iUKDৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ প্রতিষ্ঠা দিৱসত ডা: অৰূপ কুমাৰ নাথলৈ ভক্তিভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ আজি গুৱাহাটীৰ সোণাপুৰস্থিত Institute of Urology and Kidney Disease চমুকৈ iUKD দ্বি-বার্ষিক প্রতিষ্ঠা দিৱস আছিল আৰু আমাকো তালৈ নিমন্ত্ৰণ কৰা হৈছিল। কিন্তু ব্যক্তিগত অসুবিধাৰ বাবে আমি অনুষ্ঠানত উপস্থিত হ’ব নোৱাৰিলোঁ। যি নহওক, Institute of urology and kidney disease অর্থাৎ iUKD সম্প্রতি অসমৰ এখন অদ্বিতীয় আৰু সর্বোত্তম চিকিৎসালয়। ইয়াৰ চিকিৎসা পদ্ধতি অন্যান্য। পৰিষ্কাৰ আৰু ৰোগীৰ পৰিচৰ্যা লক্ষণীয়ভাৱে উন্নত আৰু সেইদৰে তুলনামূলকভাৱে চিকিৎসা ব্যয় বহু কম। অৱশ্যে আটাইতকৈ মন কৰিবলগীয়া কথাটো হ’ল যে এই iUKD চিকিৎসালয়ৰ মুৰব্বী চিকিৎসক মাননীয় ডা: অৰূপ কুমাৰ নাথৰ মানৱদৰদী মানসিকতা আৰু তেওঁৰ মৰমিয়াল ব্যৱহাৰে ৰোগীসকলক বহু পৰিমাণে অনুপ্রাণিত কৰে। তদুপৰি সাম্প্ৰতিক সময়ত ভাৰতৰ শ্ৰেষ্ঠ Urology চিকিৎসকসকলৰ ভিতৰত মাননীয় ডাঃ অৰূপ কুমাৰ নাথ যে সর্বশ্রেষ্ঠ সেয়া ভাৰতৰ বিভিন্ন চিকিৎসালয়ে তেওঁক নিমন্ত্ৰণ কৰি কৰ্মশালা অনুষ্ঠিত কৰা কাৰ্যই প্ৰমাণ কৰিছে। আজি তেনে এগৰাকী শ্ৰেষ্ঠ চিকিৎসক অসম তথা উত্তৰ-পূৰ্বাঞ্চলে পোৱাটো অতি সৌভাগ্যৰ কথা৷
iUKDৰ দ্বিতীয় বৰ্ষপূৰ্তিত শ্ৰদ্ধাৰ গোবিন্দ চন্দ্ৰ ডেকাৰ শুভেচ্ছা

