‘নিউজ লাইভ’ত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Dec 8, 2025 | Uncategorized

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD উদ্যোগত তথা ESKFৰ সহযোগত গুৱাহাটী মহানগৰৰ জি এছ ৰোডৰ খ্ৰীষ্টানবস্তিত থকা ‘নিউজ লাইভ’ৰ কাৰ্যালয়ত যোৱা ৬ ডিচেম্বৰ, ২০২৫, শনিবাৰে iUKDৰ ১৬৮সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন হয়৷ উক্ত চিকিৎসা শিবিৰটোত ৭০গৰাকী সাংবাদিক তথা সংবাদকৰ্মী, কৰ্মকৰ্তাক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰোঁ৷ শিবিৰৰ আৰম্ভণিতে শিবিৰত অংশগ্ৰহণ কৰাসকলক কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগ সম্পৰ্কে তথা ইয়াৰ সজাগতা তথা সাৱধানতাৰ বিষয়ে আমাৰ লগতে আমাৰ সৈতে যোৱা বিশেষজ্ঞ চিকিৎসকে পৰামৰ্শ প্ৰদান কৰে৷ উল্লেখযোগ্য যে আমি সাংবাদিক তথা সংবাদকৰ্মীৰ বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে পোনপ্ৰথমবাৰৰ বাবে মিডিয়া হাউছত পদাৰ্পণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে সাংবাদিকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিহা-পৰামৰ্শ তথা চিকিৎসা সেৱা আগবঢ়াইছোঁ৷ আমাৰ নেতৃত্বত iUKD-এ এইবাৰ বিশেষকৈ গুৱাহাটী মহানগৰীৰ এপাৰ্টমেণ্টবোৰত তথা বিশেষ কিছুমান ঠাইত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজনৰ প্ৰস্তুতি চলাইছে আৰু ইয়াৰ অংশ হিচাপে ‘নিউজ লাইভ’ৰ কাৰ্যালয়ত উক্ত চিকিৎসা শিবিৰ সম্পন্ন হয়৷
উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰকে ধৰি প্ৰত্যন্ত অঞ্চললৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে ইতিমধ্যে আমি গুৱাহাটী মহানগৰৰ এপাৰ্টমেণ্টবোৰৰ আৱাসীৰ সুবিধা হোৱালৈ লক্ষ্য ৰাখি এপাৰ্টমেণ্টে এপাৰ্টমেণ্টে কিডনীজনিত ৰোগৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰি আহিছোঁ৷ গতিকে ইচ্ছুক এপাৰ্টমেণ্টৰ আৱাসীয়ে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ বাবে iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷ আমাৰ ঠিকনা ঃ Institute of Urology and Kidney Diseases [iUKD], Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২. ফোন ঃ- 8011501833, 986410৪4444.