অত্যধিক নিমখ সেৱন মহাবিপদনিমখে নষ্ট কৰিব পাৰে : কিডনী iUKDত কিডনী ৰোগৰ সুচিকিৎসা উপলব্ধ

Jul 27, 2026 | Uncategorized

অত্যধিক নিমখ সেৱনে কিডনীৰ ক্ষতি কৰে আৰু ক্ৰনিক ডিজিজ বা কিডনী বিকল হোৱাৰ সম্ভাৱনা মাৰাত্মকভাৱে বৃদ্ধি কৰে৷ উল্লেখ্য যে নিমখত থকা ছ’ডিয়ামে তেজৰ অতিৰিক্ত পানী শুহি লয়৷ ইয়াৰ ফলত তেজৰ পৰিমাণ আৰু ৰক্তনলীৰ ওপৰত চাপ বঢ়াই দিয়ে৷ এই উচ্চ ৰক্তচাপ কিডনীৰ সূক্ষ্ম নেফ্ৰনবোৰৰ ক্ষতিগ্ৰস্ত কৰে৷ আনহাতে অতিৰিক্ত ছ’ডিয়াম শৰীৰৰ পৰা বাহিৰ কৰি দিবলৈ কিডনীয়ে স্বাভাৱিতকৈ বহুবেছি পৰিশ্ৰম কৰিবলগীয়া হয়৷ দীৰ্ঘদিন এনেদৰে চাপ বৃদ্ধিৰ ফলত কিডনীৰ ৰক্ত পৰিশোধনৰ স্বাভাৱিক ক্ষমতা নষ্ট কৰে৷ অৰ্থাৎ কিডনীৰ কাৰ্যক্ষমতা হ্ৰাস পায়৷ অতিৰিক্ত নিমখ সেৱনৰ ফলত প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা আৱশ্যকীয় প্ৰ’টিন বা এলবুমিন বাহিৰ হ’বলৈ আৰম্ভ কৰে, যি কিডনী নষ্ট বা বিকল হোৱাৰ অন্যতম প্ৰাথমিক লক্ষণ৷ অন্যহাতে কিডনী দুৰ্বল হৈ পৰিলে শৰীৰৰ পৰা অতিৰিক্ত ছ’ডিয়াম আৰু পানী বাহিৰ হোৱাত বাধাপ্ৰাপ্ত হয়৷ ইয়াৰ ফলত হাত-ভৰি, ভৰিৰ গোৰোহা, চকুৰ আশ-পাশ ফুলি উঠে৷ বেছিকৈ নিমখ খোৱাৰ ফলত প্ৰস্ৰাৱত কেলচিয়ামৰ পৰিমাণ বাঢ়ি যায়, যি পৰৱৰ্তী সময়ত কিডনীত পাথৰ জমা হোৱাৰ আশংকা বৃদ্ধি কৰে৷ অতিৰিক্ত নিমখ সেৱনৰ কাৰণে কিডনী ক্ষতিগ্ৰস্ত হ’লে শৰীৰত কিছুমান উপসৰ্গই দেখা দিয়ে৷ তাৰ ভিতৰত হাত, ভৰি ফুলি উঠা, প্ৰস্ৰাৱৰ পৰিমাণ বা বেগ বাঢ়ি যোৱা, নিশা ঘনে ঘনে প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱৰ অত্যধিক ফেন ওলোৱা বা বুদবুদ দেখা দিয়া, সকলো সময়তে অত্যঝিক ক্লান্তি বা দুৰ্বলতা অনুভৱ হোৱা, যিকোনো কামতে মনোযোগৰ অভাৱ হোৱা, বমি বমি ভাব লাগি থকা, খোৱাৰ প্ৰতি অনিচ্ছা লগা তথা উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত নথকা আদি৷ কিডনীৰ সুৰক্ষা তথা সুস্বাস্থ্যৰ বাবে কিছু পদক্ষেপ লোৱা অতি প্ৰয়োজন৷ ৰন্ধা ব্যঞ্জনৰ বাদে খোৱাৰ সময়ত অতিৰিক্তভাৱে নিমখ সেৱন কৰা মুঠেও উচিত নহয়৷ প্ৰক্ৰিয়াজাত খাদ্য যেনে– ছিপছ, চানাচুৰ, আচাৰ, চচ, কেনড ফুড, ফাষ্ট ফুড আদিত প্ৰচুৰ পৰিমাণে লুকানো ছ’ডিয়াম থাকে৷ গতিকে এইধৰণৰ খাদ্য সীমিত পৰিমাণে খোৱাৰ অভ্যাস কৰিব৷ আনহাতে খাদ্যৰ সোৱাদ বঢ়াবলৈ নিমখৰ পৰিৱৰ্তে নেমুৰ ৰস, ধনিয়াপাত, জালুক, বিভিন্ন প্ৰকাৰৰ ভেষজ মছলা ব্যৱহাৰ কৰিব পাৰে৷ দৈনিক পৰ্যাপ্ত পৰিমাণে পানী সেৱনৰ কৰাৰ অভ্যাস কৰিব৷ যিয়ে কিডনীৰ পৰা টক্সিন বা বৰ্জ্য পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰে৷ আনহাতে আপোনাৰ যদি ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদিৰ দৰে অসুখ আছে, তেনে ক্ষেত্ৰত নিয়মিতভাৱে তেজত ক্ৰিয়েটিনিন তথা প্ৰস্ৰাৱৰ পৰীক্ষা কৰা খুবেই জৰুৰী৷
উল্লেখ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ তথা ভাৰতবৰ্ষৰ পঞ্চমখন ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল iUKD হৈছে কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো সমস্যাৰ অত্যাধুনিক আৰু সম্পূৰ্ণ নিৰ্ভৰযোগ্য চিকিৎসা৷ iUKDত কিডনী ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনী, ইউৰিনেৰি ব্লাডাৰ, যৌনাংগ আৰু অণ্ডকোষ তথা প্ৰষ্টেটৰ কৰ্কট, পুৰুষ আৰু মহিলাৰ সকলোপ্ৰকাৰৰ যৌন সমস্যা আদি সকলো সমস্যাৰে চিকিৎসা সেৱা সপ্তাহৰ প্ৰতিটো দিনতে অভিজ্ঞ ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দ্বাৰা লাভ কৰিব৷ আনহাতে সপ্তাহত প্ৰতিটো দিনতে বিশেষজ্ঞ ইউৰ’লজিষ্টৰ দল ২৪ ঘণ্টাই iUKDত উপলব্ধ৷ iUKDত কেৱল কিডনী সম্পৰ্কীয় সকলোধৰণৰ চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে iUKDত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত বিশেষ স্থান দখল কৰিছে৷
উল্লেখ্য যে আমাৰ তত্ত্বাৱধানত এটা বিশেষজ্ঞ ইউৰ’লজিষ্টৰ দলে প্ৰতিটো দিনতে ৰোগীৰ সহায়ক হোৱাকৈ অহৰহ চিকিৎসা প্ৰদান কৰি আহিছে৷ একেদৰে এটা নেফ্ৰ’লজিষ্টৰ দলেও সম্পূৰ্ণ সপ্তাহটোৱে চিকিৎসা সেৱা আগবঢ়াই আহিছে৷ আপোনাৰো যদি কিডনীজনিত সমস্যাই দেখা দিছে, তেন্তে পলম নকৰি কিডনী হস্পিটেল iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷ যোগাযোগৰ ফোন নম্বৰ 8011501833, 9864104444৷ হস্পিটেলৰ ঠিকনা হ’ল– Hospital Address- Kidney Hospital iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.