চকলেট বেছিকৈ খোৱাৰ অভ্যাস আছে যদি সাৱধান !

Aug 1, 2026 | Uncategorized

কিডনীকে ধৰি শৰীৰৰ আন অংগৰ বাবে হ’ব পাৰে বিপদ
অতিৰিক্ত চকলেট খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ বেছিকৈ চকলেট খোৱাৰ ফলত শৰীৰৰ ওজন বৃদ্ধি, দাঁতৰ ক্ষয় আৰু তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাব পাৰে৷ চকলেটত থকা অতিৰিক্ত কেলৰি আৰু চৰ্বিয়ে শৰীৰৰ ওজন দ্ৰুতগতিত বঢ়ায়৷ চকলেটত থকা চেৱিন আৰু আঠাজাতীয় উপাদানে দাঁতৰ এনামেল নষ্ট কৰে আৰু পোক লগাই দাঁতৰ ক্ষয়প্ৰাপ্তত সহায় কৰে৷ তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পোৱা মানেই ডায়েবেটিছ ৰোগৰ আশংকা বৃদ্ধি পোৱা৷ আনহাতে অতিৰিক্ত চকলেট খোৱাৰ ফলত হজম শক্তি হ্ৰাস কৰি পেটৰ বিষ বা গেছৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ চকলেটত থকা কেফেইনৰ বাবে টোপনিৰ মাত্ৰা কমাই দি টোপনিত ব্যাঘাত জন্মায়৷ ইয়াৰ উপৰি চকলেটত কোকো থাকে, যি উপাদানে কেফেইন ইনচমনীয়া বা অনিদ্ৰাৰ সৃষ্টি কৰিব পাৰে৷ চকলেটে কিছুমানৰ পাকস্থলীৰ স্তৰ কোকোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ পেটৰ বিষ, বমি, গেষ্ট্ৰিকৰ সমস্যা, জ্বলা-পোৰাৰ দৰে উপসৰ্গই দেখা দিব পাৰে৷ বেছিকৈ চকলেট খোৱাৰ ফলত হাৰ্টৰ পালপিটিশ্যন বঢ়াই দিব পাৰে৷ শিশুটিৰ ক্ষেত্ৰত চকলেটৰ আসক্তি যথেষ্ট বৃদ্ধি পাব পাৰে, তেনেক্ষেত্ৰত চকলেট খাবলৈ নাপালে খুব অস্থিৰ অনুভৱ কৰে৷ সেই দিশত সচেতন হোৱা দৰকাৰ৷ সাধাৰণতে শিশুসকলে ডাৰ্ক চকলেটৰ পৰিৱৰ্তে বিভিন্ন ধৰণৰ মিল্ক চকলেট পচন্দ কৰে৷ এইধৰণৰ চকলেট খুব বেছি মিঠা আৰু আঠা বা ষ্টিকি ভাবৰ হয়৷ এই মিঠা ভাব মুখৰ বেক্টেৰিয়াৰ বাবে আদৰ্শ খাদ্য৷ সেয়ে শিশুসকলৰ ক্ষেত্ৰত প্ৰায়েই মুখৰ কেভিটি বা দাঁতৰ ক্ষয় ৰোগ হোৱা দেখা যায়৷ আনহাতে অতিৰিক্ত চকলেট খোৱাৰ ফলত কিডনীৰ বাবে ক্ষতিকাৰক হ’ব পাৰে৷ বিশেষকৈ যদি আপোনাৰ ইতিমধ্যে কিডনীৰ ৰোগ বা কিডনীৰ ষ্ট’নৰ সমস্যা আছে, তেনেক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ চকলেটত থকা কেলচিয়াম অক্সালেটে পাথৰ প্ৰস্তুত কৰাত সহায় কৰে৷ যাৰ বাবে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা বাঢ়ে৷ চকলেটত প্ৰাকৃতিকভাৱে পটাচিয়াম আৰু ফচফৰাছ থাকে৷ দুৰ্বল কিডনীয়ে এই খনিজ তেজৰ পৰা ভালদৰে ফিল্টাৰ কৰিব নোৱাৰে৷ যাৰ ফলত শৰীৰত জমা হৈ হৃদযন্ত্ৰ আৰু হাড়ৰ ক্ষতি কৰিব পাৰে৷ চকলেটত থকা অত্যধিক চেনি আৰু চৰ্বিয়ে কিডনীৰ ৰক্তনলী আৰু ফিল্টাৰবোৰ ক্ষতিগ্ৰস্ত কৰি উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ হোৱাৰ সহায় কৰে৷ সেয়ে যিকোনো সুস্থ লোকৰ বাবে সীমিত পৰিমাণে চকলেট খোৱাটো অতি প্ৰয়োজনীয়৷
উল্লেখ্য যে গুৱাহাটীৰ সোণাপুৰত অৱস্থিত কিডনী হস্পিটেল iUKD হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ আৰু ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল৷ আপুনি বাৰু এনেধৰণৰ সমস্যাত ভুগি আছে নেকি? যেনে– কিডনীৰ ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনীৰ কেঞ্চাৰ, ইউৰিনেৰি ব্লাডাৰত হোৱা কেঞ্চাৰ, যৌনাংগ আৰু অণ্ডকোষৰ কেঞ্চাৰ তথা প্ৰষ্টেটৰ কৰ্কট আৰু লগতে পুৰুষ আৰু মহিলাৰ সকলো প্ৰকাৰৰ যৌন সমস্যা৷ এই আটাইবোৰ ৰোগৰ সু-চিকিৎসাৰ বাবে আজিয়েই যোগাযোগ কৰক গুৱাহাটীৰ সোণাপুৰত থকা iUKDৰ সৈতে৷ উল্লেখ্য যে কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো জটিল অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কিডনী হস্পিটেল iUKDত অত্যাধুনিক লেজাৰ আৰু লেপাৰ’স্কপিক ছাৰ্জাৰীৰ লগতে ৰব’টিক ছাৰ্জাৰীও উপলব্ধ৷ যোগাযোগৰ বাবে ফোন নম্বৰ ঃ 8011501833, 9864104444. iUKDৰ ঠিকনা ঃ Kidney Hospital, iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.