আজিকালি অফিচৰ মিটিং হওক, কোনো চাহৰ দোকানত বন্ধুমহলৰ আড্ডাত চাহ খোৱাৰ হেঁপাহ আহিলেই বহুতৰে প্ৰথম প্ৰশ্ন– আমাৰ চাহকাপত চেনি নিদিব অথবা বিনা চেনিৰ চাহে বনাব দে৷ এনেধৰণৰ কথা শুনি ওচৰ-পাঁজৰৰ লোকসকলে ভাবি লয় যে মানুহজন নি(য় স্বাস্থ্য সচেতন ব্যক্তি৷ তেওঁৰ লগত থকা বন্ধুমহলেও ট্ৰোল কৰিবলৈ আৰম্ভ কৰে যে আজিৰ পৰা আপোনাৰ এই ট্ৰেণ্ড ফলো কমিব বুলি৷ অকল অফিচ-আদালতে নহয়, কেফেৰ পৰা ঘৰুৱা আড্ডালৈকে সকলো ঠাইতে চেনিবিহীন চাহ খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ আনকি বহুতেই চাহ চেনি নোখোৱাটো যেন আধুনিক আৰু সচেতন জীৱন যাপনৰ প্ৰতীক হিচাপে ধৰি লৈছে৷ বিভিন্ন সময়ত প্ৰশ্নৰ উদয় হয় যে চেনি অবিহনে চাহ খোৱাটো সঁচাকে স্বাস্থ্যৰ বাবে উপকাৰী এটি অভ্যাস নে ই সময়ৰ সৈতে খোজ মিলাই জনপ্ৰিয় হোৱাৰ এটা ফেশ্যন ট্ৰেণ্ড৷ বিজ্ঞান তথা গৱেষণাই কি কয়, সেই বিষয়ে জনাটো কিন্তু অত্যন্ত জৰুৰী৷
পুষ্টিবিদে জনোৱা মতে, যদি আপুনি মাত্ৰ চাহত চেনি বাদ দি বাকী খাদ্য অতিৰিক্ত মিঠা খায়, তেনেহ’লে ইয়াৰ বিশেষ স্বাস্থ্যকৰ লাভ নাথাকে৷ সেয়ে প্ৰতিদিনে খাদ্য তালিকাত যোগ কৰা চেনি কমাই খোৱাটো অৱশ্যেই উপকাৰী৷ বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিছে যে দৈনিক মুঠ কেলৰিৰ দহ শতাংশৰ কম যেন ফ্ৰি ছুগাৰ থকা উচিত৷ আৰু বেছি স্বাস্থ্য উপকাৰ পাবলৈ এই পৰিমাণ পাঁচ শতাংশ বা প্ৰায় পঁচিশ গ্ৰাম পৰ্যন্ত সীমিত ৰখাটো আৱশ্যক৷ একাপ চাহত সাধাৰণতে একৰ পৰা দুই চাহ চামুচ চেনি দিয়া হয়৷ অৰ্থাৎ দিনে তিনিৰ পৰা চাৰি কাপ চাহ সেৱন কৰিলে চাহৰ জৰিয়তে উল্লেখযোগ্য পৰিমাণে চেনি শৰীৰে লাভ কৰে৷ এই অতিৰিক্ত চেনি দীৰ্ঘসময়ৰ বাবে শৰীৰে পাই থাকিলে ওজন বৃদ্ধিৰ সমস্যা, দাঁতৰ সমস্যা, টাইপ-২ ডায়েবেটিছ আদি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ আনহাতে এজন মানুহে নিয়মিত চেনি দিয়া চাহ নাখায়, কিন্তু যদি প্ৰতিদিনে শীতল পানীয়, কে’ক, মিঠাই, অতিৰিক্ত প্ৰক্ৰিয়াজাত খাদ্য খায়, তেনেহ’লে কোনো সুফল নাপায়৷ মনত ৰাখিব স্বাস্থ্যকৰ জীৱন যাপনৰ বাবে সম্পূৰ্ণ খাদ্যাভ্যাসৰ ভাৰসাম্যত গুৰুত্ব দিয়া নিতান্তই প্ৰয়োজন৷
উল্লেখ্য যে গুৱাহাটীৰ সোণাপুৰত অৱস্থিত কিডনী হস্পিটেল iUKD হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ আৰু ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল৷? কিডনীৰ ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনীৰ কেঞ্চাৰ, ইউৰিনেৰি ব্লাডাৰত হোৱা কেঞ্চাৰ, যৌনাংগ আৰু অণ্ডকোষৰ কেঞ্চাৰ তথা প্ৰষ্টেটৰ কৰ্কট আৰু লগতে পুৰুষ আৰু মহিলাৰ সকলো প্ৰকাৰৰ যৌন সমস্যা৷ এই আটাইবোৰ ৰোগৰ সু-চিকিৎসাৰ বাবে যোগাযোগ কৰক গুৱাহাটীৰ সোণাপুৰত থকা iUKDৰ সৈতে৷ উল্লেখ্য যে কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো জটিল অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কিডনী হস্পিটেল iUKDত অত্যাধুনিক লেজাৰ আৰু লেপাৰ’স্কপিক ছাৰ্জাৰীৰ লগতে ৰব’টিক ছাৰ্জাৰীও উপলব্ধ৷ যোগাযোগৰ বাবে ফোন নম্বৰ ঃ 011501833, 9864104444. Hospital Address– Kidney Hospital, iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২
চেনিবিহীন চাহ সেৱন : স্বাস্থ্য সচেতনতাৰ নতুন ট্ৰেণ্ড অত্যধিক চেনি সেৱনে ঘটাব পাৰে বিপদ

