পানীৰ সলনি চাহ, ফলৰ ৰস বা কোল্ড ড্ৰিংকছৰ সৈতে ঔষধ সেৱন কৰাৰ অভ্যাসে কি ক্ষতি কৰিব পাৰে?
প্ৰায়ভাগ লোকৰে পুৱা বিছনাৰ পৰা উঠি হাত-মুখ ধুই চাহৰ কাপত চুমুক দিয়াটো এটা দৈনন্দিন অভ্যাস। ধোঁৱা ওলাই থকা চাহকাপ খোৱাৰ সময়তে বহুতে পুৱা ছুগাৰ বা প্ৰেচাৰৰ টেবলেটো সেৱন কৰে। এনে ব্যক্তিয়ে পানীৰ পৰিৱৰ্তে চাহৰ সৈতেই প্ৰয়োজনীয় ঔষধটো গ্ৰহণ কৰাটো এক নৈমিত্তিক অভ্যাসত পৰিণত কৰিছে।
আনহাতে, দুপৰীয়াৰ সময়তো বহুতে পানীৰ সলনি ফলৰ ৰস বা কোল্ড ড্ৰিংকছৰ সৈতে ঔষধ সেৱন কৰে। অৰ্থাৎ পানীৰ পৰিৱৰ্তে চাহ, ফলৰ ৰস অথবা কোল্ড ড্ৰিংকছৰ সৈতে ঔষধ খোৱাৰ অভ্যাস বহু লোকৰ মাজত দেখা যায়।
কথাটো সাধাৰণ যেন লাগিলেও ঔষধ সেৱনৰ ক্ষেত্ৰত এই অভ্যাস সদায় নিৰাপদ নহ’বও পাৰে। কাৰণ কিছুমান খাদ্য আৰু পানীয়ই ঔষধ শৰীৰত কিমান পৰিমাণে শোষিত হয়, কেনেদৰে বিপাকীয় প্ৰক্ৰিয়াৰ মাজেৰে যায় অথবা তেজত ঔষধৰ মাত্ৰা কিমান থাকে—এই সকলোবোৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত কিছুমান ঔষধৰ কাৰ্যকাৰিতা হ্ৰাস পাব পাৰে, আনহাতে কিছুমান ঔষধৰ ক্ষেত্ৰত শৰীৰত ঔষধৰ মাত্ৰা বৃদ্ধি পাই পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনা বাঢ়িব পাৰে।
অৱশ্যে চাহ বা কফিৰ সৈতে সকলো ঔষধ সেৱন কৰাটো ক্ষতিকাৰক বুলি ক’ব নোৱাৰি। তথাপি কিছুমান নিৰ্দিষ্ট ঔষধৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন।
আইৰনৰ ঔষধৰ ক্ষেত্ৰত চাহ বা কফিৰ সৈতে সেৱন কৰিলে শৰীৰত আইৰন শোষণ কমি যাব পাৰে। সেয়ে আইৰনৰ ঔষধ সেৱনৰ সময়ত চাহ বা কফিৰ পৰা উপযুক্ত ব্যৱধান ৰখাৰ পৰামৰ্শ দিয়া হয়।
থাইৰয়েডৰ ঔষধ লেভোথাইৰক্সিনৰ ক্ষেত্ৰতো ঔষধ সেৱনৰ সময় আৰু খাদ্য-পানীয়ৰ সৈতে ইয়াৰ ব্যৱধান অতি গুৰুত্বপূৰ্ণ। সেয়ে চিকিৎসক বা ফাৰ্মাচিষ্টে দিয়া নিৰ্দেশনা অনুসৰণ কৰা উচিত।
ফলৰ ৰস স্বাস্থ্যকৰ পানীয় হ’লেও ঔষধ খোৱাৰ ক্ষেত্ৰত ই সদায় নিৰাপদ বিকল্প নহয়। বিশেষকৈ আঙুৰৰ ৰসে কিছুমান ঔষধৰ সৈতে গুৰুত্বপূৰ্ণ মিথস্ক্ৰিয়া সৃষ্টি কৰিব পাৰে। ই অন্ত্ৰত ঔষধৰ বিপাকৰ সৈতে জড়িত কিছুমান এনজাইম আৰু পৰিবহনকাৰী প্ৰটিনৰ কাৰ্যত প্ৰভাৱ পেলাব পাৰে। ফলত কিছুমান ঔষধ অধিক পৰিমাণে তেজলৈ শোষিত হৈ পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
আনহাতে, এলাৰ্জিৰ ঔষধ ফেক্সোফেনাডিনৰ ক্ষেত্ৰত আঙুৰ, কমলা বা আপেলৰ ৰসে শৰীৰত ঔষধৰ শোষণ কমাই দিব পাৰে। ইয়াৰ ফলত ঔষধৰ প্ৰত্যাশিত কাৰ্যকাৰিতা হ্ৰাস পাব পাৰে।
কোল্ড ড্ৰিংকছ বা আন কাৰ্বনেটেড পানীয়ৰ সৈতে নিয়মিতভাৱে ঔষধ সেৱন কৰাৰ অভ্যাসো এৰাই চলা উচিত। কাৰণ ঔষধভেদে খাদ্য আৰু পানীয়ই ঔষধৰ শোষণ, বিপাক বা কাৰ্যকাৰিতাত প্ৰভাৱ পেলাব পাৰে।
সাধাৰণভাৱে ক’বলৈ গ’লে, ঔষধ সেৱনৰ সময়ত সাধাৰণ পানী ব্যৱহাৰ কৰাটোৱেই আটাইতকৈ সহজ আৰু নিৰাপদ অভ্যাস। অৱশ্যে কোনো নিৰ্দিষ্ট ঔষধ খাদ্য বা বিশেষ কোনো পানীয়ৰ সৈতে সেৱন কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিলে সেই নিৰ্দেশনা অনুসৰণ কৰিব লাগে।
ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত কিছুমান ক্ষেত্ৰত কিডনীসহ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে। সেয়ে কিডনীৰ সুৰক্ষাৰ লগতে সামগ্ৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধ সেৱন কৰা উচিত।
iUKD—কিডনী আৰু ইউৰ’লজিকেল সমস্যাৰ অত্যাধুনিক চিকিৎসাৰ এক নিৰ্ভৰযোগ্য ঠিকনা
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ উৎসৰ্গিত কিডনী হস্পিটেল iUKDত পুৰুষৰ প্ৰষ্টেটজনিত বিভিন্ন সমস্যাৰ অত্যাধুনিক চিকিৎসা সেৱা উপলব্ধ।
ইয়াৰ উপৰি iUKDত কিডনী ষ্ট’ন, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱজনিত সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ—যেনে কিডনী, ইউৰিনাৰী ব্লাডাৰ, যৌনাংগ আৰু অণ্ডকোষৰ কৰ্কটৰোগ, লগতে প্ৰষ্টেট কেঞ্চাৰ—আৰু পুৰুষ-মহিলাৰ বিভিন্ন যৌন সমস্যাৰ বিজ্ঞানসন্মত আৰু অত্যাধুনিক চিকিৎসা সেৱা আগবঢ়োৱা হয়।
তদুপৰি, প্ৰতি দেওবাৰে কিডনী হস্পিটেল iUKDত বিভিন্ন প্ৰস্ৰাৱ আৰু কিডনীজনিত ৰোগৰ ক্ষেত্ৰত BPL কাৰ্ডধাৰী ৰোগীৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ বিনামূলীয়া পৰামৰ্শ লাভ কৰাৰ সুবিধা আছে।
কিডনী তথা প্ৰস্ৰাৱজনিত বিভিন্ন জটিল ৰোগৰ উন্নত চিকিৎসাৰ বাবে যোগাযোগ কৰক গুৱাহাটীৰ সোণাপুৰস্থিত iUKDৰ সৈতে।
কিডনী তথা প্ৰস্ৰাৱজনিত জটিল অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত iUKDত অত্যাধুনিক লেজাৰ, লেপাৰ’স্কপিক আৰু ৰব’টিক ছাৰ্জাৰীৰ সুবিধাও উপলব্ধ।
যোগাযোগ: ৮০১১৫০১৮৩৩ / ৯৮৬৪১০৪৪৪৪
Hospital Address:
Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD),
Nazirakhat, Sonapur, Guwahati, Assam – 782402.

