দলংঘাটত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Dec 18, 2025 | Uncategorized

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু কালাৰ্ছ অব্‌ নৰ্থ ইষ্ট [এন জি অ’] আৰু হেল্পিংহেণ্ড সংস্থা, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন তথা নিউ লাইফ মেডিকেল আৰু হেল্পিংহেণ্ড স্বাস্থ্য সেৱা কেন্দ্ৰৰ উদ্যোগত তথা ESKFৰ সহযোগত টংলাৰ দলংঘাটৰ দলংঘাট উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত ১৭ ডিচেম্বৰ, বুধবাৰে ১৬৯সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰত অনুষ্ঠিত হৈ যায়৷ উক্ত চিকিৎসা শিবিৰটোত ২০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ শিবিৰৰ আৰম্ভণিতে শিবিৰত অংশগ্ৰহণ কৰা ৰোগীসকলক কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগ সম্পৰ্কে iUKDৰ বিশেষজ্ঞ চিকিৎসকে সুন্দৰভাৱে বৰ্ণনা কৰে৷ আনহাতে কিডনীজনিত ৰোগৰ সজাগতা তথা সাৱধানতাৰ বিষয়ে বিশদভাৱে বিৱৰি কোৱাৰ লগতে এই ৰোগৰ ৰোধৰ ক্ষেত্ৰত কিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই সম্পৰ্কে আভাস দাঙি ধৰে৷
উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰকে ধৰি প্ৰত্যন্ত অঞ্চললৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ ৰাইজৰ আশীৰ্বাদ শিৰত লৈ অনাগত দিনতো এইদৰে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি কিডনী সম্পৰ্কীয় যিকোনো ৰোগৰ বিনামূলীয়া চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ৷ সেয়ে আপোনালোকেও স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব বিচাৰিলে কিডনী হস্পিটেল iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷ আমাৰ ঠিকনা ঃ Institute of Urology and Kidney Diseases iUKD Kidney Hospital, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২. যোগাযোগৰ ফোন নম্বৰ ঃ 8011501833, 98641-04444.