গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD, কালাৰ্ছ অব্ নৰ্থ ইষ্ট [NGO] আৰু হেল্পিংহেণ্ড সংস্থাৰ উদ্যোগত তথা ESKF আৰু দৰং কেঞ্চাৰ কেন্দ্ৰ, ঢেকীয়াজুলি চকু চিকিৎসালয়ৰ সহযোগত যোৱা ২৬ নৱেম্বৰ, ২০২৫, বুধবাৰে ওদালগুৰি জিলাৰ টংলাৰ গোবিন্দবাৰীৰ তিনি নং ৱাৰ্ডত অনুষ্ঠিত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৬১সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ আমি অংশগ্ৰহণ কৰোঁ৷ উক্ত চিকিৎসা শিবিৰটোত প্ৰায় ৩০গৰাকী কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰোঁ৷ শিবিৰৰ আৰম্ভণিতে শিবিৰত অংশগ্ৰহণ কৰা ৰোগীসকলক কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগ সম্পৰ্কে তথা ইয়াৰ সজাগতা তথা সাৱধানতাৰ বিষয়ে বিশদভাৱে বিৱৰি কিডনীজনিত ৰোগ ৰোধৰ ক্ষেত্ৰত আমি কিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই সম্পৰ্কে কিছু আভাস দাঙি ধৰোঁ৷ এইকণ সুযোগ তথা সুবিধা কৰি দিয়াৰ বাবে আমি উদ্যোক্তাৰ ওচৰত কৃতাৰ্থ হওঁ আৰু ধন্যবাদ জ্ঞাপন কৰোঁ৷ ৰাইজৰ আশীৰ্বাদ শিৰত লৈ অনাগত দিনতো এইদৰে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি কিডনী সম্পৰ্কীয় ৰোগৰ বিনামূলীয়া চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ৷ আপোনাসৱৰ জ্ঞাতাৰ্থে জনাওঁ যে এইধৰণৰ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব বিচাৰিলে কিডনী হস্পিটেল iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷
ওদালগুৰিত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

