চাপৰমুখত কিডনী হস্পিটেল iUKDৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

Dec 4, 2025 | Uncategorized

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ৩ ডিচেম্বৰ, ২০২৫, বুধবাৰে নগাঁও জিলাৰ ৰহাৰ চাপৰমুখত থকা হীৰা মেডিমাৰ্ট আৰু হীৰা ড্ৰাগ্‌ ডিষ্ট্ৰিবিউটৰ্ছত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৬৪সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷ শিবিৰৰ আৰম্ভণিতে আয়োজিত এক অনুষ্ঠানত ৰহা বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় শশীকান্ত দাসদেৱ উপস্থিত থাকি আমাৰ এই জনকল্যাণকামী কামৰ শলাগ লোৱাৰ লগতে আমাক ধন্যবাদ জ্ঞাপন কৰে৷ আমিও বিধায়ক মহোদয়ৰ কথাত যথেষ্ট সন্দেহ ব্যক্ত কৰোঁ আৰু অনাগত দিনত চিকিৎসাৰ জৰিয়তে এইদৰে ৰাইজক সেৱা কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰোঁ৷ আনহাতে শিবিৰৰ আৰম্ভণিতে শিবিৰত অংশগ্ৰহণ কৰা ৰোগীসকলক কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগ সম্পৰ্কে তথা ইয়াৰ সজাগতা তথা সাৱধানতাৰ বিষয়ে বিশদভাৱে বিৱৰি কওঁ৷ ইয়াৰ লগতে এই ৰোগৰ বিস্তৃতি ৰোধৰ ক্ষেত্ৰত আমি কিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই সম্পৰ্কে কিছু আভাস দাঙি ধৰোঁ৷ উল্লেখ নকৰি নোৱাৰি যে এইকণ সুযোগ তথা সুবিধা কৰি দিয়াৰ বাবে আমি উদ্যোক্তাসকলৰ ওচৰত সদায় কৃতাৰ্থ হওঁ আৰু ধন্যবাদ জ্ঞাপন কৰোঁ৷ ৰাইজৰ আশীৰ্বাদ শিৰত লৈ অনাগত দিনতো এইদৰে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি কিডনী সম্পৰ্কীয় ৰোগৰ বিনামূলীয়া চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত আমি সদায় দৃঢ়প্ৰতিজ্ঞ৷ আপোনালোকেও এইধৰণৰ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব বিচাৰিলে কিডনী হস্পিটেল iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷ আমাৰ ঠিকনা : ইন্‌ষ্টিটিউট অব্‌ ইউৰ’লজি এণ্ড কিডনী ডিজিজেছ [iUKD], নাজিৰাখাট, সোণাপুৰ, গুৱাহাটী-৭৮২৪০২৷ ফোন কৰক ঃ 8011501833, 9864104444