ডাক্তৰৰ দিনলিপি : ৮

Jun 5, 2026 | The Doctor's Diary

এইবাৰৰ কথাটো অলপ বেলেগ। অলপ বিশেষ। অলপ বুকুৰ গভীৰলৈকে অনুভৱ কৰা।

কেইদিনমানৰ আগতে আমাৰ Institute of Urology & Kidney Diseases (iUKD)-লৈ এজন বিশেষ অতিথি আহিছে। তেওঁৰ নাম Dr. Mahmood Haddad। এজন অভিজ্ঞ Urologist। আহিছে সুদুৰ Germany-ৰ পৰা। এমাহৰ বাবে আহিছে আমাৰ ইয়ালৈ— Urological Laser আৰু Laparoscopic procedures-ৰ training ল’বলৈ।

Germany-ৰ পৰা। Europe-ৰ পৰা।

আমাৰ iUKD-লৈ। Sonapur-লৈ। অসমলৈ।

প্ৰথমবাৰ যেতিয়া তেওঁৰ email পালোঁ, মই দুই-তিনিবাৰ পঢ়িলোঁ। বিশ্বাস কৰিবলৈ মন নগ’ল। এজন European urologist— যি দেশত medicine আৰু surgery-ৰ infrastructure and skill আমাতকৈ বহুগুণ বেছি উন্নত— সেই দেশৰ এজন ডাক্তৰ আহিব আমাৰ ওচৰলৈ শিকিবলৈ? অসমলৈ? উত্তৰ-পূবলৈ?

মনত পৰিল সেই দিনবোৰৰ কথা, যেতিয়া মই নিজে শিকিবলৈ গৈছিলোঁ দূৰলৈ— Milan, Italy-লৈ। Advanced Laparoscopy আৰু Laser-ৰ training ল’বলৈ। সেই সময়ত মনত এটাই সপোন আছিল— এদিন এই বিদ্যাখিনি আমাৰ অসমতে, আমাৰ উত্তৰ-পূবতে, আমাৰ ৰোগীসকলৰ দুৱাৰডলিত লৈ আহিম। সেই সপোনটো লাহে লাহে সত্য হৈছে। কিন্তু আজি এটা নতুন মাত্ৰা যোগ হ’ল— এতিয়া Europe-ৰ ডাক্তৰে আমাৰ ওচৰলৈ আহিছে।

ভাবি চালে লাগে— এইটো সামান্য কথা নহয়।

Dr. Haddad ভদ্ৰ মানুহ। বৰ মিলনসাৰ স্বভাৱৰ। প্ৰথম দিনাই যেতিয়া তেওঁ আমাৰ OT-ত সোমাল, চকুত এক উজ্জ্বল কৌতূহল। সকলো চাইছে, বুজিবলৈ চেষ্টা কৰিছে। Thulium Fibre Laser দেখি তেওঁৰ মুখত এটা সৰু হাঁহি— “This is impressive,” ক’লে। মই ভিতৰে ভিতৰে গৌৰৱ অনুভৱ কৰিলোঁ। এই laser আমি উত্তৰ-পূবলৈ প্ৰথম আনিছিলোঁ। আজি এজন German ডাক্তৰে সেইটোকে impressive বুলি কৈছে— এইটো সৰু কথা নহয়। মনটো ভাল লাগি গ’ল।

প্ৰথম কেইদিনত আমি তেওঁক Laser Lithotripsy দেখুৱালোঁ— কিডনীৰ পাথৰৰ চিকিৎসা। তাৰ পাছত RIRS (Retrograde Intrarenal Surgery)। তাৰ পাছত Laparoscopic procedures। আৰু আমাৰ specialty— Thuflep, মানে Thulium fibre Laser Enucleation of the Prostate। Prostate-ৰ সমস্যাত ভোগা ৰোগীসকলৰ বাবে এক আশীৰ্বাদস্বৰূপ procedure এইটো— কোনো বৃহৎ অপাৰেচন নহয়, শৰীৰত কোনো কটাকটি, চিলাই নপৰে, ৰক্ত ক্ষয় কম, আৰোগ্য সোনকালে। ৰোগী এদিনতে খোজকাঢ়ি ঘৰলৈ যাব পাৰে।

Dr. Haddad মনোযোগেৰে প্ৰতিটো পদক্ষেপ চায়। প্ৰশ্ন কৰে। টোকা লয়। কেতিয়াবা মই তেওঁক চাওঁ আৰু মনত হয়— এই মানুহজন সঁচাকৈয়ে শিকিবলৈ আহিছে, কেৱল নামলৈ নহয়। ইয়াতেই এজন প্ৰকৃত চিকিৎসকৰ চিন।

এদিন অপাৰেচনৰ মাজতে তেওঁ ক’লে— “Dr. Nath, in Germany we do this differently. But your technique has certain advantages I had not considered.”

সেই মুহূৰ্তত মই থমকি ৰ’লোঁ।

Germany-ত বেলেগকৈ কৰে। কিন্তু আমাৰ পদ্ধতিত এক বিশেষ সুবিধা আছে যিটো তেওঁৰ মনলৈ অহা নাছিল।

আমাৰ।
অসমৰ।
iUKD-ৰ নিজৰ পদ্ধতি।

বন্ধুসকল, চিকিৎসা কেৱল বৃহৎ চহৰতে নহয়, কেৱল মেট্ৰ’তে নহয়, কেৱল বিদেশতে নহয়— উৎকৃষ্টতাৰ কোনো ভৌগোলিক সীমা নাই। এই কথা বিশ্বাস কৰিছিলোঁ বাবেই এদিন Italy-ৰ পৰা শিকি আহি Sonapur-ত iUKD গঢ়িছিলোঁ। আজি সেই বিশ্বাসৰ প্ৰতিফলন দেখিছোঁ— ইউৰোপৰ পৰা এজন ডাক্তৰ আহিছে আমাৰ ওচৰলৈ।

এইটো কেৱল মোৰ ব্যক্তিগত গৌৰৱ নহয়। এইটো সমগ্ৰ অসমৰ গৌৰৱ। সমগ্ৰ উত্তৰ-পূবৰ গৌৰৱ। দেশৰ গৌৰৱ৷

Dr. Haddad-ৰ training এমাহৰ বাবে। প্ৰতিটো দিন আমাৰ দুয়োৰে বাবেই শিক্ষাৰ দিন— তেওঁ আমাৰ পৰা শিকিছে, আমিও তেওঁৰ পৰা শিকিছোঁ। কাৰণ প্ৰকৃত চিকিৎসকে কেতিয়াও শিকা বন্ধ নকৰে।

এই মাহটো শেষ হ’লে Dr. Haddad ঘূৰি যাব Germany-লৈ। কিন্তু তেওঁ লৈ যাব আমাৰ iUKD-ৰ কিছু অভিজ্ঞতা, অসমৰ মানুহৰ অতিথিপৰায়ণতা, আৰু এই কথাটো— যে উৎকৃষ্টতা পৃথিৱীৰ যিকোনো কোণতে গঢ় ল’ব পাৰে।

আৰু আমি? আমি লৈ থাকিম এই অনুভৱটো— যে আমি সঠিক পথতে আছোঁ।

ইশ্বৰৰ কৃপাত এই যাত্ৰা অব্যাহত থাকক। অসমৰ চিকিৎসা জগতৰ নাম এদিন বিশ্বৰ মানচিত্ৰত উজ্জ্বলকৈ ফুটি উঠক— এয়াই মোৰ সপোন, এয়াই মোৰ প্ৰতিশ্ৰুতি।