গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু বাঁহজানী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত তথা ESKFৰ সহযোগত আজি [২৫ মাৰ্চ, ২০২৬, বুধবাৰে] নলবাৰীৰ খাদী চকৰ নিত্যানন্দ ছোৱালী হাইস্কুলত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৯৬সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত আমাৰ লগতে iUKDৰ বিশেষজ্ঞ চিকিৎসক ডাঃ বিকাশ চৌধুৰী উপস্থিত থাকি কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰোঁ আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিওঁ৷ আনহাতে ৰোগীৰ মাডত কিছু পৰিমাণে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰোঁ৷ উক্ত চিকিৎসা শিবিৰটোত ৫০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰোঁ৷
উল্লেখ্য যে কিডনী হস্পিটেল iUKD-এ আমাৰ তত্ত্বাৱধানত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰত্যন্ত অঞ্চলকে ধৰি বিভিন্ন চহৰ-নগৰলৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ উল্লেখ্য যে সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে৷
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিডনীজনিত ৰোগত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰি অসমখন এইধৰণৰ জটিল ৰোগৰ পৰা শংকামুক্ত কৰিব পাৰি, তাৰ বাবে আমি জনসাধাৰণৰ মাজত সচেতনতা তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাম কৰি আহিছোঁ৷ আপোনালোকৰো যদি কিডনী-সম্পৰ্কীয় কিবা অসুবিধাই দেখা দিয়ে, তেনেহ’লে পলম নকৰি কিডনী হস্পিটেল সৈতে যোগাযোগ কৰিব পাৰে৷ যোগাযোগৰ পঞ্জীয়নৰ বাবে ফোন নম্বৰ 8011501833, 9864104444, Hospital Address- Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.
নলবাৰীৰ খাদী চকত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

