ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক স্বাস্থ্যসন্মত ৰুটী

Nov 4, 2026 | Heath Tips

iUKDত প্ৰতি শনিবাৰে উপলব্ধ ডায়েবেটিছ বিশেষজ্ঞ চিকিৎসক

ডায়েবেটিছ হৈছে এনে এক দীৰ্ঘম্যাদী ৰোগ, য’ত তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো অত্যন্ত জৰুৰী। অগ্ন্যাশয়ত পৰ্যাপ্ত পৰিমাণে ইনছুলিন উৎপাদন নোহোৱা অথবা শৰীৰে ইনছুলিন সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি পায়। দীৰ্ঘদিন ধৰি ডায়েবেটিছ নিয়ন্ত্ৰণত নাথাকিলে কিডনী, হৃদযন্ত্ৰ, চকু আৰু স্নায়ুতন্ত্ৰৰ বিভিন্ন জটিলতা সৃষ্টি হ’ব পাৰে। সেয়েহে ডায়েবেটিছ ৰোগীয়ে ঔষধৰ লগতে খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ প্ৰতিও বিশেষ মনোযোগ দিয়া উচিত।

ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত খাদ্য তালিকাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিশেষকৈ ভাত আৰু পৰিশোধিত আটা বা ময়দাৰ পৰিৱৰ্তে আঁহযুক্ত শস্যৰে প্ৰস্তুত কৰা ৰুটী খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি। অৱশ্যে সকলো ৰুটী সমানে উপকাৰী নহয়। ৰুটীত থকা কাৰ্বহাইড্ৰেটৰ পৰিমাণ আৰু গ্লাইছেমিক সূচকৰ ওপৰত নিৰ্ভৰ কৰি তেজত শৰ্কৰাৰ মাত্ৰাৰ প্ৰভাৱ বেলেগ বেলেগ হ’ব পাৰে।

ময়দা প্ৰস্তুত কৰাৰ সময়ত ঘেঁহুৰ পৰা ভূচি আৰু আঁহৰ অধিকাংশ আঁতৰাই পেলোৱা হয়। ফলত ময়দাত আঁহৰ পৰিমাণ কমি যায়। আনহাতে, সম্পূৰ্ণ ঘেঁহুৰ আটাত আঁহ আৰু অন্যান্য পুষ্টিকৰ উপাদান তুলনামূলকভাৱে অধিক থাকে। সেয়েহে পৰিশোধিত ময়দাৰ পৰিৱৰ্তে সম্পূৰ্ণ ঘেঁহুৰ আটা ব্যৱহাৰ কৰাটো অধিক উপযোগী।

ইয়াৰ উপৰি বেচন, জোৱাৰ আৰু ৰাগিৰ আটাৰে প্ৰস্তুত কৰা ৰুটীও খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি। বেচনত প্ৰ’টিন আৰু আঁহ থাকে। জোৱাৰৰ আটাত মেগনেছিয়াম, প্ৰ’টিন আৰু খাদ্য আঁহ পোৱা যায়। আনহাতে, ৰাগিৰ আটাতো আঁহ আৰু বিভিন্ন খনিজ পদাৰ্থ থাকে। এইবোৰ খাদ্যই হজম প্ৰক্ৰিয়া উন্নত কৰাত আৰু তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

ডায়েবেটিছ ৰোগীয়ে ৰুটীৰ পৰিমাণৰ প্ৰতিও সচেতন হোৱা উচিত। প্ৰতিজন ৰোগীৰ বয়স, ওজন, শাৰীৰিক পৰিশ্ৰম, ঔষধ আৰু তেজত শৰ্কৰাৰ মাত্ৰা অনুসৰি দৈনিক কাৰ্বহাইড্ৰেটৰ প্ৰয়োজন বেলেগ বেলেগ হয়। সেয়েহে প্ৰতিদিনে কিমানখন ৰুটী খাব লাগে, সেই বিষয়ে চিকিৎসক অথবা পুষ্টিবিদৰ পৰামৰ্শ লোৱাটো জৰুৰী। কেৱল ৰুটী খালেই ডায়েবেটিছ নিয়ন্ত্ৰণত নাথাকে; সুষম খাদ্য, নিয়মীয়া ব্যায়াম আৰু নিৰ্ধাৰিত চিকিৎসা সমানেই গুৰুত্বপূৰ্ণ।

iUKDত প্ৰতি শনিবাৰে ডায়েবেটিছ বিশেষজ্ঞ চিকিৎসক

ডায়েবেটিছ ৰোগীৰ উন্নত চিকিৎসা আৰু পৰামৰ্শৰ বাবে এই সপ্তাহৰ শনিবাৰে iUKDত উপলব্ধ হ’ব বিশিষ্ট ডায়েবেট’লজিষ্ট ডাঃ ৰণিম নাথ। পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ চিকিৎসকৰ অ’ পি ডি সেৱা লাভ কৰিব পাৰিব।

উল্লেখ্য যে ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰ স্পেচিয়েলিটি কিডনী হস্পিটেল হিচাপে পৰিচিত iUKD (Institute of Urology and Kidney Diseases)ত কিডনী আৰু প্ৰস্ৰাৱজনিত বিভিন্ন ৰোগৰ অত্যাধুনিক চিকিৎসা সেৱা উপলব্ধ।

ইয়াত কিডনী ষ্ট’ন, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ-মহিলাৰ প্ৰস্ৰাৱজনিত সমস্যা, ইউৰ’লজিকেল কৰ্কট ৰোগ, যেনে— কিডনী, ইউৰিনেৰী ব্লাডাৰ, যৌনাংগ, অণ্ডকোষ আৰু প্ৰষ্টেটৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ব্যৱস্থা আছে। ইয়াৰ লগতে পুৰুষ আৰু মহিলাৰ বিভিন্ন যৌন সমস্যাৰ চিকিৎসা সেৱাও উপলব্ধ।

কিডনী অথবা প্ৰস্ৰাৱজনিত যিকোনো সমস্যাত ভুগি থকা ৰোগীয়ে iUKDৰ সৈতে যোগাযোগ কৰি বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

হাস্পতালৰ ঠিকনা:
Kidney Hospital, iUKD
Institute of Urology and Kidney Diseases
Nazirakhat, Sonapur, Guwahati, Assam – 782402

যোগাযোগৰ নম্বৰ:
8011501833, 9864104444