ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ উদ্যোগত আৰু আছাম ইউৰ’লজিকেল ছ’চাইটিৰ সহযোগত যোৱা ১৪ ডিচেম্বৰ, ২০২৫, দেওবাৰে কমিউনিটি ইউৰ’লজি প্ৰগ্ৰামৰ অধীনত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ গুৱাহাটীৰ সমীপৱৰ্তী মায়ঙৰ জাৰগাঁৱত অনুষ্ঠিত হৈ যায়৷ আনহাতে সোমবাৰ অৰ্থাৎ আজি জি এম চি এইচত অপাৰেটিভ ছেছন অনুষ্ঠিত হৈ আছে৷ উক্ত চিকিৎসা শিবিৰত আমি অংশগ্ৰহণ কৰি উপস্থিত ৰোগীসকলক কিডনী আৰু প্ৰস্ৰাৱজনিত ৰোগ সম্পৰ্কে তথা কিডনীজনিত ৰোগৰ বিস্তৃতি ৰোধৰ ক্ষেত্ৰত কিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই সম্পৰ্কে কিছু আভাস দাঙি ধৰিছিলোঁ৷ ইয়াৰ পাছতে এই স্বাস্থ্য পৰীক্ষা শিবিৰলৈ অহা ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াওঁ৷ আমাক এইকণ সুযোগ তথা সুবিধা কৰি দিয়াৰ বাবে উদ্যোক্তাৰ শলাগ লোৱাৰ লগতে অলেখ ধন্যবাদ জ্ঞাপন কৰোঁ৷
ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ উদ্যোগত মায়ঙত স্বাস্থ্য পৰীক্ষা শিবিৰ

