গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত যোৱা ১০ ডিচেম্বৰ, ২০২৫, বুধবাৰে বজালী জিলাৰ পাঠশালাৰ হাউলী ৰোডত অৱস্থিত মেক্সকেয়াৰ ডাইগন্ষ্টিক্ছ এণ্ড মাল্টিস্পেচিয়েলিটি চেণ্টাৰত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৬৫সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰত আমি অংশগ্ৰহণ কৰোঁ৷ উক্ত চিকিৎসা শিবিৰত প্ৰায় ৮০গৰাকী কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰোঁ৷ শিবিৰৰ আৰম্ভণিতে শিবিৰত অংশগ্ৰহণ কৰা ৰোগীসকলক কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগ সম্পৰ্কে তথা ইয়াৰ সজাগতা তথা সাৱধানতাৰ বিষয়ে বিশদভাৱে বিৱৰি তথা এই ৰোগৰ বিস্তৃতি ৰোধৰ ক্ষেত্ৰত কিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই সম্পৰ্কে আমি কিছু আভাস দাঙি ধৰোঁ৷ এইকণ সুযোগ তথা সুবিধা কৰি দিয়াৰ বাবে উদ্যোক্তাসকলৰ ওচৰত আমি কৃতাৰ্থ৷ লগতে তেখেতলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ ৰাইজৰ আশীৰ্বাদ শিৰত লৈ অনাগত দিনতো এইদৰে বিভিন্ন অঞ্চলত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি কিডনী সম্পৰ্কীয় ৰোগৰ বিনামূলীয়া চিকিৎসা প্ৰদানত আমি আগভাগ লোৱাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ৷ সেয়ে এইধৰণৰ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব বিচাৰিলে কিডনী হস্পিটেল iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷ আমাৰ ঠিকনা : Institute of Urology and Kidney Diseases,
[iUKD], Kidney Hospital, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২, যোগাযোগৰ ফোন নম্বৰ ঃ 8011501833, 9864104444
পাঠশালাত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

