়া কৰিবলৈ কেইটামান সহজ কৌশল অৱলম্বন কৰিব পাৰে।
নিজৰ পানীৰ প্ৰয়োজনীয়তা বুজি লওক:
সকলো ব্যক্তিৰ বাবে একে পৰিমাণৰ পানী বা তৰল গ্ৰহণৰ প্ৰয়োজন নহয়। শাৰীৰিক পৰিশ্ৰমৰ মাত্ৰা, বয়স, পৰিৱেশ, জলবায়ু, ৰ’দৰ প্ৰখৰতা আৰু স্বাস্থ্যৰ অৱস্থাৰ ওপৰত শৰীৰৰ তৰলৰ প্ৰয়োজনীয়তা নিৰ্ভৰ কৰে। সেয়ে নিজৰ দৈনিক তৰলৰ প্ৰয়োজনীয়তা চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিৰ্ধাৰণ কৰাটো অধিক উপযোগী।
পানীৰ বটল সদায় লগত ৰাখক:
ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত মোবাইল, মানিবেগ আৰু গাড়ীৰ চাবিৰ লগতে পানীৰ বটলটোও লগত লোৱাৰ অভ্যাস কৰক। বিশেষকৈ গৰমৰ দিনত বা দীঘলীয়া সময় বাহিৰত থাকিবলগীয়া হ’লে পানীৰ বটল লগত থকাটো অতি উপকাৰী।
ডেস্ক বা টেবুলত পানীৰ বটল ৰাখক:
কৰ্মক্ষেত্ৰত বা ঘৰত নিজৰ ডেস্কৰ ওচৰত পানীৰ বটল ৰাখিলে বাৰে বাৰে পানী খোৱাৰ কথা মনলৈ আহিব। বটলটো চকুৰ সন্মুখত থাকিলে পানী খোৱাৰ অভ্যাস গঢ়ি তোলাটো সহজ হয়।
খাদ্য গ্ৰহণৰ আগতে পানী খোৱাৰ অভ্যাস কৰক:
প্ৰতিবাৰ খাদ্য গ্ৰহণৰ আগতে এগিলাচ পানী খোৱাৰ অভ্যাস কৰিব পাৰে। ইয়াৰ ফলত দিনটোৰ ভিতৰত নিয়মীয়াকৈ পানী গ্ৰহণ কৰাৰ সুযোগ বৃদ্ধি পায়।
পানী খাবলৈ ভাল নলগিলে স্বাদ সলনি কৰিব পাৰে:
কেৱল পানী খাবলৈ আমনি লাগিলে পানীত নেমু, তিঁয়হ, ষ্ট্ৰবেৰী আদি ফল বা পছন্দৰ স্বাস্থ্যকৰ উপাদান মিহলাই পানী খাব পাৰে। অৱশ্যে অতিৰিক্ত চেনি বা মিঠা পানীয়ৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল।
প্ৰতি ঘণ্টাত পানী খোৱাৰ কথা মনত পেলাওক:
কৰ্মক্ষেত্ৰত দীঘলীয়া সময় ব্যস্ত থাকিলে মোবাইল বা স্মাৰ্টৱাচত পানী খোৱাৰ ৰিমাইণ্ডাৰ ছেট কৰিব পাৰে। প্ৰতি ঘণ্টাত অলপকৈ পানী খোৱাৰ অভ্যাসে নিয়মীয়াকৈ তৰল গ্ৰহণ কৰাত সহায় কৰিব পাৰে।
একেবাৰতে অত্যধিক পানী নাখাব:
একে সময়তে অত্যধিক পৰিমাণে পানী খোৱাৰ পৰিৱৰ্তে গোটেই দিনটোত প্ৰয়োজন অনুসৰি অলপ অলপকৈ পানী গ্ৰহণ কৰাটো অধিক ব্যৱহাৰিক। বিশেষকৈ নিজৰ স্বাস্থ্যৰ অৱস্থা অনুসৰি পানীৰ পৰিমাণ নিৰ্ধাৰণ কৰাটো গুৰুত্বপূৰ্ণ।
পৰ্যাপ্ত তৰল গ্ৰহণে শৰীৰক পানীশূন্যতাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। মুখ শুকাই যোৱা বা মুখৰ দুৰ্গন্ধৰ দৰে সমস্যাও পানীশূন্যতাৰ সৈতে জড়িত হ’ব পাৰে।
কিডনী আৰু প্ৰস্ৰাৱজনিত সমস্যাৰ সু-চিকিৎসাৰ বাবে iUKD:
গুৱাহাটীৰ সোণাপুৰত অৱস্থিত Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD)-এ কিডনী আৰু ইউৰ’লজী সম্পৰ্কীয় বিভিন্ন জটিল ৰোগৰ চিকিৎসা প্ৰদান কৰে।
কিডনীৰ ষ্ট’ন, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ বিভিন্ন প্ৰস্ৰাৱজনিত সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ—যেনে কিডনীৰ কেঞ্চাৰ, ইউৰিনেৰি ব্লাডাৰৰ কেঞ্চাৰ, যৌনাংগ আৰু অণ্ডকোষৰ কেঞ্চাৰ, প্ৰষ্টেট কেঞ্চাৰ—আৰু পুৰুষ-মহিলাৰ বিভিন্ন যৌন সমস্যাৰ চিকিৎসাৰ বাবে iUKD-ৰ সৈতে যোগাযোগ কৰিব পাৰে।
কিডনী তথা প্ৰস্ৰাৱজনিত বিভিন্ন জটিল অস্ত্ৰোপচাৰৰ বাবে iUKD-ত অত্যাধুনিক লেজাৰ আৰু লেপাৰ’স্কপিক ছাৰ্জাৰীৰ লগতে ৰব’টিক ছাৰ্জাৰীৰ সুবিধাও উপলব্ধ।
যোগাযোগ: 8011501833 / 9864104444
Hospital Address:
Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD),
Nazirakhat, Sonapur, Guwahati, Assam – 782402.

