যোৱা ১০ ফেব্ৰুৱাৰী, ২০২৬, মঙলবাৰে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত গুৱাহাটী মহানগৰীৰ পাণবজাৰস্থিত মতিলাল নেহৰু পথত থকা ইণ্ডিয়ান অভাৰচিড বেংকত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৮৫সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন হয়৷ উক্ত চিকিৎসা শিবিৰটোত iUKDৰ চিকিৎসক ডাঃ মনীষা ঠাকুৰীয়া উপস্থিত থাকি কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যা বিনামূলীয়াকৈ চিকিৎসা তথা পৰামৰ্শ প্ৰদান কৰে লগতে কিছু পৰিমাণে বিনামূলীয়া ঔষধো যোগান ধৰে৷ উক্ত চিকিৎসা শিবিৰটোত ৪০গৰাকী লোকক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷
উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চহৰ-নগৰলৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে৷ ইতিমধ্যে আমি চিকিৎসাৰ জৰিয়তে ইতিমধ্যে সমাজৰ হকে বিভিন্ন কল্যাণমূলক কাম কৰি আহিছোঁ, যাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিডনীজনিত ৰোগত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰি অসমখন এইধৰণৰ জটিল ৰোগৰ পৰা শংকামুক্ত কৰিব পাৰোঁ৷ তাৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাম কৰি আহিছোঁ৷ আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰোঁ যে যিসকল ব্যক্তিয়ে কিডনীজনিত ৰোগ ভুগি আছে, তেওঁলোকে আমাৰ হস্পিটেলৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে৷ হিস্পটেলৰ ঠিকনা ঃ-
Kidney Hospital : Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২
যোগাযোগৰ ফোন নম্বৰ ঃ 8011501833, 9864104444
গুৱাহাটীৰ পাণবজাৰত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

