ছঘণ্টাতকৈ কম শোৱে নেকি ? তেন্তে সাৱধান শৰীৰৰ ওজন বৃদ্ধিয়ে আনে ডায়েবেটিছৰ আগমন

Jul 30, 2026 | Uncategorized

শৰীৰৰ ওজন কমাবলৈ সাধাৰতে খাদ্যৰ তালিকা পৰিৱৰ্তন কৰা, জিমলৈ যোৱা, খোজকঢ়া আদি বিভিন্ন পদক্ষেপ হাতত লোৱা হয়৷ কিন্তু ইয়াৰ মাজতো এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্ৰয়েই উপক্ষিত হৈ থাকে পৰ্যাপ্ত মাত্ৰাত টোপনি যোৱাটো৷ বিশেষজ্ঞই কোৱা মতে এজন সুস্থ-সবল মানুহৰ বাবে প্ৰতিদিনে অন্ততঃ সাত-আঠ ঘণ্টা টোপনি মৰা প্ৰয়োজন৷ ইয়াৰ অন্যথা অৰ্থাৎ নিয়মিতভাৱে দৈনিক ছঘণ্টাতকৈ কম পৰিমাণৰ টোপনি হ’লে শৰীৰ ক্লান্ত হৈ পৰে৷ শৰীৰৰ অভ্যন্তৰত এনে কিছুমান হৰমনৰ পৰিৱৰ্তন হ’বলৈ ধৰে, যিয়ে শৰীৰৰ ওজন বৃদ্ধিত সহায় কৰে৷ টোপনিৰ অভাৱ কেৱল মাত্ৰ জীৱন-যাপনৰ সমস্যা নহয়, ই এটা বিপাকীয় সমস্যাও৷ পৰ্যাপ্ত মাত্ৰাত টোপনি নহ’লে শৰীৰত কৰ্টিচেল বা মানসিক চাপৰ হৰমনৰ মাত্ৰা বৃদ্ধি পায়৷ এই হৰমনে শৰীৰক বিশেষকৈ পেটৰ চাৰিওফালে চৰ্বি জমা হোৱাৰ অৰিহণা যোগায়৷ ইয়াৰ লগতে তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়িবলৈও আৰম্ভ কৰে৷ যাৰ বাবে শৰীৰটো এনে অৱস্থাত উপনীত হয়, য’ত শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে৷ কম টোপনিয়ে ক্ষুধা নিয়ন্ত্ৰণকাৰী হৰমনৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলায়৷ ঘ্ৰেলিন– যিয়ে ক্ষুধাৰ অনুভূতি বঢ়ায়, ইয়াৰ মাত্ৰা বাঢ়ি যায়৷ আনহাতে লেপটিন, যি মস্তিষ্কক পেটভৰ্তি থকাৰ সংকেত দিয়ে, তাৰ পৰিমাণ কমি যায়৷ যাৰ ফলত পুৱাই টোপনিৰ পৰা উঠিলেই বেছিকৈ ভোক অনুভৱ হয়৷ তেনে অৱস্থাত স্বাস্থ্যকৰ খাদ্যৰ পৰিৱৰ্তে বিস্কুট, মিঠাই, চাহ, ভজা-পোৰা চানাচুৰ অথবা কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰ প্ৰতি আকৰ্ষিত হয়৷ দীৰ্ঘদিন ধৰি এইদৰে খাদ্য গ্ৰহণ কৰাৰ পাছত অতিৰিক্ত কেলৰি শৰীৰত জমা হৈ ওজন বৃদ্ধি হ’বলৈ আৰম্ভ কৰে৷ বিশেষজ্ঞই কোৱা মতে টোপনিৰ অভাৱে ইনছুলিনৰ কাৰ্যকাৰিতা কমাই দিয়ে৷ তেতিয়া অগ্নাশয়ত আৰু বেছিকৈ ইনছুলিন প্ৰস্তুত হয়৷ দীৰ্ঘদিনে এনে অৱস্থা হৈ থাকিলে ফেটি লিভাৰৰ সমস্যা, টাইপ-২ ডায়েবেটিছৰ সমস্যা, পেটৰ মেদ বৃদ্ধি, বিপাকীয় বিভিন্ন জটিলতা আদি সমস্যা হয়৷ বহুতেই ভাবে যে সপ্তাহটোত কম টোপনি হ’লেও বন্ধ বা ছুটীৰ দিনা বেছিকৈ টোপনি মাৰি সেই অভাৱ পূৰণ কৰিব পাৰে৷ কিন্তু নিয়মিত পৰ্যাপ্ত টোপনিৰ কোনো বিকল্প নাই৷ সপ্তাহটোৰ অতিৰিক্ত টোপনিয়ে সাময়িক ক্লান্তি দূৰ কৰিলেও দীৰ্ঘদিনৰ টোপনিৰ অভাৱ পূৰণ কৰিব নোৱাৰে৷ আনহাতে টোপনিৰ অভাৱত ডায়েবেটিছে শৰীৰৰ থিতাপি লোৱা মানেই কিডনীলৈও বিপদ৷ কিয়নো দীৰ্ঘদিনীয়াকৈ তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি থাকিলে কিডনীৰ সমস্যাই সহজে দেখা দিয়ে৷ কিডনী বিকল হোৱা, কিডনী নষ্ট, কিডনীৰ কাৰ্যক্ষম হৈ নথকা আদি কিডনীৰ বিভিন্ন ৰোগে দেখা দিয়ে৷
উল্লেখ্য যে গুৱাহাটীৰ সোণাপুৰত অৱস্থিত কিডনী হস্পিটেল iUKD হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ আৰু ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল৷ আপুনি বাৰু এনেধৰণৰ সমস্যাত ভুগি আছে নেকি? যেনে– কিডনীৰ ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনীৰ কেঞ্চাৰ, ইউৰিনেৰি ব্লাডাৰত হোৱা কেঞ্চাৰ, যৌনাংগ আৰু অণ্ডকোষৰ কেঞ্চাৰ তথা প্ৰষ্টেটৰ কৰ্কট আৰু লগতে পুৰুষ আৰু মহিলাৰ সকলো প্ৰকাৰৰ যৌন সমস্যা৷ এই আটাইবোৰ ৰোগৰ সু-চিকিৎসাৰ বাবে যোগাযোগ কৰক গুৱাহাটীৰ সোণাপুৰত থকা iUKDৰ সৈতে৷ উল্লেখ্য যে কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো জটিল অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কিডনী হস্পিটেল iUKDত অত্যাধুনিক লেজাৰ আৰু লেপাৰ’স্কপিক ছাৰ্জাৰীৰ লগতে ৰব’টিক ছাৰ্জাৰীও উপলব্ধ৷ যোগাযোগৰ বাবে ফোন নম্বৰ ঃ 8011501833, 9864104444. iUKDৰ ঠিকনা ঃ Kidney Hospital, iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.