বৰ্তমান সময়ত স্বাস্থ্যৱান হৈ থাকিবলৈ এক প্ৰত্যাহ্বানৰ দৰে হৈ পৰিছে৷ স্বাস্থ্যৱান হৈ থাকিবলৈ প্ৰথমে আমি সঠিক সময়ত খাদ্য গ্ৰহণ কৰাটো একান্তই কৰ্তব্য হোৱা উচিত৷ অসময়ত তথা নিয়মৰ বাহিৰত খাদ্য খোৱাৰ ফলত শৰীৰৰ অপকাৰ হোৱাৰ লগতে এই অভ্যাসক ফলত গুৰুতৰ ৰোগৰ হোৱাৰ সম্ভাৱনা থাকে৷ প্ৰকৃতিৰ নিয়ম অনুসৰি সকলো জীৱ-জন্তুৰে নিৰ্দিষ্ট নিয়মতহে খোৱা-বোৱা অথবা নিদ্ৰাত পৰে৷ চৰাই-চিৰিকটিবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে সিহঁতে দোকমোকালিতে সাৰ পাই চাৰিওফালে খিচিৰ মিচিৰ চিঞৰ-বাখৰ আৰম্ভ হয় আৰু ঠিক বেলি লহিয়াবলৈ লোৱাৰ সময়তে যিমান দূৰলৈ নাযাওক লাগিলে নিজৰ বাসস্থানলৈ ঘূৰি আহে৷ সেয়া সন্ধিয়াৰ আকাশখন দেখিলেই আমি ধাৰণা কৰিব পাৰে৷ ঠিক একেদৰে খাদ্য খোৱাৰ ক্ষেত্ৰতে সন্ধিয়াৰ পাছত পিছদিনা পুৱালৈ সিহঁতে একো খাদ্যই গ্ৰহণ নকৰে৷ আচলতে এয়াই প্ৰকৃতিৰ নিয়ম৷ কিন্তু আমি মানৱ জাতিয়ে প্ৰকৃতিৰ এই ধৰ্ম কেতিয়াও পালন নকৰোঁ৷ আমাৰ বহুতেই সদায় পুৱা দেৰিকৈ উঠো আৰু নিশা এপৰলৈ খাদ্য গ্ৰহণ কৰোঁ৷ বহুতৰে নিশা বহু দেৰিলৈ উদৰ পূৰাই মাছ-মঙহে খাদ্য খাইহে তৃপ্তি লাভ কৰে৷ এই দীৰ্ঘকালীন অভ্যাসে যে শৰীৰলৈ বিপদ মাতি আনে, সেয়া কিন্তু জানিলেও বা বুজিলেও গ্ৰহণ নকৰে৷ শৰীৰটো স্বাস্থ্যৱান তথা নিৰোগী কৰি ৰাখিবলৈ আমি সঠিক সময়ত উপযুক্ত খাদ্য খোৱাটো প্ৰয়োজনীয়৷ এই ক্ষেত্ৰত ডায়েবেটিছ ৰোগীসকলৰ আৰু অধিক প্ৰভাৱিত কৰে৷ গৱেষণাত প্ৰকাশ পাইছে যে যিসকল লোকে নিশা দেৰিকৈ খাদ্য গ্ৰহণ কৰে, তেওলোকৰ শৰীৰত পুৱা ইনছুলিনৰ স্তৰ অধিক হয়৷ ৰাতিপুৱাৰ আহাৰক দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ বুলি গণ্য কৰা হয়৷ কিন্তু ৰাতিৰ আহাৰ সদায়েই সোনকালে হজম হোৱা বা পৰিমাণটো কম হ’ব লাগে৷ নিশাৰ আহাৰ সোনকালে গ্ৰহণ কৰাৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ বাহাল থকাৰ লগতে শৰীৰৰ সামগ্ৰিক স্বাস্থ্য উন্নত থাকে৷ নিশা পলমকৈ খাদ্য খোৱাৰ ফলত শৰীৰত গ্লুকজৰ স্তৰ হ্ৰাস পায়৷ যাৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ’ব পাৰে৷ খাদ্য গ্ৰহণত নিয়মীয়া সময়ত এটা নাৰাখিলে হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মে আৰু ইয়েই ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে৷ বিশেষজ্ঞই কোৱা মতে সন্ধিয়া সাতৰ পৰা আঠ বজাৰ ভিতৰত নিশাৰ আহাৰ গ্ৰহণ কৰাটে সৰ্বশ্ৰেষ্ঠ সময়৷ নিশা ন বজাৰ পাছত খাদ্য গ্ৰহণ কৰাটো পৰিহাৰ কৰিব লাগে৷ আনহাতে নিশা বাৰ বজাৰত খাদ্য খোৱাটো একেবাৰে উচিত নহয়৷ নিশা দেৰিকৈ খাদ্য খোৱাৰ ফলত শৰীৰৰ ওজন বৃদ্ধি, বিপাকীয় প্ৰক্ৰিয়া খেলিমেলি, টোপনিত নেতিবাচক প্ৰভাৱ আদি একাধিক সমস্যাই দেখা দিয়ে৷ ৰাতি পলমকৈ খাদ্য খালে মেটাবলিজম মন্থৰ হয়, উচ্ছ ৰক্তচাপ বৃদ্ধি হৈ শৰীৰত অতিৰিক্ত চাপ পৰে, যি পৰোক্ষভাৱে কিডনীৰ কাৰ্যক্ষমতা হ্ৰাস কৰে৷ দেৰিলৈ খাদ্য খালে খাদ্য বা পানীয়ই বিশেষকৈ চেনি আৰু নিমখযুক্ত খাদ্যই শৰীৰত তৰল পদাৰ্থৰ ভাৰসাম্য নষ্ট কৰে, যাৰ বাবে কিডনীয়ে জিৰণিৰ সময়তো বিশ্ৰাম নাপায় আৰু অতিৰিক্ত চাপ পৰে৷ এই প্ৰক্ৰিয়া চলি থাকিলে পাছলৈ কিডনীৰ সমস্যাই দেখা দিয়ে৷
উল্লেখ্য যে গুৱাহাটীৰ সোণাপুৰত অৱস্থিত কিডনী হস্পিটেল iUKD হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ আৰু ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল৷ আপুনি বাৰু এনেধৰণৰ সমস্যাত ভুগি আছে নেকি? যেনে– কিডনীৰ ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনীৰ কেঞ্চাৰ, ইউৰিনেৰি ব্লাডাৰত হোৱা কেঞ্চাৰ, যৌনাংগ আৰু অণ্ডকোষৰ কেঞ্চাৰ তথা প্ৰষ্টেটৰ কৰ্কট আৰু লগতে পুৰুষ আৰু মহিলাৰ সকলো প্ৰকাৰৰ যৌন সমস্যা৷ এই আটাইবোৰ ৰোগৰ সু-চিকিৎসাৰ বাবে আজিয়েই যোগাযোগ কৰক গুৱাহাটীৰ সোণাপুৰত থকা iUKDৰ সৈতে৷ উল্লেখ্য যে কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো জটিল অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কিডনী হস্পিটেল iUKDত অত্যাধুনিক লেজাৰ আৰু লেপাৰ’স্কপিক ছাৰ্জাৰীৰ লগতে ৰব’টিক ছাৰ্জাৰীও উপলব্ধ৷ যোগাযোগৰ বাবে ফোন নম্বৰ ঃ 8011501833, 9864104444. iUKDৰ ঠিকনা ঃ Kidney Hospital, iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.
নিশাৰ আহাৰ দেৰিকৈ গ্ৰহণ কৰে নেকি? তেনেহ’লে সাৱধান ! এই বদঅভ্যাসে কিডনীৰো ক্ষতি কৰিব পাৰে

