ডায়েবেটিছ বা বহুমূত্ৰ/মধুমেহ হৈছে এক দীৰ্ঘম্যাদী বিপাকীয় ৰোগ। শৰীৰে পৰ্যাপ্ত পৰিমাণে ইনছুলিন উৎপাদন কৰিব নোৱাৰিলে অথবা উৎপাদিত ইনছুলিন সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিলে তেজত গ্লুক’জ বা শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায় আৰু ডায়েবেটিছৰ সৃষ্টি হয়। বৰ্তমান সমগ্ৰ বিশ্বতে ডায়েবেটিছৰ প্ৰাদুৰ্ভাৱ ক্ৰমাৎ বৃদ্ধি পাইছে। শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী আৰু বয়োজ্যেষ্ঠলৈকে সকলো বয়সৰ লোকেই এই ৰোগত আক্ৰান্ত হ’ব পাৰে।
ডায়েবেটিছৰ সাধাৰণ লক্ষণসমূহৰ ভিতৰত সঘনাই প্ৰস্ৰাৱ লগা, অত্যধিক পিয়াহ লগা, কোনো স্পষ্ট কাৰণ নোহোৱাকৈ ওজন কমি যোৱা, অনবৰতে দুৰ্বল বা ভাগৰুৱা অনুভৱ কৰা, দৃষ্টিশক্তি অস্পষ্ট হোৱা আৰু শৰীৰৰ কোনো ঘা সোনকালে নুশুকোৱা আদি উল্লেখযোগ্য। কিন্তু বহু ক্ষেত্ৰত আৰম্ভণিৰ পৰ্যায়ত ডায়েবেটিছৰ কোনো স্পষ্ট লক্ষণ নাথাকে। সেইবাবেই ইয়াক বহু সময়ত ‘Silent Killer’ বা ‘নীৰৱ ঘাতক’ বুলি কোৱা হয়।
ডায়েবেটিছ কিডনীৰ বাবে কিয় বিপজ্জনক?
দীৰ্ঘদিন ধৰি তেজত শৰ্কৰাৰ মাত্ৰা অধিক হৈ থাকিলে কিডনীৰ সূক্ষ্ম ৰক্তনলী আৰু ফিল্টাৰিং ইউনিট বা গ্ল’মেৰুলাছ ক্ষতিগ্ৰস্ত হ’ব পাৰে। ফলত কিডনীৰ ফিল্টাৰিং ক্ষমতা ক্ৰমাৎ হ্ৰাস পায় আৰু ক্ৰনিক কিডনী ডিজিজ (CKD) তথা পৰৱৰ্তী পৰ্যায়ত কিডনী বিকল হোৱাৰ আশংকা বৃদ্ধি পায়।
অতিৰিক্ত ৰক্তশৰ্কৰাই কিডনীৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰে। কিডনীৰ ফিল্টাৰসমূহ ক্ষতিগ্ৰস্ত হ’লে প্ৰস্ৰাৱৰ সৈতে প্ৰ’টিন, বিশেষকৈ এলবুমিন, বাহিৰ হ’বলৈ আৰম্ভ কৰিব পাৰে। এই অৱস্থা আৰম্ভণিতে বহু সময়ত ধৰা নপৰে। ৰোগ ক্ৰমাৎ বৃদ্ধি পালে ভৰি, গোৰোহা বা শৰীৰৰ আন অংশ ফুলি যোৱা, সঘনাই প্ৰস্ৰাৱ লগা, অতিৰিক্ত ভাগৰ বা দুৰ্বলতা আদি লক্ষণ দেখা দিব পাৰে।
ডায়েবেটিছে স্নায়ুৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত মূত্ৰথলি সম্পূৰ্ণৰূপে খালী কৰাত অসুবিধা হ’ব পাৰে। মূত্ৰথলিত প্ৰস্ৰাৱ জমা হৈ থাকিলে মূত্ৰনলীৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায় আৰু কিছুমান ক্ষেত্ৰত ইয়াৰ ফলত কিডনীও ক্ষতিগ্ৰস্ত হ’ব পাৰে।
বিশেষজ্ঞসকলৰ মতে, ডায়েবেটিছ থকা ব্যক্তিৰ কিডনী নিয়মিত পৰীক্ষা কৰোৱাটো অতি গুৰুত্বপূৰ্ণ। ৰক্তত শৰ্কৰাৰ মাত্ৰা, ৰক্তচাপ, কিডনীৰ কাৰ্যক্ষমতা আৰু প্ৰস্ৰাৱত এলবুমিন/প্ৰ’টিনৰ উপস্থিতি আদি সময়মতে পৰীক্ষা কৰিলে কিডনীৰ ক্ষতি আৰম্ভণিতে চিনাক্ত কৰি ইয়াৰ অগ্ৰগতি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায়।
iUKDত বিশেষজ্ঞ চিকিৎসা সেৱা
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ আৰু ভাৰতৰ পঞ্চমখন ছুপাৰ-স্পেচিয়েলিটি কিডনী হস্পিটেল হিচাপে iUKD—Institute of Urology and Kidney Diseases—ত কিডনী আৰু প্ৰস্ৰাৱনলীৰ বিভিন্ন ৰোগৰ অত্যাধুনিক চিকিৎসা সেৱা উপলব্ধ।
iUKDত কিডনী ষ্ট’ন, প্ৰষ্টেটৰ সমস্যা, কিডনী বিকলতা, পুৰুষ আৰু মহিলাৰ বিভিন্ন প্ৰস্ৰাৱজনিত সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ—যেনে কিডনী, ইউৰিনাৰী ব্লাডাৰ, প্ৰষ্টেট, অণ্ডকোষ আৰু অন্যান্য ইউৰ’জেনিটেল কেঞ্চাৰ—আদি সমস্যাৰ চিকিৎসা কৰা হয়। পুৰুষ আৰু মহিলাৰ বিভিন্ন যৌনজনিত সমস্যাৰো বিশেষজ্ঞ চিকিৎসা সেৱা উপলব্ধ।
এতিয়াৰে পৰা প্ৰতিটো শনিবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ iUKDত বিশেষজ্ঞ ডায়েবেটিছ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা লাভ কৰিব পাৰিব। ইয়াৰ উপৰি সপ্তাহৰ প্ৰতিটো দিনতে অভিজ্ঞ ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ বিশেষজ্ঞ দল iUKDত ৰোগীৰ সেৱাত নিয়োজিত হৈ আছে।
iUKDত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ জৰিয়তে অত্যাধুনিক ৰব’টিক অস্ত্ৰোপচাৰো সম্পাদন কৰা হয়।
iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ, ‘LaserMan of India’খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত বিশেষজ্ঞ ইউৰ’লজিষ্টৰ দলে প্ৰতিদিনে ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছে। একেদৰে অভিজ্ঞ নেফ্ৰ’লজিষ্টৰ দলেও সপ্তাহৰ প্ৰতিটো দিনতে কিডনীজনিত ৰোগীৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে।
ডায়েবেটিছ থকা প্ৰতিগৰাকী ব্যক্তিয়ে নিয়মিতভাৱে ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰাৰ লগতে কিডনীৰ স্বাস্থ্যৰ প্ৰতিও সজাগ হোৱা উচিত। কিডনীজনিত কোনো সমস্যা, প্ৰস্ৰাৱৰ পৰিৱৰ্তন বা আন কোনো অস্বাভাৱিক লক্ষণ দেখা দিলে পলম নকৰি বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক।
যোগাযোগ: ৮০১১৫০১৮৩৩, ৯৮৬৪১০৪৪৪৪
Hospital Address: Kidney Hospital iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam–782402.

