iUKDত অত্যাধুনিক লেজাৰ প্ৰযুক্তিৰে কিডনী ষ্ট’নৰ উন্নত চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ ব্যৱস্থা
মানৱ শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংগ দুটাৰ ভিতৰত কিডনী অন্যতম। তেজ পৰিশোধন কৰি শৰীৰৰ পৰা বৰ্জিত পদাৰ্থ আৰু অতিৰিক্ত পানী প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰাত কিডনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু বিভিন্ন কাৰণত কিডনীত সৃষ্টি হ’ব পাৰে পাথৰ বা ষ্ট’ন, যিয়ে সময়মতে উপযুক্ত চিকিৎসা নকৰিলে কিডনীৰ স্বাভাৱিক কাৰ্যক্ষমতাত বাধাৰ সৃষ্টি কৰিব পাৰে। আনকি কিছুমান জটিল ক্ষেত্ৰত কিডনীৰ স্থায়ী ক্ষতিৰো কাৰণ হৈ পৰিব পাৰে।
সাধাৰণতে প্ৰস্ৰাৱত কেলচিয়াম, ছ’ডিয়াম, অক্সালেট, ইউৰিক এচিডকে ধৰি বিভিন্ন খনিজ পদাৰ্থ আৰু এচিড থাকে। যেতিয়া প্ৰস্ৰাৱত এই পদাৰ্থসমূহৰ ঘনত্ব বৃদ্ধি পায় আৰু পৰ্যাপ্ত পৰিমাণৰ পানী নাথাকে, তেতিয়া সেইবোৰে স্ফটিকৰ ৰূপ ল’বলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত এই স্ফটিকসমূহ একত্ৰিত হৈ কিডনীত পাথৰ বা ষ্ট’নৰ সৃষ্টি কৰে। সৰু আকাৰৰ কিছুমান পাথৰ প্ৰস্ৰাৱৰ সৈতে স্বাভাৱিকভাৱে বাহিৰ হৈ যাব পাৰে যদিও ডাঙৰ আকাৰৰ পাথৰ বা জটিল অৱস্থাত বিশেষ চিকিৎসা অথবা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়।
বৰ্তমান সময়ত কিডনীৰ ষ্ট’নৰ সমস্যা বহু লোকৰ মাজত পৰিলক্ষিত হৈছে। বিশেষকৈ পৰ্যাপ্ত পৰিমাণে পানী নোখোৱা, খাদ্যাভ্যাস, শৰীৰত পানীৰ অভাৱ, বংশগত কাৰণ আৰু কিছুমান বিপাকীয় সমস্যাই এই ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।
কিডনীৰ ষ্ট’নৰ অন্যতম প্ৰধান লক্ষণ হৈছে পিঠি, কঁকাল আৰু তলপেটত হোৱা তীব্ৰ বিষ। এই বিষ কেতিয়াবা হঠাৎ বৃদ্ধি পায় আৰু কিছু সময়ৰ পিছত কমি যায়। ইয়াৰ উপৰি প্ৰস্ৰাৱৰ ৰং ৰঙা, গুলপীয়া বা মুগা হ’ব পাৰে। ঘনে ঘনে প্ৰস্ৰাৱৰ অনুভৱ হোৱা, প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা কৰা, বমি বমি ভাব বা বমি হোৱা আদিও এই ৰোগৰ লক্ষণ হ’ব পাৰে। কেতিয়াবা সংক্ৰমণৰ ফলত জ্বৰ আৰু কঁপনিও উঠিব পাৰে। অৱশ্যে কিছুমান ৰোগীৰ ক্ষেত্ৰত কোনো স্পষ্ট লক্ষণ নোহোৱাকৈও কিডনীত পাথৰ থাকিব পাৰে।
সেয়ে এনে লক্ষণ দেখা দিলে অৱহেলা নকৰি শীঘ্ৰে এগৰাকী ইউৰ’লজিষ্টৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। বিশেষকৈ জ্বৰ আৰু কঁপনিৰ সৈতে কিডনীৰ ষ্ট’নৰ লক্ষণ দেখা দিলে তৎকালীন চিকিৎসাৰ প্ৰয়োজন, কিয়নো প্ৰস্ৰাৱৰ পথ বন্ধ হৈ সংক্ৰমণ হ’লে ই বিপজ্জনক ৰূপ ধাৰণ কৰিব পাৰে।
উল্লেখ্য যে গুৱাহাটীৰ সোণাপুৰৰ নাজিৰাখাটস্থিত iUKD (Institute of Urology and Kidney Diseases) উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বিশেষ কিডনী চিকিৎসা প্ৰতিষ্ঠান। ইয়াত কিডনী আৰু প্ৰস্ৰাৱতন্ত্ৰৰ বিভিন্ন ৰোগৰ পৰীক্ষা-নিৰীক্ষা, পৰামৰ্শ আৰু চিকিৎসা সেৱা আগবঢ়োৱা হয়।
কিডনীৰ ষ্ট’নৰ চিকিৎসাৰ ক্ষেত্ৰত iUKDত অত্যাধুনিক লেজাৰ প্ৰযুক্তিৰে অস্ত্ৰোপচাৰ আৰু চিকিৎসাৰ ব্যৱস্থা আছে। অভিজ্ঞ ইউৰ’লজিষ্টৰ তত্ত্বাৱধানত ৰোগীৰ অৱস্থা, পাথৰৰ আকাৰ আৰু অৱস্থান অনুসৰি উপযুক্ত চিকিৎসা পদ্ধতি নিৰ্ধাৰণ কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু ৰোগীয়ে ইয়াত লেজাৰ পদ্ধতিকে ধৰি উন্নত চিকিৎসা সেৱা গ্ৰহণ কৰিছে। ইয়াৰ উপৰি কিডনী চিকিৎসাৰ ক্ষেত্ৰত বিশেষ আৰু জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ জৰিয়তেও প্ৰতিষ্ঠানটোৱে বিশেষ পৰিচয় গঢ়ি তুলিছে।
ৰোগীৰ সুবিধাৰ্থে iUKDত সপ্তাহৰ প্ৰতিটো দিনতে অভিজ্ঞ ইউৰ’লজিষ্টৰ দ্বাৰা কিডনীজনিত ৰোগৰ পৰামৰ্শ আৰু অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰাৰ ব্যৱস্থা আছে।
কিডনী হৈছে শৰীৰৰ এক অমূল্য অংগ। সেয়ে কিডনী সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে পানী খোৱা, স্বাস্থ্যসন্মত খাদ্যাভ্যাস গঢ়ি তোলা আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰোৱাটো প্ৰয়োজনীয়। কিডনীৰ ষ্ট’নৰ সমস্যা চিনাক্ত হ’লে সময়মতে চিকিৎসা গ্ৰহণ কৰিলেহে ভৱিষ্যতৰ জটিলতা আৰু কিডনীৰ ক্ষতিৰ আশংকা হ্ৰাস কৰিব পৰা যায়।
কিডনীৰ যিকোনো সমস্যা বা ষ্ট’নৰ চিকিৎসাৰ বাবে যোগাযোগ কৰক —
ঠিকনা:
Kidney Hospital, iUKD
Institute of Urology and Kidney Diseases
Nazirakhat, Sonapur, Guwahati, Assam – 782402
যোগাযোগৰ নম্বৰ:
8011501833, 9864104444

